অৱসৰৰ পূৰ্বেই নিজৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ সূৰ্যকান্তৰ নাম প্ৰস্তাৱ দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

Chief Justice of India: বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কেন্দ্ৰীয় আইন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি ন্যায়াধীশ সূৰ্যকান্তক তেওঁৰ উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ দিছে। ২৩ নৱেম্বৰত শেষ হ’ব গাভাইৰ কাৰ্যকাল। বিদায়ী মুখ্য ন্যায়াধীশগৰাকীয়ে অৱসৰৰ পূৰ্বে উত্তৰাধিকাৰীৰ পৰামৰ্শ দিয়াটো ভাৰতীয় ন্যায়িক পৰম্পৰাৰ অংশ।

অৱসৰৰ পূৰ্বেই নিজৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ সূৰ্যকান্তৰ নাম প্ৰস্তাৱ দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব সূৰ্যকান্ত

Published: 

27 Oct 2025 12:18 PM

উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়লৈ পত্ৰ লিখি ন্যায়াধীশ সূৰ্যকান্তক তেওঁৰ উত্তৰাধিকাৰী হিচাপে মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে। বৰ্তমানৰ CJI ভূষণ গাভাইয়ে শীঘ্ৰেই অৱসৰ ল’ব। ইতিমধ্যে তেওঁ নিজৰ উত্তৰাধিকাৰী ঘোষণা কৰিছে। অহা ২৩ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে গাভাইৰ কাৰ্যকাল শেষ হ’ব। বি আৰ গাভাইৰ উত্তৰাধিকাৰী ন্যায়াধীশ সূৰ্যকান্ত হ’ব বুলি ধাৰণা কৰা হৈছে।

CJIৰ সন্দৰ্ভত এটা পৰম্পৰা আছে যে তেওঁৰ অৱসৰৰ প্ৰায় এমাহ পূৰ্বে আইন মন্ত্ৰণালয়ে CJIৰ পৰা তেওঁৰ উত্তৰাধিকাৰীৰ বাবে পৰামৰ্শ বিচাৰে। তাৰ পিছত CJIয়ে তেওঁৰ উত্তৰাধিকাৰীৰ বাবে নাম প্ৰস্তাৱ কৰে। এই সময়ত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ কোন হ’ব সেই সিদ্ধান্ত কাৰ্যতঃ চূড়ান্ত হৈছে।

ন্যায়াধীশ সূৰ্যকান্ত বৰ্তমান উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ। যদি তেওঁ CJI হয় তেন্তে তেওঁ হ’ব ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২৪ নৱেম্বৰত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্যকান্তে। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে তেওঁ এই পদত অধিষ্ঠিত হৈ থাকিব।

ন্যায়াধীশ সূৰ্যকান্ত কোন?

১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ হিছাৰত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তে। বৰ্তমান তেওঁ CJI গাভাইৰ পিছত উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ। ১৯৮১ চনত হিছাৰৰ চৰকাৰী স্নাতকোত্তৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ শিক্ষা সম্পূৰ্ণ কৰে। সেই বছৰতে হিছাৰ জিলা আদালতত আইনী অনুশীলন কৰিবলৈ আৰম্ভ কৰে। মাত্ৰ এবছৰৰ পিছত তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ গুচি যায়।

তেওঁ হৈছে দেশৰ সৰ্বকনিষ্ঠ মহাধিবক্তা। ২০০০ চনৰ ৭ জুলাইত তেওঁ হাৰিয়ানাৰ মহাধিবক্তা হিচাপে নিযুক্তি লাভ কৰি এই পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়। ২০০৪ চনত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা ন্যায়াধীশ সূৰ্যকান্তক ২০১৮ চনৰ ৫ অক্টোবৰত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। প্ৰায় এবছৰ ধৰি তাত কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১৯ চনৰ ২৪ মে’ত তেওঁ উচ্চতম ন্যায়ালয়লৈ আহে।

অতি বিশ্বাসী এই ৫ ৰাশিৰ লোকে! কেতিয়াও নকৰে বিশ্বাসঘাটকতা...
ঘৰত এইসমূহ চৰাইৰ প্ৰৱেশ অত্যন্ত শুভ! জানক সকলো...
দিনটোত ঘনে ঘনে লাল চাহ বা ৰঙা চাহ খাই নেকি ? ইয়াৰ ফলত স্বাস্থ্যত কি প্ৰভাৱ পৰে?জানক
চিকিৎসালয়ৰ ICUত শ্ৰেয়স আয়াৰ! শংকিত অনুৰাগী, আছে নেকি চিন্তাৰ কাৰণ?