কোম্পানীৰ অংশীদাৰিত্ব, উপহাৰ, ২ কোটি টকা…বিবাহৰ প্ৰতিশ্ৰুতি দি ব্যৱসায়ীৰ সৈতে ভয়ংকৰ কাণ্ড প্ৰেমিকাৰ

অভিযোগ অনুসৰি এই সময়ছোৱাত ক্ষমা ৰায়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ পৰা বাৰে বাৰে ধন লৈছিল। এতিয়ালৈকে তেওঁ তেওঁৰ পৰা প্ৰায় ২ কোটি টকা ধন লৈছে।  তাৰ পিছত এতিয়া মোহন চৌহানৰ সৈতে বিয়া বহিবলৈ অস্বীকাৰ কৰিছে ক্ষমাই।

কোম্পানীৰ অংশীদাৰিত্ব, উপহাৰ, ২ কোটি টকা...বিবাহৰ প্ৰতিশ্ৰুতি দি ব্যৱসায়ীৰ সৈতে ভয়ংকৰ কাণ্ড প্ৰেমিকাৰ

প্ৰতীকি ফটো

Published: 

18 Oct 2025 | 04:15 PM

প্ৰেমিকাৰ বিৰুদ্ধে বিয়াৰ প্ৰতিশ্ৰুতি দি ২ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ এজন ব্যৱসায়ীৰ। অভিযোগ অনুসৰি ১২ বছৰ একেলগে থকাৰ পিছত এতিয়া তেওঁৰ লগত বিয়া হ’বলৈ অস্বীকাৰ কৰিছে প্ৰেমিকাই। এই কাণ্ডত স্তম্ভিত হৈ পৰিছে ব্যৱসায়ীগৰাকী। তদুপৰি তেওঁক প্ৰেমৰ সম্পৰ্কত প্ৰলোভিত কৰি তেওঁৰ ব্যৱসায়ৰ ভাগ লোৱাৰ অভিযোগো উত্থাপন হৈছে। দিল্লীৰ গাতে লাগি থকা নয়ডাত  পোহৰলৈ আহিছে কোটি কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰ।

বিহাৰৰ বাসিন্দা ব্যৱসায়ী মোহন চৌহান ৰয়েল পি জি প্ৰাইভেট লিমিটেডৰ মালিক। আদালতত দাখিল কৰা এখন আবেদনত চৌহানে উল্লেখ কৰে যে, প্ৰায় ১৫ বছৰ পূৰ্বে ক্ষমা ৰায়ৰ সৈতে তেওঁৰ বন্ধুত্ব হৈছিল। তিনি বছৰৰ পাছত তেওঁলোকৰ বন্ধুত্বই প্ৰেমত পৰিণত হৈছিল। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক অব্যাহত থকাৰ মাজতে মোহনে তেওঁৰ কোম্পানীৰ আধা শ্বেয়াৰ ক্ষমা ৰায়লৈ হস্তান্তৰ কৰে। কেৱল এয়াই নহয়, এই সময়ছোৱাত ক্ষমাই নয়ডাত এটা ফ্লেটও বুকিং কৰিছিল, যাৰ ধন মোহনে দিছিল। অভিযোগ অনুসৰি প্ৰেমিকাই উপহাৰ হিচাপে এখন গাড়ী লাভ কৰিছিল।

অভিযোগ অনুসৰি এই সময়ছোৱাত ক্ষমা ৰায়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ পৰা বাৰে বাৰে ধন লৈছিল। এতিয়ালৈকে তেওঁ তেওঁৰ পৰা প্ৰায় ২ কোটি টকা ধন লৈছে।  তাৰ পিছত এতিয়া মোহন চৌহানৰ সৈতে বিয়া বহিবলৈ অস্বীকাৰ কৰিছে ক্ষমাই। চৌহানে ওচৰৰ থানাত এজাহাৰ দাখিলকৰিছিল যদিও কোনে শুনানি হোৱা নাছিল।

ইয়াৰ পিছত মোহনে আদালতত আবেদন দাখিল কৰে। আদালতে শুনানি গ্ৰহণ কৰি মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে।আদালতৰ নিৰ্দেশৰ পিছতে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ছেক্টৰ ১২৫ থানাৰ আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...