এমজিএনৰেগা ৰক্ষাৰ বাবে ৫ জানুৱাৰীৰ পৰা দেশজুৰি ‘মনৰেগা বচাও’ অভিযান আৰম্ভ কৰিব কংগ্ৰেছে

খাৰ্গেই কয়, "সভাত আমি শপত গ্ৰহণ কৰিছিলো। আমি মনৰেগা আঁচনিখনক কেন্দ্ৰবিন্দু কৰি সমগ্ৰ দেশতে এক বৃহৎ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰিব Save MNREGA Campaign।"

এমজিএনৰেগা ৰক্ষাৰ বাবে ৫ জানুৱাৰীৰ পৰা দেশজুৰি ‘মনৰেগা বচাও’ অভিযান আৰম্ভ কৰিব কংগ্ৰেছে

কংগ্ৰেছৰ CWC মিটিং

Published: 

27 Dec 2025 | 04:55 PM

কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ অন্তত শনিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অহা ৫ জানুৱাৰীৰ পৰা দেশজুৰি ‘মনৰেগা বচাও’ অভিযান আৰম্ভ কৰিব, ইয়াৰ দ্বাৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MNREGA)ক এক গণ আন্দোলনৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত কৰাৰ লক্ষ্য় দলটোৰ।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খাৰ্গেই কয় যে, এই বৈঠকৰ সময়ত দলৰ নেতাসকলে শপত গ্ৰহণ কৰি মনৰেগাক সুৰক্ষা দিয়াৰ লগতে আঁচনিখন দুৰ্বল কৰা বা পৰিৱৰ্তনৰ যিকোনো প্ৰচেষ্টাৰ বিৰোধিতা কৰে।

খাৰ্গেই কয়, “সভাত আমি শপত গ্ৰহণ কৰিছিলো। আমি মনৰেগা আঁচনিখনক কেন্দ্ৰবিন্দু কৰি সমগ্ৰ দেশতে এক বৃহৎ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰিব Save MNREGA Campaign।”

আঁচনিখনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় যে এমএনৰেগা কেৱল কল্যাণমূলক কাৰ্যসূচী নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ। তেওঁ লগতে কয়, “মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MNREGA)ক আমি যিকোনো মূল্যতে সুৰক্ষিত কৰিম। মনৰেগা কেৱল এখন আঁচনি নহয় বৰঞ্চ ভাৰতৰ সংবিধানে নিশ্চিত কৰা কামৰ অধিকাৰ। আমি গান্ধীজীৰ নাম এমএনৰেগাৰ পৰা আঁতৰোৱাৰ প্ৰতিটো ষড়যন্ত্ৰৰ গণতান্ত্ৰিকভাৱে বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতিও দিছো।”

ৰাষ্ট্ৰপতি সচিবালয়ৰ এক বিবৃতিত কোৱা হৈছে যে গ্ৰাম্য নিয়োগ নীতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে দেওবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰোজগাৰ আৰু অজীৱিকা মিছন (গ্ৰামীণ) (ভিবিজি ৰাম জী) বিধেয়ত, ২০২৫ত সন্মতি প্ৰদান কৰে। তাৰ ঠিক এদিন পাছতেই এই মন্তব্য কৰিছে কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে।

এই আইনখনে গ্ৰাম্য পৰিয়ালৰ বাবে বিধিগত মজুৰি নিয়োগৰ নিশ্চয়তা প্ৰতি বিত্তীয় বৰ্ষত ১২৫ দিনলৈ বৃদ্ধি কৰিছে। ই সৱলীকৰণ, সৰ্বাংগীন বৃদ্ধি, উন্নয়নমূলক পদক্ষেপৰ অভিসৰণ আৰু পৰিপূৰক ভিত্তিক প্ৰদানক আগুৱাই নিব বিচাৰে, যাৰ ফলত সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু স্বাৱলম্বী গ্ৰাম্য ভাৰতৰ ভেটি শক্তিশালী কৰা হয়।

ইয়াৰ পূৰ্বে সংসদে ভাৰতৰ গ্ৰাম্য নিয়োগ আৰু উন্নয়নৰ কাঠামোত নিৰ্ণায়ক সংস্কাৰ সাধন কৰি বিকশিত ভাৰত – ৰোজগাৰ আৰু অজীৱিকা মিছন (গ্ৰামীণ) বিধেয়ক, ২০২৫ গৃহীত কৰে। এই আইনখনে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এমজিএনৰেগা), ২০০৫ৰ ঠাইত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰা আধুনিক বিধিগত কাঠামোৰ ব্যৱস্থা কৰিছে আৰু বিকশিত ভাৰত ২০৪৭ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে মিল আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব