চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

পেমা খাণ্ডুৱে এই বান্ধটোক ‘জল বোমা’ৰ সৈতে তুলনা কৰিছে। এই বান্ধ নিৰ্মাণৰ ফলত ছিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ নিয়ন্ত্ৰণ বহুলাংশে চীনৰ হাতলৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে।

চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ...শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

প্ৰতীকী ফটো

Published: 

12 Jul 2025 | 02:00 PM

অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত ! বেইজিঙে নিৰ্মাণ কৰিছে বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ মেডগ নদী বান্ধ। এই বান্ধ নিৰ্মাণৰ বাবে বেইজিঙে ব্যয় কৰিব ১৩৭ বিলিয়ন ডলাৰ। এই বান্ধটো তিব্বতৰ য়াৰলুং চাংপোৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ৬০ হাজাৰ মেগাৱাটৰ এই জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ গোপনে ৰাখিছে চীনে। চীনৰ এই সৰ্ববৃহৎ নদী বান্ধটোৱে ভাৰতৰ নিৰাপত্তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। একে সময়তে এই নদী বান্ধটোত লৈ শংকা প্ৰকাশ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

পেমা খাণ্ডুৱে এই বান্ধটোক ‘জল বোমা’ৰ সৈতে তুলনা কৰিছে। চাংপো নদী ভাৰতৰ হৈ বাংলাদেশলৈকে বৈ গৈছে। এই নদীখনক অৰুণাচলত ছিয়াং আৰু অসমত ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত। গতিকে এই বান্ধ নিৰ্মাণৰ ফলত ছিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ নিয়ন্ত্ৰণ বহুলাংশে চীনৰ হাতলৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে।

তেওঁ দাবী কৰিছে যে, যদি বেইজিঙে বান্ধৰ পানী খুলি দিয়ে তেন্তে অতিৰিক্ত পানীৰ প্ৰবাহে ভাৰতত ভয়াবহ বান সৃষ্টি কৰিব। একে সময়তে বিশেষজ্ঞসকলে আশংকা কৰিছে যে, বান্ধটোৱে পানী ধৰি ৰাখিলে উত্তৰ-পূব ভাৰতত পানীৰ সংকটৰ সৃষ্টি হ’ব পাৰে।

উল্লেখ্য যে, ভাৰতৰ এই আশংকাৰ এটা কাৰণ হ’ল- চীনে এই বান্ধ নিৰ্মাণৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় জল সন্ধি স্বাক্ষৰ কৰিবলৈ অনিচ্ছুক। তদুপৰি বৃহৎ বান্ধ নিৰ্মাণৰ কাম চীনে যিদৰে লুকুৱাবলৈ চেষ্টা কৰিছে সেয়াও প্ৰতিৰক্ষা বিশেষজ্ঞসকলক চিন্তিত কৰি তুলিছে। এই বান্ধৰ পৰিৱেশ আৰু ভূ-ৰাজনৈতিক প্ৰভাৱৰ প্ৰতিও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

পহলগামত সংঘটিত আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল সন্ধি ‘বাতিল’ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণ কৰিছিল। পাকিস্তানেও সকীয়াই দিছিল যে, ভাৰতেও ভৱিষ্যতে একে পৰিণাম ভুগিব। এই মেডগ বান্ধৰ বিষয়ে পাকিস্তানে ভাৰতক সকীয়াই দিছে নেকি তাক লৈয়ো চলিছে চৰ্চা। শেহতীয়াকৈ পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পেমা খাণ্ডুৱেও কয় যে, চীনৰ এই জলবিদ্যুৎ প্ৰকল্পটো চীনৰ সেনাতকৈ কম বিপদজনক নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...