জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ…চৰকাৰ গঠনৰ বাবে বাট মুকলি

ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশৰ পাছতে এতিয়া উপত্যকাটোত নতুন চৰকাৰ গঠনৰ বাট মুকলি হৈছে । উল্লেখ্য যে, শেহতীয়াকৈ উপত্যকাটোৰ ৯০ খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰৰ মিত্ৰজোঁটে চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে ।

জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ...চৰকাৰ গঠনৰ বাবে বাট মুকলি

নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ নেতা

Published: 

14 Oct 2024 | 07:25 AM

প্ৰায় ৬ বছৰৰ পাছত জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল ৰাষ্ট্ৰপতি শাসন । ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশৰ পাছতে এতিয়া উপত্যকাটোত নতুন চৰকাৰ গঠনৰ বাট মুকলি হৈছে । উল্লেখ্য যে, শেহতীয়াকৈ উপত্যকাটোৰ ৯০ খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰৰ মিত্ৰজোঁটে চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে । নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুল্লাই উপ-ৰাজ্যপাল মনোজ সিনহাক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়।

২০১৪ চনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ১০ বছৰৰ পাছতে জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল । জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰাই কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পাছত এইটোৱেই আছিল প্ৰথম নিৰ্বাচন। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ১৯ ​​জুনত পিডিপি-বিজেপিৰ মিত্ৰতা ভংগ হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল। এতিয়া ৬ বছৰৰ পাছত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰা হৈছে।

উল্লেখ্য যে, ২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ অৰ্ধ স্বায়ত্তশাসিত মৰ্যাদা বাতিল কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰে।

সংখ্যাগৰিষ্ঠতা লাভ কৰিলে নেচনেল কনফাৰেন্সে

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। জম্মু-কাশ্মীৰৰ ৯০ খন বিধানসভা আসনৰ ভিতৰত ৪২ খন আসন লাভ কৰিছে নেচনেল কনফাৰেন্স দলে । একে সময়তে মিত্ৰতাত থকা কংগ্ৰেছে জম্মু-কাশ্মীৰত মাত্ৰ ৬খন আসনহে লাভ কৰিছে। এই নিৰ্বাচনত আম আদমী পাৰ্টিয়ে এজন বিধায়ক লাভ কৰিছে । আনহাতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে ২৯খন আসন।

বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এন চি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতে উপ-ৰাজ্যপাল মনোজ সিনহাক সাক্ষাৎ কৰে ওমৰ আব্দুল্লাই। তেওঁ উপ-ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছিল । ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে ওমৰ আব্দুল্লা সৰ্বসন্মতিক্ৰমে এন চি বিধানসভা পাৰ্টিৰ নেতা নিৰ্বাচিত হৈছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...