নিশা ৯ বজাৰ পৰা ৯:৩০ বজালৈ চুইচ অফ কৰি ৰাখক ফোন! জনসাধাৰণলৈ কিয় আৰু কোনে জনালে এই আহ্বান

নিশা ৯ বজাৰ পৰা ৯:৩০ বজালৈ জনসাধাৰণক নিজৰ মোবাইল ফোন অফ কৰি ৰাখিবলৈ এক অনুৰোধ জনোৱা হৈছে। আধা ঘণ্টাৰ বাবে মোবাইল অফ কৰি ৰখাৰ এই আহ্বান পিছে স্বাস্থ্য সংক্ৰান্তীয় নহয়, আন এক কাৰণতহে জনসাধাৰণলৈ এই আহ্বান জনোৱা হৈছে। কোনে আৰু কি কাৰণত এই আহ্বান জনোৱা হৈছে, জানো আহক।

নিশা ৯ বজাৰ পৰা ৯:৩০ বজালৈ চুইচ অফ কৰি ৰাখক ফোন! জনসাধাৰণলৈ কিয় আৰু কোনে জনালে এই আহ্বান

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Jul 2025 11:50 AM

দেশৰ জনসাধাৰণলৈ এক বিশেষ আহ্বান। নিশা ৯ বজাৰ পৰা ৯:৩০ বজালৈ জনসাধাৰণক নিজৰ মোবাইল ফোন অফ কৰি ৰাখিবলৈ জনোৱা হৈছে অনুৰোধ। স্বাভাৱিকতেই নিশা শোৱাৰ পূৰ্বে মোবাইলৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে অপকাৰী। পিছে আধা ঘণ্টাৰ বাবে মোবাইল অফ কৰি ৰখাৰ এই আহ্বান স্বাস্থ্য সংক্ৰান্তীয় নহয়, আন এক কাৰণতহে জনসাধাৰণলৈ এই আহ্বান জনোৱা হৈছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), চমুকৈ চিপিআই(এম)- এ জনসাধাৰণলৈ এই আহ্বান জনাইছে। কোনো এক নিৰ্দিষ্ট দিনত নহয়, প্ৰতিদিনে এই কাম কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে চিপিআই (এম)- এ। পিছে হঠাৎ এই অনুৰোধ কিয়?

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)- এ যুদ্ধবিধ্বস্ত জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনৰ বাবে চিপিআই (এম) – এ এই অনুৰোধ জনাইছে। এই অভিযানৰ নাম দিয়া হৈছে ‘চাইলেঞ্চ ফৰ গাজা’, অৰ্থাৎ গাজাৰ বাবে মৌনতা। যুদ্ধবিধ্বস্ত পেলেষ্টাইনৰ জনসাধাৰণৰ কাষত থিয় দিয়াৰ বাবে সকলো লোককে প্ৰতিদিনে নিশা ৯ বজাৰ পৰা নিশা ৯:৩০ বজালৈ মোবাইল বন্ধ কৰিবলৈ অনুৰোধ জনাইছে দলটোৱে।

জনসাধাৰণক এই ডিজিটেল প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই চিপিআই(এম)- এ লগতে এই সময়ত সকলোকে সামাজিক মাধ্যমত কোনো পোষ্ট বা লাইক বা কমেণ্ট নকৰিবলৈও অনুৰোধ জনাইছে। ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ কৰি চিপিআই(এম)য়ে দাবী কৰিছে যে এই ডিজিটেল অভিযানে যুদ্ধ অপৰাধৰ বিৰুদ্ধে কণ্ঠস্বৰক নীৰৱ কৰিব নোৱাৰি বুলি বাৰ্তা প্ৰেৰণ কৰিব।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনৰ উদ্ধৃতি দি চিপিআই(এম)- এ দাবী কৰিছে যে গাজাত ইজৰাইলৰ নিৰ্মম অত্যাচাৰক কেইবাটাও বহুজাতিক নিগমে সমৰ্থন কৰিছে। এই সংগঠনসমূহৰ কু-স্বৰূপ উদঙাই দিবলৈ দাবী জনাইছে দলটোৱে। চিপিআই(এম)- এ দাবী কৰিছে যে এয়া এক সৰু পদক্ষেপ হ’লেও এক অত্যন্ত শক্তিশালী পদক্ষেপ হ’ব।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছ গোটে ইজৰাইলক আক্ৰমণ কৰাৰ পিছত ইজৰাইলে পেলেষ্টাইনৰ ওপৰত প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। ইজৰাইলৰ এই আক্ৰমণৰ মূল লক্ষ্য হৈ পৰিল গাজা চহৰ। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে প্ৰায় ডেৰ বছৰ ধৰি চলি থকা এই সংঘাতত এতিয়ালৈকে ৫৭ হাজাৰতকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ২০ লাখ লোক গৃহহীন হৈছে। যুদ্ধময় পৰিস্থিতিত চহৰখনত একপ্ৰকাৰে দুৰ্ভিক্ষই দেখা দিছে।

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...