চীনৰ গতিবিধিত তীক্ষ্ণ দৃষ্টি ৰাখিব ভাৰতেঃ বিশেষ পৰিকল্পনাত অনুমোদন কেন্দ্ৰৰ
দেশৰ সীমান্ত সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে দুটা বিশেষ প্ৰকল্পত। এই প্ৰকল্পৰ জৰিয়তে এতিয়া সীমান্তত বৃদ্ধি পোৱা চীনৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হ’ব।

মিনিকয়ত নিৰ্মাণ হ’ব সামৰিক বিমানঘাটি
দেশৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি অত্যন্ত সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ। বিশেষকৈ সামুদ্ৰিক সীমান্তৱৰ্তী অঞ্চলসমূহত চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ গতিবিধি বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সামুদ্ৰিক সীমান্তৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হৈ পৰিছে। এনে সতৰ্কতাৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দুটা সামৰিক বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাত অনুমোদন জনাইছে। পৰিকল্পনা অনুসৰি এই সামৰিক বিমানবন্দৰ দুটা লক্ষ্যদ্বীপত নিৰ্মাণ কৰা হ’ব। সমান্তৰালভাৱে সীমান্তৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আন বহু আঁচনিত অনুমোদন জনাইছে।
প্ৰকাশিত খবৰ অনুসৰি, এক উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নিৰাপত্তাৰ বাবে সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। চৰকাৰে লক্ষাদ্বীপৰ দক্ষিণৰ বৃহত্তম দ্বীপ মিনিকয় দ্বীপত এটা নতুন এয়াৰবেচ নিৰ্মাণৰ অনুমতি দিছে। আনহাতে সমান্তৰালকৈ লক্ষদ্বীপৰ আগাট্টি দ্বীপত বৰ্তমানৰ বিমানবন্দৰ উন্নীতকৰণৰ অনুমতি প্ৰদান কৰিছে।
আগাট্টি দ্বীপৰ বৰ্তমানৰ বিমানবন্দৰটোক এয়াৰবেচ হিচাপে উন্নীত কৰাৰ পিছত সামৰিক অভিযানৰ বাবে কাৰ্যক্ষম হৈ উঠিব। লক্ষণীয়ভাৱে ভাৰতৰ সামুদ্ৰিক সীমান্তৰ চাৰিওফালৰ অঞ্চলবোৰত চীনৰ সেনাৰ কাৰ্যকলাপ দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত এই নতুন পৰিকল্পনা দেশৰ নিৰাপত্তাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
এই নতুন প্ৰকল্প দুটা সম্পূৰ্ণ হোৱাৰ পাছতে এই স্থানসমূহত যুদ্ধ বিমান আৰু বিমান নিয়োগ কৰা হ’ব। উল্লেখ্য যে শেহতীয়াকৈ দেশৰ তিনিওটা সেনা বাহিনীৰ হৈ উমৈহতীয়াভাৱে সামৰিক পৰিক্ৰমা বিভাগে (DMA) চৰকাৰৰ ওচৰত মিনিকয় দ্বীপত এটা নতুন এয়াৰবেচ নিৰ্মাণ কৰিবলৈ আৰু পশ্চিমে আৰৱ সাগৰৰ আগট্টি দ্বীপত থকা বিমানঘাটিটোৰ উন্নীত কৰাৰ প্ৰস্তাৱ দাখিল কৰিছিল।
ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যেই সামৰিক পৰিক্ৰমা বিভাগে এই প্ৰস্তাৱ উত্থাপন কৰিছিল। সামৰিক পৰিক্ৰমা বিভাগৰ এই প্ৰস্তাৱ বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰেও চীনৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ উদ্দেশ্যে প্ৰস্তাৱত অনুমোদন জনায়। লক্ষণীয়ভাৱে এই প্ৰকল্পৰ আওতালৈ অহা মিনিকয় দ্বীপ মালদ্বীপৰ পৰা প্ৰায় ৫০ মাইল দূৰত্বত অৱস্থিত।
দ্বীপটোত নিৰ্মাণ হ’বলগীয়া বিমানবন্দৰটো বাণিজ্যিক বিমান সেৱাৰ বাবেও মুকলি কৰা হ’ব। তদুপৰি এই বিমানবন্দৰত সকলো ধৰণৰ জেট ফাইটাৰ প্লেন আৰু পৰিবহনৰ বাবে ব্যৱহৃত বিমানৰ লগতে দীৰ্ঘ দূৰত্বৰ ড্ৰোন মোতায়েন কৰা হ’ব। ইয়াৰ দ্বাৰা সীমান্তৱৰ্তী অঞ্চলটোত ভাৰতীয় সেনা বাহিনী যথেষ্ট শক্তিশালী হৈ উঠিব বুলি আশা কৰিব পাৰি।
প্ৰসঙ্গক্ৰমে উল্লেখনীয় যে ভাৰতীয় বায়ু সেনা এই প্ৰকল্পটোৰ নেতৃত্বত থাকিব যদিও দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনী আৰু উপকূলৰক্ষী বাহিনীয়ে এই প্ৰকল্প ব্যৱহাৰ কৰিব।