CCTV: অনুমতি অবিহনে আপোনাৰ ঘৰৰ সন্মুখত আনে CCTV স্থাপন কৰিব পাৰে নেকি? জানক সবিশেষ

CCTV: চিচিটিভি কেমেৰা নিয়ন্ত্ৰণৰ বাবে দেশত কোনো প্ৰত্যক্ষ আইন বা নিয়ম নাই। কিন্তু কাৰো অনুমতি অবিহনে চিচিটিভি কেমেৰা লগাব পাৰি নে নোৱাৰি, সেয়া জনাটো দৰকাৰ।

CCTV: অনুমতি অবিহনে আপোনাৰ ঘৰৰ সন্মুখত আনে CCTV স্থাপন কৰিব পাৰে নেকি? জানক সবিশেষ

আপোনাৰ ঘৰৰ সন্মুখত আনে CCTV স্থাপন কৰিব পাৰেনে?

Updated On: 

22 Feb 2025 | 02:02 PM

সময়ৰ লগে লগে বৃদ্ধি পাইছে চিচিটিভিৰ ব্যৱহাৰ। দোকান-পোহাৰ, গেৰেজ, আনকি পথৰ দাঁতিটো চিচিটিভি স্থাপন কৰা দেখা যায়। ইয়াৰ ফলত অপৰাধ সংঘটিত হ’লে তৎক্ষণাত ধৰিব পৰা যায়। কিন্তু চিচিটিভি কেমেৰাৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে দেশত কোনো প্ৰত্যক্ষ বা পৰোক্ষ নিয়ম নাই।

কাৰোবাৰ শোৱা কোঠা বা বাথৰুমত চিচিটিভি স্থাপন কৰিব বিচাৰিলে অনুমতিৰ প্ৰয়োজন। যদিহে আপোনাৰ ঘৰৰ সন্মুখত ওচৰ-চুবুৰীয়াই চিচিটিভি কেমেৰা সংস্থাপন কৰে, তেন্তে আপুনি অভিযোগ কৰিব পাৰিবনে?

যদি কোনোবাই আপোনাৰ অজ্ঞাতে চিচিটিভি কেমেৰা স্থাপন কৰে, তেন্তে তেওঁলোকৰ কেমেৰাত আপোনাৰ সম্পত্তি বন্দী হ’ব। ইয়াৰ উপৰি আপোনাৰ গোপনীয়তাও উলংঘা হ’ব। গতিকে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিব পাৰিব। কাৰণ এয়া তথ্য সুৰক্ষা আইনৰ প্ৰত্যক্ষ উলংঘন।

যদি কেমেৰাটো আপোনাৰ খিৰিকী, দুৱাৰৰ ফালে পোনে পোনে মুখ কৰি থাকে, তেন্তে ইয়াক গোপনীয়তা উলংঘা কৰা বুলি ধৰা হয়। তেনে ক্ষেত্ৰত অভিযোগ দাখিল কৰিব পাৰি। যদি কোনো পথত গধুৰ যান-বান চলে বা যান-জঁট থাকে তেনে অঞ্চলত চিচিটিভি কেমেৰা স্থাপন কৰিলে অভিযোগ কৰিব নোৱাৰিব। এই সন্দৰ্ভত অঞ্চলটোৰ স্থানীয় আৰক্ষীৰ সৈতে এই বিষয়ে আলোচনা কৰক আৰু প্ৰয়োজনীয় আইনী বিকল্পসমূহ অন্বেষণ কৰক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...