হিতাধিকাৰীৰ নাম ছানী লিয়নী, স্বামীৰ নাম জনী চিন্স ! চৰকাৰী আঁচনিৰ অধীনত প্ৰৱঞ্চকে আদায় কৰে মাহে ১০০০ টকা…

হিতাধিকাৰীৰ নাম ছানী লিয়নী আৰু স্বামীৰ নাম জনী চিন্স । ছানী লিয়নীৰ নামত একাউণ্ট খুলি প্ৰৱঞ্চকে প্ৰতিমাহে আদায় কৰি আহিছে ১০০০ টকাকৈ চৰকাৰী আঁচনিৰ ধন । এই ঘটনাই এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে ।

হিতাধিকাৰীৰ নাম ছানী লিয়নী, স্বামীৰ নাম জনী চিন্স ! চৰকাৰী আঁচনিৰ অধীনত প্ৰৱঞ্চকে আদায় কৰে মাহে ১০০০ টকা...

অভিনেত্ৰী ছানী লিয়নী

Updated On: 

23 Dec 2024 14:36 PM

এতিয়া অভিনেত্ৰী ছানী নিয়নীয়েও লাভ কৰে চৰকাৰী আঁচনিৰ সুবিধা ! ছানী লিয়নীৰ নামত থকা অনলাইন একাউণ্টত প্ৰতিমাহে জমা হয় চৰকাৰী আঁচনি অধীনত ১০০০ টকা । আপুনি ভৱা ধৰণে কথাবোৰ তেনেকুৱা নহয় । প্ৰকাশিত খবৰ অনুসৰি, ছত্তীশগড়ৰ এজন কথিত প্ৰৱঞ্চকে অভিনেত্ৰী ছানী লিয়নীৰ নামত অনলাইন একাউণ্ট খুলি চৰকাৰী আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰে ১০০০ টকা ।

ছত্তীশগড় চৰকাৰৰ মহাতৰী বন্দন যোজনাৰ অধীনত ৰাজ্যখনৰ বিবাহিতা মহিলাসকলক মাহেকীয়াকৈ প্ৰদান কৰা ১০০০ টকা । মহিলা সবলীকৰণৰ লক্ষ্যৰে এই ধন প্ৰদান কৰা হয় । কিন্তু এই ধন পাবলৈ এজন প্ৰৱঞ্চকে অভিনেত্ৰী ছানী লিয়নীৰ নামত খুলি ল’লে অনলাইন একাউণ্ট । প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে বাস্তৰ জিলা প্ৰশাসনে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, সংবাদ প্ৰতিষ্ঠানটোৱে মহাতৰী বন্দন যোজনাৰ ৱেবছাইট পৰীক্ষা কৰিছিল । উল্লেখ্য যে, এই ৱেবছাইটৰ জৰিয়তে আঁচনিখনৰ প্ৰতিজন হিতাধিকাৰীক দিয়া একক ক’ড লিখি এজন হিতাধিকাৰীৰ সবিশেষ পৰীক্ষা কৰিব পাৰি। ক’ড আৰু কেপচা দিয়াৰ পিছত পিডিএফ ফাইল ডাউনলোড কৰি হিতাধিকাৰীয়ে এতিয়ালৈকে কিমান টকা পাইছে সেয়া পৰীক্ষা কৰিব পাৰি।

ফাইলটোত হিতাধিকাৰীৰ নাম ছানী লিয়নী আৰু স্বামীৰ নাম জনী চিন্স বুলি দেখুওৱা হৈছে। বাস্তৰ জিলাৰ তালুৰ খণ্ডৰ অংগনৱাদী পৰ্যায়ত এই আৱেদন দাখিল কৰা হৈছিল । ফাইলটোত অংগনৱাদী আৰু আন এজন তত্বাৱধায়কে “ভেৰিফাইড” কৰাৰ কথাও উল্লেখ আছে। ইয়াৰ উপৰিও উল্লেখ আছে যে, মহিলাগৰাকীয়ে মাৰ্চৰ পৰা ডিচেম্বৰলৈকে দহ মাহৰ বাবে হিতাধিকাৰীৰ ধন লাভ কৰিছে ।

ছত্তীশগড় চৰকাৰে যোৱা ৪ ডিচেম্বৰত ৰাজ্যৰ ৭০ লাখ বিবাহিতা মহিলাক আঁচনিৰ দশম কিস্তি হিচাপে মুঠ ৬৫২.০৪ কোটি টকা মুকলি কৰি দিছিল। আজিলৈকে এই আঁচনিৰ অধীনত ৭০ লাখ মহিলাৰ বেংক একাউণ্টত ৫ হাজাৰ কোটিৰো অধিক ধন জমা কৰা হৈছে ।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!