স্বাধীনতাৰ পেৰেডেই হ’ল জীৱনৰ অন্তিম ক্ষণঃ পেৰেডৰ পিছতে হাৰ্ট এটেকত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে

স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ পিছতে শাৰীত থিয় হৈ থকাৰ সময়তে হঠাতে বুকুত বিষ অনুভৱ কৰে জোৱানজনে আৰু বাগৰি পৰে। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ কাটনিত।

স্বাধীনতাৰ পেৰেডেই হ’ল জীৱনৰ অন্তিম ক্ষণঃ পেৰেডৰ পিছতে হাৰ্ট এটেকত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে

পেৰেডত অংশগ্ৰহণৰ পিছতে মৃত্যু হয় জোৱানজনৰ

Published: 

15 Aug 2024 19:38 PM

আজি দেশে উদযাপন কৰিলে ৭৮তম স্বাধীনতা দিৱস। দেশৰ সৰ্বপ্ৰান্তৰ জনসাধাৰণে দেশৰ স্বাধীনতাৰ এই আকাংক্ষিত ক্ষণটি উদযাপন কৰে। স্বাধীনতাৰ এই দিনটোতেই শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে এগৰাকী জোৱানে। পৰম্পৰা অনুসৰি স্বাধীনতা দিৱসৰ পেৰেডত অংশ লোৱাৰ পিছতে মৃত্যু হৈছে জোৱানজনৰ। পেৰেডত অংশ লোৱাৰ পিছত থিয় হৈ থকা অৱস্থাতে আৰক্ষী জোৱানজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ কাটনিত।

প্ৰকাশিত খবৰ অনুসৰি আজি স্বাধীনতা দিৱস উপলক্ষে কাটনি পুলিচ লাইনত পেৰেড অনুষ্ঠিত হৈছিল। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী উদয় প্ৰতাপ সিং। তেনে সময়তে পেৰেডত অংশগ্ৰহণ কৰা এছ এ এফৰ জোৱানজনৰ স্বাস্থ্যৰ অৱনতি ঘটে। থিয় হৈ থকাৰ সময়তে জোৱানজনে হঠাতে বুকুত বিষ অনুভৱ কৰে আৰু কিছু সময় পিছতে অজ্ঞান হৈ বাগৰি পৰে।

সহযোগী আৰক্ষী জোৱানসকলে লগে লগে তেওঁক আৰক্ষী লাইনৰ বেৰেকলৈ লৈ যায়। বেৰেকতে জোৱানজনক চিপিআৰ দিয়া হৈছিল। ইফালে ঘটনাস্থলীত উপস্থিত থকা চিকিৎসকৰ দলটোৱেও তেওঁক চিপিআৰ প্ৰদান কৰে। কিন্তু তেওঁৰ স্বাস্থ্যৰ বিশেষ উন্নতি হোৱা নেদেখি তাৎক্ষণিকভাৱে এম্বুলেঞ্চৰ সহায়ত জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাই জিলাখনৰ আৰক্ষী বিভাগত আলোড়নৰ সৃষ্টি কৰিছে। হাৰ্ট এটেকৰ বাবেই জোৱানজনৰ এইদৰে আকস্মিকভাৱে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। নিহত জোৱানজনক মনোজ কুমাৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে।

এই শোকাৱহ ঘটনাৰ পিছতে মৃত আৰক্ষী জোৱানজনৰ পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰা হয়। জিলাখনৰ আৰক্ষী অধীক্ষকে মৃত জোৱানৰ পৰিয়ালৰ সদস্যসকলক নিয়ম অনুসৰি আৰ্থিক অনুদানৰ লগতে পৰিয়ালৰ কোনো সদস্যক বিভাগত নিযুক্তি দিয়া হ’ব বুলি জানিবলৈ দিয়ে।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey