প্ৰতিবাদৰ মাজতে মণিপুৰলৈ নতুনকৈ ২০০০ CRPF জোৱান প্ৰেৰণ কেন্দ্ৰৰ

অপাৰেচনেল কৰ্তব্যৰ বাবে দুটা আছাম ৰাইফলছৰ বেটেলিয়ন প্ৰত্যাহাৰ কৰাৰ পাছতে এই নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ পৰা গৈছে । যোৱা বছৰৰ মে’ মাহৰ পৰা জাতিগত সংঘাতৰ সাক্ষী হৈ অহা ৰাজ্যখনৰ বিভিন্ন ঠাইত এই নতুন ইউনিট দুটাৰ সকলো কোম্পানী নিয়োগ কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশ দিছে ।

প্ৰতিবাদৰ মাজতে মণিপুৰলৈ নতুনকৈ ২০০০ CRPF জোৱান প্ৰেৰণ কেন্দ্ৰৰ

প্ৰতীকী ফটো

Published: 

10 Sep 2024 | 07:02 PM

অশান্ত মণিপুৰত নিৰাপত্তা কৰ্তব্যৰ বাবে প্ৰায় ২০০০ জোৱানেৰে গঠিত দুটা চি আৰ পি এফ বেটেলিয়ন নিয়োগ কৰাৰ বাবে নিৰ্দেশ দিছে কেন্দ্ৰই। চৰকৰী সূত্ৰই সদৰী কৰা মতে,৫৮ নম্বৰৰ বেটেলিয়নটো তেলেংগানাৰ ৱাৰংগলৰ পৰা স্থানান্তৰিত কৰাৰ বিপৰীতে ১১২ নম্বৰৰ বেটেলিয়নটো ঝাৰখণ্ডৰ লাতেহাৰৰ পৰা মণিপুৰলৈ স্থানান্তৰ কৰা হৈছে। প্ৰথমটো ইউনিটৰ কেম্প মণিপুৰৰ কাংভাই (চুৰাচান্দপুৰ)ত থকাৰ বিপৰীতে দ্বিতীয়টো ইম্ফলৰ আশে-পাশে স্থাপন কৰা হ’ব বুলি সূত্ৰই জানিবলৈ দিছে ।

অপাৰেচনেল কৰ্তব্যৰ বাবে দুটা আছাম ৰাইফলছৰ বেটেলিয়ন প্ৰত্যাহাৰ কৰাৰ পাছতে এই নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ পৰা গৈছে । যোৱা বছৰৰ মে’ মাহৰ পৰা জাতিগত সংঘাতৰ সাক্ষী হৈ অহা ৰাজ্যখনৰ বিভিন্ন ঠাইত এই নতুন ইউনিট দুটাৰ সকলো কোম্পানী নিয়োগ কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশ দিছে ।

ইয়াৰ উপৰিও যোৱা বছৰ হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনত ইতিমধ্যে উপস্থিত থকা বাহিনীটোৰ ১৬ টা বেটেলিয়নে যোৱা সপ্তাহত ইম্ফল পশ্চিম, ইম্ফল ইষ্ট, চুৰাচান্দপুৰ, ননেই, জিৰিবাম, কাংপকপি, বিষ্ণুপুৰত নিজৰ ঘাটি স্থাপন কৰিছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে । হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পূৰ্বে মণিপুৰত বাহিনীটোৰ প্ৰায় ১০-১১ টা বেটেলিয়ন আছিল।

এজন শীৰ্ষ নিৰাপত্তা বিষয়াই জানিবলৈ দিছে যে, “মণিপুৰত চি আৰ পি এফৰ মুখ্য ভূমিকা থাকিব। যোৱা বছৰ মে’ মাহত মেইটেই আৰু কুকি লোকৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সংঘটিত হোৱাৰ পিছৰে পৰা বাহিনীটোৰ ইউনিট ৰাজ্যখনলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছিল আৰু এতিয়া বাহিনীটোক অধিক শক্তিশালী কৰা হৈছে ।” স্থানান্তৰিত হোৱা ইউনিট দুটাত বিভিন্ন আভ্যন্তৰীণ নিৰাপত্তাৰ কৰ্তব্যৰ প্ৰশিক্ষণ লোৱা জোৱান আছে। তেওঁলোকৰ বাবে কিছু লজিষ্টিক, হাউছিং, সঁজুলি আৰু এণ্টি ড্ৰ’ন প্ৰযুক্তিৰ প্ৰয়োজন হ’ব আৰু তাৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।

উল্লেখ্য যে, প্ৰেৰণ কৰা বেটেলিয়ন দুটাক প্ৰয়োজন হোৱা কাৰিকৰী গেজেটসমূহ শীঘ্ৰে মণিপুৰলৈ প্ৰেৰণ কৰা হ’ব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। যোৱা বছৰৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু কাষৰীয়া পাহাৰীয়া কুকিসকলৰ মাজত হোৱা জাতিগত বিবাদত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। শেহতীয়াকৈ ড্ৰ’ন আক্ৰমণকে ধৰি হিংসাত্মক পৰিস্থিতিত ৮ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জনৰো অধিক লোক আহত হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...