Toll Tax: কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত, আধালৈ হ্ৰাস কৰিব পথৰ খৰচ, ফলত ৰাহি হ’ব আপোনাৰ বহু ধন!
Road Tax: এই নতুন নিয়মে মূলতঃ দুখন চহৰ সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ, ৰিং ৰোড আৰু বাইপাছত যাত্ৰা কৰা বাহনৰ খৰচ আধালৈ হ্ৰাস কৰিব। ইতিমধ্যে পথ পৰিবহণ মন্ত্ৰালয়ে এই সিদ্ধান্তৰ সেউজ সংকেত দিছে।

কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত, আধালৈ হ্ৰাস কৰিব পথৰ খৰচ!
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে টোল প্লাজাৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে। FASTag ৰ বাবে বাৰ্ষিক পাছ আৰম্ভ কৰা হৈছে। ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। ইফালে টোল টেক্সৰ ক্ষেত্ৰত আন এক বৃহৎ পৰিৱৰ্তন আহিবলৈ গৈ আছে কেন্দ্ৰই। এই সিদ্ধান্তৰ লগে লগে টোল টেক্স আধালৈ হ্ৰাস পাব।
জানিব পৰা মতে, গোটেই ৰাষ্ট্ৰীয় ঘাইপথ বা বাইপাছত ফ্লাই অভাৰ, আণ্ডাৰপাছ বা সুৰংগ থাকে, তেনে পথৰ ক্ষেত্ৰত টোল টেক্সৰ বাবে নতুন নিয়ম অনা হৈছে। যদি ৰাষ্ট্ৰীয় ঘাইপথ বা বাইপাছৰ ৫০ শতাংশতকৈ বেছি দৈৰ্ঘ্যৰ উৰণ সেতু, আণ্ডাৰপাছ বা সুৰংগ থাকে, তেন্তে সেই পথৰ টোল টেক্স আধালৈ হ্ৰাস পাব।
বৰ্তমান এনে পথৰ টোল সাধাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলতকৈ ১০ গুণ বেছি। এইবাৰ আধালৈ হ্ৰাস হ’ব পাৰে। তথ্যনুসৰি, পথ পৰিবহণ মন্ত্ৰালয়ে ইতিমধ্যে এই সিদ্ধান্তৰ সেউজ সংকেত দিছে। কিছুদিনৰ ভিতৰত গাইডলাইন জাৰি কৰিব।
এই নতুন নিয়মে মূলতঃ চহৰৰ মাজৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ, ৰিং ৰোড আৰু বাইপাছেৰে যাত্ৰা কৰাসকলৰ বাহনৰ খৰচ আধালৈ হ্ৰাস পাব।
বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ টোল টেক্সৰ নিয়ম অনুসৰি যদি কোনো ৰাষ্ট্ৰীয় ঘাইপথ বা বাইপাছত ফ্লাই অভাৰ, আণ্ডাৰপাছ বা সুৰংগ থাকে, তেন্তে সাধাৰণ টোলতকৈ ১০গুণ বেছি টোল লোৱা হয়। আন্তঃগাঁথনিৰ খৰচ আদায়ৰ বাবে এই অতিৰিক্ত টোল লোৱা হয়। কিন্তু এতিয়া আধালৈ হ্ৰাস কৰিব।