কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত ? প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

ৰাজনৈতিক দল সমূহে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ ইস্তাহাৰ প্ৰকাশ কৰিছে । পিছপৰি থকা নাই কংগ্ৰেছো । এইবাৰ কংগ্ৰেছে নিজৰ ইস্তাহাৰৰ নাম ৰাখিছে ‘ন্যায় পত্ৰ’।

কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত ? প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

কংগ্ৰেছৰ ন্যায় পত্ৰ

Updated On: 

12 Apr 2024 16:38 PM

দেশৰ চুকে-কোণে এতিয়া নিৰ্বাচনী বতাহ । মাত্ৰ কেইটামান দিন বাকী আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে, ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ইয়াৰ আগতে সকলো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰতিশ্ৰুতি সমূহ ৰাইজৰ আগত দাঙি ধৰিছে । প্ৰশ্ন হয় এইবাৰ ভোটাৰ ৰাইজে ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতি অনুসৰিয়ে তেওঁলোকৰ নেতা নিৰ্বাচিত কৰিব নে ?

মন কৰিবলগীয়া যে, পূৰ্বৰ দৰে এইবাৰো ৰাজনৈতিক দল সমূহে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ ইস্তাহাৰ প্ৰকাশ কৰিছে । পিছপৰি থকা নাই কংগ্ৰেছো । এইবাৰ কংগ্ৰেছে নিজৰ ইস্তাহাৰৰ নাম ৰাখিছে ‘ন্যায় পত্ৰ’। এই ন্যায় পত্ৰৰ জৰিয়তে কংগ্ৰেছে বহু প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰিছে ।

এই ইস্তাহাৰখনত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ।

কি আছে কংগ্ৰেছৰ ন্যায় পত্ৰত ?

  • প্ৰতিজন শিক্ষিত যুৱকৰ ১ লাখ টকাৰ এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ ।
  • ৩০ লাখ চৰকাৰী চাকৰি, সকলো খালী পদ পূৰণ কৰা, ইয়াৰ বাহিৰেও কেন্দ্ৰীয় চৰকাৰৰ নতুন চাকৰিত ৫০% মহিলা সংৰক্ষণ ।
  • যুৱক-যুৱতীসকলৰ বাবে ৫০০০ কোটি টকাৰ নতুন ষ্টাৰ্টআপ ফাণ্ড ।
  • অগ্নিপাথ আঁচনি বিলুপ্ত, কলেজ কেম্পাছত বিনামূলীয়া আৰু সীমাহীন ইণ্টাৰনেট সেৱা ।
  • ব্যক্তিগত মহাবিদ্যালয়ত দলিত, জনজাতি, অবিচি ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে ৰোহিত ভেমুলা আইন ।
  • ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষা ঋণ ৰেহাই, ক্ৰীড়া বৃত্তি মাহে ১০ হাজাৰ টকা ।
  • বন্ধুত্ব, ফেশ্বন, খাদ্য, ছবি আৰু যুৱক-যুৱতীৰ মৌলিক অধিকাৰত কোনো হস্তক্ষেপ নকৰাকৈ স্বাধীনতা আৰু পছন্দৰ জীৱনৰ অতিবাহিত কৰা পৰিবেশ সৃষ্টি।
  • বিশুদ্ধ বায়ু, পৰিষ্কাৰ চহৰ আৰু সেউজ শক্তিৰ চাকৰিৰ বাবে নতুন নীতি প্ৰস্তুত কৰা ।
আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...