শান্তিৰে ফোন কৰক, অমিতাভ বচ্চনে আমনি নকৰে এতিয়াৰ পৰা!

যোৱা সময়ছোৱাত কাৰোবালৈ ফোন কৰোঁতে আপুনি এটা কলাৰ টিউন শুনা পাইছিল। অমিতাভ বচ্চনৰ কণ্ঠসমৃদ্ধ এই কলাৰ টিউনে বহুতকে আমনি দিছিল। কিন্তু এতিয়া আৰু আপুনি সেই কলাৰ টিউন শুনা নাপায়। জানি লওক সবিশেষ-

শান্তিৰে ফোন কৰক, অমিতাভ বচ্চনে আমনি নকৰে এতিয়াৰ পৰা!

প্ৰতীকী ছবি

Updated On: 

26 Jun 2025 13:58 PM

কাৰোবালৈ ফোন কৰিলেই আপোনাৰ কাণত বাজি উঠে, অমিতাভ বচ্চনৰ কণ্ঠত এটি বিশেষ কলাৰ টিউন। বলিউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠত চাইবাৰ ছিকিউৰিটি সজাগতা শীৰ্ষক এই কলাৰ টিউন যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনামত আছিল। বহুতেই এই কলাৰ টিউন বন্ধ কৰিবলৈ দাবী জনাইছিল। সাধাৰণ জনতাৰ অভিযোগৰ পিছত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই ক্ষেত্ৰত। এই ৪০ ছেকেণ্ডৰ বাৰ্তা প্ৰতিটো কলতে বাজে।

প্ৰথমে এই কলাৰ টিউন বাজে আৰু তাৰ পাছতহে ফোন কৰা নম্বৰটোৰ সৈতে কল সংযোগ হয়। জনসাধাৰণৰ অভিযোগ আৰু জৰুৰীকালীন পৰিস্থিতিত ফোন কলত পলম হোৱাৰ কথা মনত ৰাখি যোগাযোগ মন্ত্ৰালয়ে দিনটোত মাত্ৰ দুবাৰহে এই টিউন বজোৱাৰ সিদ্ধান্ত লৈছে।

এই কলাৰ টিউনৰ সন্দৰ্ভত মানুহে কৈছিল যে টিউনটো যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, শুনাটো বাধ্যতামূলক হৈ পৰিছে। ইয়াৰ সৈতে জড়িত অভিযোগ কেন্দ্ৰীয় দূৰসংযোগ মন্ত্ৰালয় আৰু TRAIৰ ওচৰলৈ যায়। ছ’চিয়েল মিডিয়াতো এই কলাৰ টিউন বন্ধ কৰাৰ দাবী উত্থাপন হৈছিল। অৱশ্যে এই বাৰ্তাৰ উদ্দেশ্য আছিল মানুহক সজাগ কৰা।

কলাৰ টিউনৰ পৰা সকাহ পাব জনসাধাৰণে

এই কলাৰ টিউন সন্দৰ্ভত ধাৰাবাহিকভাৱে অভিযোগ পোৱাৰ পিছতে মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কোৱা হৈছে যে চাইবাৰ সজাগতা কলাৰ টিউন আপোনাৰ আৰু আপোনাৰ ধনৰ সুৰক্ষাৰ বাবে। জৰুৰীকালীন নম্বৰত চাইবাৰ সজাগতা কলাৰ টিউন কৰা নহয়। এতিয়া সাধাৰণ কলতো দিনটোত দুবাৰহে এই কলাৰ টিউন বাজিব। মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে এতিয়া সাধাৰণ জনতাই প্ৰতিটো কলতে এই কলাৰ টিউন শুনিব নালাগিব।

অমিতাভ বচ্চনৰ উত্তৰ ভাইৰেল

দীৰ্ঘদিন ধৰি ছচিয়েল মিডিয়াত এই কলাৰ টিউন বন্ধ কৰিবলৈ দাবী উত্থাপন হৈছিল। অমিতাভ বচ্চনকো মানুহে এই দাবী কৰিছিল। এই কলাৰ টিউন সন্দৰ্ভত অমিতাভ বচ্চনকো ছ’চিয়েল মিডিয়াত একাংশ ব্যৱহাৰকাৰীয়ে ট্ৰ’ল কৰিছিল। শেহতীয়াকৈ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ফোনত কথা কোৱা বন্ধ কৰক ভাই”, ইয়াৰ উত্তৰত বিগ বিয়ে নিজৰ বুদ্ধিমত্তাৰে ক’লে, “চৰকাৰী ভাইক কওক, তেওঁলোকে আমাক যি কৰিবলৈ কয় সেয়া কৰিছোঁ।” বিগ বিৰ এই উত্তৰৰ পিছত তেওঁক লৈ বহু চৰ্চা হৈছিল।

এই চাইবাৰ সতৰ্কবাণী কি?

ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী টেলিকম কোম্পানীসমূহে প্ৰতিটো আউট গ’য়িং কলৰ পূৰ্বে এটা সতৰ্কবাণী দিছিল। ইয়াত ব্যৱহাৰকাৰীসকলক অবাঞ্চিত কল, সন্দেহজনক লিংক বা অজ্ঞাত অ’টিপি শ্বেয়াৰ নকৰিবলৈ সতৰ্ক কৰা হৈছিল। এই অডিঅ’টো প্ৰায় ৪০ ছেকেণ্ডৰ আৰু ইয়াত মানুহক নিৰাপদ পন্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উদ্দেশ্য হৈছে মানুহক ডিজিটেল জালিয়াতিৰ পৰা ৰক্ষা কৰা, কিন্তু প্ৰতিটো কলত বাৰে বাৰে এই টিউন বজাটো এটা ডাঙৰ সমস্যা হৈ পৰিছিল। অৱশেষত দিনটোত এটা নম্বৰত মাত্ৰ দুবাৰহে এই টিউন বজোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

দেশৰ সাধাৰণ লোকতকৈ পৃথক শ্বাহৰুখৰ পাছপ’ৰ্ট! কি ক্ষেত্ৰত পৃথক আৰু আঁৰৰ কাৰণ কি জানেনে?
হাতৰ তলুৱা সঘনাই ঘামে নেকি? এয়া কিহৰ লক্ষণ
খালী পেটত এই কেইবিধ খাদ্য ভুলতেও নাখাব, বিপদ অনিবাৰ্য!
খাহী ছাগলী আৰু পঠা ছাগলীৰ পাৰ্থক্য জানেনে? কোনবিধ ছাগলীৰ মাংস অধিক সুস্বাদু?