আৰৱাল্লীত আৰু খনন নহয়, বিতৰ্কৰ মাজতে কেন্দ্ৰৰ ডাঙৰ ঘোষণা

Aravalli Controversy: পৰ্বতৰ ‘নতুন সংজ্ঞা’ই অস্তিত্ব বিপদত পেলাইছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ। যি পাহাৰে ইমান বছৰে দিল্লী-এনচিআৰক থৰ মৰুভূমিৰ গ্ৰাসৰ পৰা ৰক্ষা কৰি পানীৰ যোগান ধৰিছে, সেই পাহাৰতে অবৈধ খননৰ ভাবুকিৰ সন্মুখীন হৈছে।

আৰৱাল্লীত আৰু খনন নহয়, বিতৰ্কৰ মাজতে কেন্দ্ৰৰ ডাঙৰ ঘোষণা
Published: 

25 Dec 2025 16:01 PM

বিতৰ্ক আৰু আন্দোলনৰ অন্তত অৱশেষত আৰাৱল্লী পৰ্বত সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ আৰাভাল্লী ৰেঞ্জত কোনো ধৰণৰ নতুন খনন বা খনন পট্টা দিয়া নহ’ব। এই আদেশ সেই সকলো ৰাজ্যকে দিয়া হৈছে য’ত আৰাৱল্লী পৰ্বতমালা আছে।

পৰ্বতৰ ‘নতুন সংজ্ঞা’ই ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ অস্তিত্ব বিপদত পেলাইছে। দিল্লী-এনচিআৰক থাৰ মৰুভূমিয়ে গ্ৰাস কৰাৰ পৰা ৰক্ষা কৰি পানীৰ যোগান ধৰা পাহাৰে কেন্দ্ৰৰ এই নতুন সংজ্ঞাত অবৈধ খননৰ ভাবুকিৰ সন্মুখীন হৈছে। ইয়াকে লৈ বিতৰ্ক আৰু প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগে বুধবাৰে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয়, যে এই পাহাৰীয়া অঞ্চলটোত সমগ্ৰ আৰাৱল্লী ৰেঞ্জ অৰ্থাৎ দিল্লীৰ পৰা গুজৰাটলৈকে কোনো নতুন খনন পট্টা দিয়া নহ’ব।

ইণ্ডিয়ান কাউঞ্চিল অৱ ফৰেষ্ট্ৰী ৰিচাৰ্জ এণ্ড এডুকেশনেও আৰৱল্লী পৰ্বতমালাৰ সেই অঞ্চল আৰু প্ৰদেশসমূহ চিনাক্ত কৰিবলৈও নিৰ্দেশনা দিয়ছে, য’ত খনন সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগে।

প্ৰসংগক্ৰমে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে পাহাৰৰ নতুন পৰিভাষা, য’ত এখন পাহাৰক সমভূমিৰ পৰা ১০০ মিটাৰ ওপৰত বুলি গণ্য কৰা হয়, সেইটোৱে সকলো বিতৰ্কৰ সৃষ্টি কৰিছে। ২০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে আৰৱাল্লীক ‘সেউজ বেল্ট’ হিচাপে গুৰুত্ব স্বীকাৰ কৰিও এই সমগ্ৰ ৰেঞ্জত খনন নিষিদ্ধ কৰাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা নাছিল। উচ্চতম ন্যায়ালয়ে যুক্তি দিছিল যে যদি সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হয় তেন্তে অবৈধ খনন কাৰ্যকলাপ বৃদ্ধি পাব। তাৰ পৰাই বৈজ্ঞানিক নীতিৰ আধাৰত পৰিকল্পিত খননৰ বাবে ঝাৰখণ্ডৰ সাৰন্দাৰ দৰে পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।

কিন্তু উচ্চতম ন্যায়ালয়ে পাহাৰৰ নতুন পৰিভাষা গ্ৰহণ কৰাটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে, কিয়নো আৰাভাল্লী ৰেঞ্জৰ ৯০ শতাংশ পাহাৰৰ উচ্চতা ১০০ মিটাৰৰ তলত।

গাখীৰৰ সৈতে মিহলাই লওক এই ৫ বিধ খাদ্য, লাভ কৰিব অপৰিসীম সুফল
বাৰে বাৰে মুখত ঘাঁ হয় নেকি? কাৰণ, প্ৰতিকাৰৰ উপায় জানক...
শীতকালত এই খাদ্যই বৃদ্ধি কৰে উচ্চ ৰক্তচাপৰ সমস্যা, জানক...
এই ৫টা অভ্যাসে আপোনাক কৰি তুলিব পাৰে পাইলছৰ ৰোগী, জানক...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী