বিজেপি নেতাক ট্ৰ’ল কৰি বিপদত ধ্ৰুৱ ৰাথী, চমন জাৰি আদালতৰ…

৭ জুলাইক এই ঘটনাৰ আৰম্ভণী হৈছিল। ধ্ৰুৱ ৰাথীয়ে নিজৰ ইউটিউব চেনেলত "মাই ৰিপ্লাই চু ইউটিউবাৰ্ছ (এলভিছ যাদৱ): শীৰ্ষক এটা ভিডিঅ' আপলোড কৰিছিল

বিজেপি নেতাক ট্ৰল কৰি বিপদত ধ্ৰুৱ ৰাথী, চমন জাৰি আদালতৰ...

ধ্ৰুৱ ৰাথী

Published: 

24 Jul 2024 | 04:23 PM

বিপদত ইউটিউবাৰ ধ্ৰুৱ ৰাথী। তেওঁৰ বিৰুদ্ধে  মানহানি গোচৰ উত্থাপন হোৱাৰ পাছতেই দিনক দিনে বিপদ বৃদ্ধি হৈছে। এই গোচৰ সন্দৰ্ভত ৰাথীক আদালতে চমন জাৰি কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুৰেশ নখুৱাই দাখিল কৰা গোচৰত কৈছে যে ইউটিউবাৰ ধ্ৰুৱ ৰাথীয়ে ভিডিঅ’ত তেওঁক হিংসাত্মক আৰু অপমানজনকভাৱে ট্ৰোল কৰিছে।

মানহানিৰ গোচৰত ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে ১৯ জুলাইত সাকেট আদালতৰ জিলা ন্যায়াধীশ গুঞ্জন গুপ্তাই চমন জাৰি কৰিছিল। বিজেপি নেতাৰ অন্তৱৰ্তীকালীন সকাহ বিচৰা আবেদন সন্দৰ্ভত ধ্ৰুৱ ৰাথীক জাননী জাৰি কৰি আদালতে কয় যে এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৬ আগষ্টত হ’ব। বিজেপি নেতা সুৰেশ কৰমশী নখুৱাই দাখিল কৰা এই গোচৰত আদালতে কয় যে ২০২৪ চনৰ ৬ আগষ্টৰ ভিতৰত গোচৰৰ চমন আৰু চি আৰ পি চিৰ নিয়ম ১ , ২ৰ অধীনত আবেদনৰ জাননী প্ৰদান কৰিব লাগিব।

৭ জুলাইক এই ঘটনাৰ আৰম্ভণী হৈছিল। ধ্ৰুৱ ৰাথীয়ে নিজৰ ইউটিউব চেনেলত “মাই ৰিপ্লাই চু ইউটিউবাৰ্ছ (এলভিছ যাদৱ): শীৰ্ষক এটা ভিডিঅ’ আপলোড কৰিছিল। এই  ভিডিঅ’ সন্দৰ্ভত মুম্বাই ইউনিটৰ মুখপাত্ৰ নখুৱাই অভিযোগ কৰে যে ধ্ৰুৱ ৰাথীয়ে তেওঁক “হিংসাত্মক আৰু গালি-গালাজ কৰা ট্ৰ’লৰ” অংশ বুলি অভিহিত কৰিছে। ইয়ে তেওঁৰ সন্মানত আঘাত দিছে। যাৰ বাবে তেওঁ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে।

নখুৱাই দাখিল কৰা আবেদনত কৈছে যে, প্ৰতিবাদী নম্বৰ ১ অৰ্থাৎ ধ্ৰুৱ ৰাথীয়ে অত্যাধিক উত্তেজিত আৰু উচতনিমূলক ভিডিঅ’ প্ৰস্তুত কৰিছ। যি ভিডিঅ’ ডিজিটেল প্লেটফৰ্মত জংঘলত জুই লগাৰ দৰে বিয়পি পৰিছে। এই ভিডিঅ’টোৰ অন্তৰালত ৰাথীৰ এক প্ৰৱঞ্চনামূলক উদ্দেশ্য আছিল।  তেওঁ কয় যে, ধ্ৰুৱ ৰাথীৰ ভিডিঅ’টোৰ বাবে নখুৱাই বহু অপমানৰ সন্মুখীন হ’বলগীয়া হৈছে। আবেদনকাৰীয়ে অভিযোগ উত্থাপন কৰি কৈছে যে ধ্ৰুৱ ৰাথীয়ে ইচ্চাকৃতভাৱে কু-অভিপ্ৰায়ে প্ৰস্তুত কৰা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ সততা আৰু সুনাম নষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?