হিতাধিকাৰীৰ নাম ছানী লিয়নী, স্বামীৰ নাম জনী চিন্স ! চৰকাৰী আঁচনিৰ অধীনত প্ৰৱঞ্চকে আদায় কৰে মাহে ১০০০ টকা…

হিতাধিকাৰীৰ নাম ছানী লিয়নী আৰু স্বামীৰ নাম জনী চিন্স । ছানী লিয়নীৰ নামত একাউণ্ট খুলি প্ৰৱঞ্চকে প্ৰতিমাহে আদায় কৰি আহিছে ১০০০ টকাকৈ চৰকাৰী আঁচনিৰ ধন । এই ঘটনাই এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে ।

হিতাধিকাৰীৰ নাম ছানী লিয়নী, স্বামীৰ নাম জনী চিন্স ! চৰকাৰী আঁচনিৰ অধীনত প্ৰৱঞ্চকে আদায় কৰে মাহে ১০০০ টকা...

অভিনেত্ৰী ছানী লিয়নী

Updated On: 

23 Dec 2024 | 02:36 PM

এতিয়া অভিনেত্ৰী ছানী নিয়নীয়েও লাভ কৰে চৰকাৰী আঁচনিৰ সুবিধা ! ছানী লিয়নীৰ নামত থকা অনলাইন একাউণ্টত প্ৰতিমাহে জমা হয় চৰকাৰী আঁচনি অধীনত ১০০০ টকা । আপুনি ভৱা ধৰণে কথাবোৰ তেনেকুৱা নহয় । প্ৰকাশিত খবৰ অনুসৰি, ছত্তীশগড়ৰ এজন কথিত প্ৰৱঞ্চকে অভিনেত্ৰী ছানী লিয়নীৰ নামত অনলাইন একাউণ্ট খুলি চৰকাৰী আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰে ১০০০ টকা ।

ছত্তীশগড় চৰকাৰৰ মহাতৰী বন্দন যোজনাৰ অধীনত ৰাজ্যখনৰ বিবাহিতা মহিলাসকলক মাহেকীয়াকৈ প্ৰদান কৰা ১০০০ টকা । মহিলা সবলীকৰণৰ লক্ষ্যৰে এই ধন প্ৰদান কৰা হয় । কিন্তু এই ধন পাবলৈ এজন প্ৰৱঞ্চকে অভিনেত্ৰী ছানী লিয়নীৰ নামত খুলি ল’লে অনলাইন একাউণ্ট । প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে বাস্তৰ জিলা প্ৰশাসনে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, সংবাদ প্ৰতিষ্ঠানটোৱে মহাতৰী বন্দন যোজনাৰ ৱেবছাইট পৰীক্ষা কৰিছিল । উল্লেখ্য যে, এই ৱেবছাইটৰ জৰিয়তে আঁচনিখনৰ প্ৰতিজন হিতাধিকাৰীক দিয়া একক ক’ড লিখি এজন হিতাধিকাৰীৰ সবিশেষ পৰীক্ষা কৰিব পাৰি। ক’ড আৰু কেপচা দিয়াৰ পিছত পিডিএফ ফাইল ডাউনলোড কৰি হিতাধিকাৰীয়ে এতিয়ালৈকে কিমান টকা পাইছে সেয়া পৰীক্ষা কৰিব পাৰি।

ফাইলটোত হিতাধিকাৰীৰ নাম ছানী লিয়নী আৰু স্বামীৰ নাম জনী চিন্স বুলি দেখুওৱা হৈছে। বাস্তৰ জিলাৰ তালুৰ খণ্ডৰ অংগনৱাদী পৰ্যায়ত এই আৱেদন দাখিল কৰা হৈছিল । ফাইলটোত অংগনৱাদী আৰু আন এজন তত্বাৱধায়কে “ভেৰিফাইড” কৰাৰ কথাও উল্লেখ আছে। ইয়াৰ উপৰিও উল্লেখ আছে যে, মহিলাগৰাকীয়ে মাৰ্চৰ পৰা ডিচেম্বৰলৈকে দহ মাহৰ বাবে হিতাধিকাৰীৰ ধন লাভ কৰিছে ।

ছত্তীশগড় চৰকাৰে যোৱা ৪ ডিচেম্বৰত ৰাজ্যৰ ৭০ লাখ বিবাহিতা মহিলাক আঁচনিৰ দশম কিস্তি হিচাপে মুঠ ৬৫২.০৪ কোটি টকা মুকলি কৰি দিছিল। আজিলৈকে এই আঁচনিৰ অধীনত ৭০ লাখ মহিলাৰ বেংক একাউণ্টত ৫ হাজাৰ কোটিৰো অধিক ধন জমা কৰা হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...