Cyclone Montha: তীব্ৰগতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ মন্থা! IMDৰ সতৰ্কবাণী, ক’ত কিমান প্ৰভাৱ পৰিব?
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি বিশাখাপট্টনমৰ পৰা ৬৫০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে ঘূৰ্ণীবতাহ মন্থাই। এই ঘূৰ্ণীবতাহ অহা ২৪ৰ পৰা ৩৬ ঘণ্টাত উপকূলৰ ওচৰ চাপিব। লগে লগে ঘূৰ্ণীবতাহৰ শক্তিও বৃদ্ধি পাব।

ঘূৰ্ণীবতাহ মন্থা
ওচৰ চাপি আহিছে ‘মন্থা’ । কৃষকৰ পৰা আৰম্ভ কৰি মাছমৰীয়ালৈকে চিন্তিত হৈ পৰিছে সকলো। এই ঘূৰ্ণীবতাহে ক’ত প্ৰৱেশ কৰিব তাক লৈও সাধাৰণ মানুহৰ মনত উৎকণ্ঠা আৰু ভয়ে বিৰাজ কৰিছে। বতৰ বিজ্ঞান বিভাগে জনাইছে যে ,বংগোপসাগৰত ‘মন্থা’ অতি তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে। এই ঘূৰ্ণীবতাহে কাইলৈ অৰ্থাৎ মঙলবাৰে স্থলপথত প্ৰৱেশ কৰিব। অন্ধ্ৰ প্ৰদেশৰ কাকিনদাৰ স্থলপথত প্ৰৱেশ কৰিব ‘মন্থা’ ।
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি বিশাখাপট্টনমৰ পৰা ৬৫০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছে ঘূৰ্ণীবতাহ মন্থাই। এই ঘূৰ্ণীবতাহ অহা ২৪ৰ পৰা ৩৬ ঘণ্টাত উপকূলৰ ওচৰ চাপিব। লগে লগে ঘূৰ্ণীবতাহৰ শক্তিও বৃদ্ধি পাব। মঙলবাৰে বিয়লি বা নিশা অন্ধ্ৰ প্ৰদেশৰ কংকিনাৰা উপকূলৰ মাজেৰে তীব্ৰ ঘূৰ্ণীবতাহ হিচাপে ভূমিত প্ৰৱেশ কৰিব। স্থলপথত প্ৰৱেশৰ সময়ত ঘণ্টাত ১১০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ ধুমুহা বলিব পাৰে। এই ঘূৰ্ণীবতাহ ওড়িশা-চত্তীশগড় অভিমুখে গতি কৰিব। পশ্চিম বংগতো পৰিব ইয়াৰ ইয়াৰ প্ৰভাৱ।
বতৰ বিভাগে জনোৱা মতে, দক্ষিণ-পূব বংগ উপসাগৰৰ ওপৰত ২৬ অক্টোবৰত তীব্ৰতৰ হৈ “ঘূৰ্ণীবতাহ”লৈ পৰিণত হয়। ২৮ অক্টোবৰৰ ভিতৰত ই আৰু অধিক “তীব্ৰ ঘূৰ্ণীবতাহ”লৈ পৰিণত হ’ব। ওড়িশাৰ মালকানগিৰিৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অন্ধ্ৰ প্ৰদেশৰ কাকিনদাৰ সমীপত ঘূৰ্ণীবতাহটোৱে স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।
ক্ষতিৰ আশংকা
ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে, আগতীয়া দুৰ্যোগৰ প্ৰভাৱ ১৫খন জিলাত পৰিব, ইয়াৰে আঠখন জিলাত অতি প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহৰ সম্ভাৱনা আছে। অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত প্ৰচণ্ড বৰষুণ আৰু ঘূৰ্ণীবতাহৰ মাহৰ সম্ভাৱ্য প্ৰভাৱৰ বাবে সাজু কৰা হৈছে। এই ৰাজ্যত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে IMD-এ।
IMDৰ পূৰ্বাভাস অনুসৰি, প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে:
ৰায়ালাসীমা, তামিলনাডু, কেৰালা আৰু মাহে: ২৭–২৮ অক্টোবৰ
উপকূলীয় কৰ্ণাটক: ২৬–২৮ অক্টোবৰ
উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু য়ানাম: ২৬–৩০ অক্টোবৰ
তেলেংগানা আৰু ওড়িশা: ২৭–৩০ অক্টোবৰ
ছত্তীশগড়: ২৭–৩০ অক্টোবৰ
ওড়িশা: সুৰেশ পূজাৰীয়ে কয় যে, ওড়িশাৰ মালকংগিৰি, কোৰাপুট, নবাৰংপুৰ, ৰায়গাদা, গজাপতি, গঞ্জাম, কান্ধমাল আৰু কালাহাণ্ডী জিলাৰ বাবে অত্যন্ত প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহ (ঘণ্টাত ৮০ কিলোমিটাৰ পৰ্যন্ত ধুমুহা)ৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
পশ্চিম বংগ: ইয়াৰ উপৰিও ২৮-৩১ অক্টোবৰলৈ পশ্চিম বংগৰ একাংশ জিলাতো এই ঘূৰ্ণীবতাহৰ ফলত ধাৰাসাৰ বৰষুণ পৰিব। আই এম ডিয়ে মাছমৰীয়াসকলক ২৮-৩০ অক্টোবৰৰ পৰা পশ্চিম বংগৰ উপকূলৰ কাষেৰে আৰু ইয়াৰ ওচৰত সাগৰত নামিবলৈ পৰামৰ্শ দিছে। লগতে পানীত থকা সকলোকে ২৭ অক্টোবৰৰ ভিতৰত ঘূৰি আহিবলৈ কয়।
ইফালে পৰিস্থিতিৰ জৰুৰীতাক লক্ষ্য ৰাখি চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে ওড়িশাৰ ৯খন জিলাৰ প্ৰশাসনে। ৩০ অক্টোবৰলৈকে বন্ধ থাকিব সকলো অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়। ঘূৰ্ণীবতাহৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰে সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছে।