আম্বেদকাৰক অপমান ! কংগ্ৰেছে উদযাপন কৰিব ‘আম্বেদকাৰ সন্মান সপ্তাহ’, ২৪ তাৰিখে দেশজোৰা প্ৰতিবাদ…

২৪ ডিচেম্বৰ (মঙলবাৰ)ত বি আৰ আম্বেদকাৰক লৈ অমিত শ্বাহে কৰা মন্তব্যৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছে কংগ্ৰেছে । ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে আম্বেদকাৰ সন্মান সপ্তাহ উদযাপনৰ কথা ঘোষণা কৰিছে ।

আম্বেদকাৰক অপমান ! কংগ্ৰেছে উদযাপন কৰিব আম্বেদকাৰ সন্মান সপ্তাহ, ২৪ তাৰিখে দেশজোৰা প্ৰতিবাদ...

কংগ্ৰেছৰ প্ৰতিবাদ

Updated On: 

21 Dec 2024 | 07:38 PM

বি আৰ আম্বেদকাৰক লৈ অমিত শ্বাহে কৰা মন্তব্যৰ বিৰুদ্ধে ২৪ ডিচেম্বৰ (মঙলবাৰ)ত কংগ্ৰেছে দেশজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে আম্বেদকাৰ সন্মান সপ্তাহ উদযাপনৰ কথা ঘোষণা কৰিছে । কংগ্ৰেছে কয় যে, ২২ আৰু ২৩ ডিচেম্বৰত অমিত শ্বাহৰ মন্তব্যৰ ওপৰত দলৰ সকলো সাংসদ আৰু কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্যই সংবাদমেলও অনুষ্ঠিত কৰিব। দেশৰ ১৫০টা স্থানত দলৰ সাংসদ আৰু নেতাসকলে সংবাদমেল অনুষ্ঠিত কৰিব আৰু ২৪ ডিচেম্বৰত সমগ্ৰ দেশতে কংগ্ৰেছৰ কৰ্মীসকলে প্ৰতিবাদী সমদল উলিয়াব।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি ভেনুগোপালে দলৰ সকলো নেতালৈ এখন জাননী জাৰি কৰিছে। এই জাননীত উল্লেখ কৰা হৈছে যে, দেশৰ প্ৰতিখন জিলাতে ‘বাবাছাহেব আম্বেদকাৰ সন্মান সমদল’ উলিওৱা হ’ব । কে চি ভেনুগোপালে কয় যে, আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই এই সমদল আৰম্ভ হ’ব । লগতে সংবাদমেলত সাংসদ আৰু চি ডব্লিউ চিৰ সদস্যসকলে সংবাদমেল সম্বোধন কৰিব।

তেওঁ কয় যে, ২৪ ডিচেম্বৰত বাবাছাহেব আম্বেদকাৰ সন্মান সমদল সমগ্ৰ দেশৰ কংগ্ৰেছ কৰ্মীয়ে উলিয়াই আনিব। তেওঁ কয় যে, কংগ্ৰেছ কৰ্মীসকলে অমিত শ্বাহৰ পদত্যাগৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ দাখিল কৰিব। কে চি ভেনুগোপালে কয় যে, কংগ্ৰেছ কৰ্মীসকলে বাবাছাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব ।

তেওঁ কয় যে, অহা ২৬-২৭ ডিচেম্বৰত মেগা ৰেলীৰ আয়োজন কৰা হ’ব আৰু এই কাৰ্যসূচীৰ জৰিয়তে ড০ আম্বেদকাৰ আৰু তেওঁৰ আদৰ্শৰ প্ৰতি দলৰ দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰিব। উল্লেখ্য যে, অমিত শ্বাহে কংগ্ৰেছক দলিত বিৰোধী আৰু আম্বেদকাৰ বিৰোধী বুলি অভিযোগ উত্থাপন কৰিছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...