তীব্ৰবেগত আহি আছে ঘূৰ্ণীবতাহ ‘দিটবাহ’! আগন্তুক ২৪ ঘন্টাত ধাৰণ কৰিব ভয়ংকৰ ৰূপ, জাৰি ৰেড এলাৰ্ট…

Cyclone Ditwah: তীব্ৰবেগেৰ আহি আছে ঘূৰ্ণীবতাহ দিটবাহ। শ্ৰীলংকাত ধ্বংসলীলা চলোৱাৰ পাছতে এতিয়া এই ঘূৰ্ণীবতাহ ভাৰতত প্ৰৱেশ কৰিছে। ইতিমধ্যে কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

তীব্ৰবেগত আহি আছে ঘূৰ্ণীবতাহ দিটবাহ! আগন্তুক ২৪ ঘন্টাত ধাৰণ কৰিব ভয়ংকৰ ৰূপ, জাৰি ৰেড এলাৰ্ট...

দিটৱাহ

Published: 

30 Nov 2025 | 06:30 PM

শ্ৰীলংকাত ঘূৰ্ণীবতাহ দিটবাহে ধ্বংসলীলাৰ সৃষ্টি কৰাৰ পাছতে এতিয়া ভাৰতত প্ৰৱেশ কৰিছে। এই ঘূৰ্ণীবতাহৰ ফলত তামিলনাডুৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। এতিয়ালৈকে মৃত্যু হৈছে ৩ জনৰ। ইয়াৰ মাজতে দেওবাৰে বতৰ বিজ্ঞান বিভাগে উত্তৰ তামিলনাডু, পডুচেৰী, অন্ধ্ৰপ্ৰদেশ আদিকে ধৰি বিভিন্ন ঠাইত ৰেড এলাৰ্ট জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ঘূৰ্ণীবতাহ দিটবাহ (Cyclone Ditwah) বংগ উপসাগৰৰ দক্ষিণ-পশ্চিম আৰু উত্তৰ তামিলনাডু-পডুচেৰীৰ উপকূলত আছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, যোৱা ৬ ঘন্টাত ৭ কিলোমিটাৰ প্ৰতিঘন্টাত এই ঘূৰ্ণীবতাহ উত্তৰৰ দিশে আগবাঢ়ি আহি দেওবাৰে পুৱা বংগ উপসাগৰৰ দক্ষিণ-পশ্চিমতে থাকে। ইফালে উত্তৰ তামিলনাডু-পডুটেৰিৰ উপকূলত ঘূৰ্ণীবতাহৰ কেন্দ্ৰ ন্যূনতম দূৰত্ব প্ৰায় ৮০ কিলোমিটাৰ।

আই এম ডিৰ মতে, অহা ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ তামিলনাডু-পুডুচেৰী উপকূলৰ কাষেৰে উত্তৰ দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত উপকূলীয় অঞ্চলসমূহৰ যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এক কথাত আগন্তুক সময়ত এই ঘূৰ্ণীবতাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে।  এনে অৱস্থাত তামিলনাডুৰ কেইবাখনো জিলাত ধাৰাসাৰ বতাহ-বৰষুণ অহাৰ সম্ভাৱনা আছে।

ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কুড্ডালোৰ, নগাপট্টিনাম, মায়লাদুথুৰাই, ভিল্লুপুৰম, চেংগালপট্টু, পুডুক্কোটাই, থাঞ্জাভুৰ, তিৰুভাৰুৰ, আৰিয়ালুৰ, পেৰামবালুৰ, তিৰুচিৰাপল্লী, চেন্নাই, কাঞ্চিপুৰম, তিৰুভাল্লুৰ আদিৰ লগতে বিভিন্ন জিলাত এই এলাৰ্ট জাৰি কৰা হৈছে।

তামিলনাডুৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কে.কে.এছ.এছ.আৰ. ৰামচন্দ্ৰনে উল্লেখ কৰে যে ৰাজ্য প্ৰশাসনে SDRF, NDRF  কে ধৰি ২৮ টা সাহাৰ্য আৰু উদ্ধাৰকাৰী দল মোতায়েন কৰিছে। আন ৰাজ্যৰ পৰাও আন ১০ টা দল আহি পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঘূৰ্ণীবতাহৰ ফলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়ালৈকে ৩ জনৰ মৃত্যু হৈছে। সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

 

অন্য খবৰ পঢ়কঃ অসম আৰক্ষীৰ সফলতাৰ পৰা ৰাহুল-ছোনিয়াৰ বিৰুদ্ধে এজাহাৰলৈ, দিনটোৰ খবৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...