সংবিধানেৰে দেশ চলিব, ক্ষমতাৰে নহয়… বিজেপিৰ বুলড’জাৰ এক্সনকলৈ মন্তব্য ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিজেপিৰ অসাংবিধানিক আৰু অন্যায় বুলডজাৰ নীতিক লৈ উচ্চতম ন্যায়ালয়ৰ মন্তব্য আদৰণীয়। ক্ষমতাৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা বুলডজাৰে নাগৰিক অধিকাৰক হেঁচি ধৰি অহংকাৰেৰে আইনক  প্ৰত্যাহ্বান জনাই আহিছে।

সংবিধানেৰে দেশ চলিব, ক্ষমতাৰে নহয়... বিজেপিৰ বুলডজাৰ এক্সনকলৈ মন্তব্য ৰাহুল গান্ধীৰ

সংবিধানেৰে দেশ চলিব, ক্ষমতাৰে নহয়... বিজেপিৰ বুলড'জাৰ এক্সনকলৈ আক্ৰমণাত্মক ৰাহুল গান্ধী

Updated On: 

03 Sep 2024 | 12:03 AM

অপৰাধী আৰু অপৰাধৰ অভিযুক্তৰ বিৰুদ্ধে বুলডজাৰ ব্যৱস্থাৰ গোচৰত সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। এই কথাত আদালতে সুধিলে, কেৱল অভিযুক্ত বুলিয়েই কাৰোবাৰ ঘৰ কেনেকৈ ভাঙি পেলোৱা হ’ব? এই বিষয়ত আদালতে গাইডলাইন প্ৰস্তুত কৰিব। যি গাইডলাইন সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব। আদালতৰ এই মন্তব্য সন্দৰ্ভত বিজেপিক কটাক্ষ কৰিছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে কয় যে বিজেপিৰ অসাংবিধানিক আৰু অন্যায় বুলডজাৰ নীতিক লৈ উচ্চতম ন্যায়ালয়ৰ মন্তব্য আদৰণীয়। বুলডজাৰৰ তলত মানৱতা বিজেপিৰ সাংবিধানবিৰোধী মুখ এতিয়া দেশৰ সন্মখত উদঙাই দিয়া হৈছে।

বুলডজাৰ হৈ পৰিছে শক্তিৰ প্ৰতীক

ৰাহুল গান্ধীয়ে কয় যে ক্ষমতাৰ প্ৰতীক হৈ পৰা বুলডজাৰে নাগৰিক অধিকাৰক হেঁচি ধৰি অহংকাৰেৰে আইনক  প্ৰত্যাহ্বান জনাই আহিছে। ক্ষিপ্ৰ ন্যায়ৰ আৱৰণত বহু দৰিদ্ৰৰ ঘৰ-বাৰী প্ৰায়ে ভয়ৰ ৰাজত্ব প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে চলোৱা বুলডজাৰৰ চকাৰ তললৈ আহে।

বাবা চাহেবৰ সংবিধানত চলিব দেশ

একেটা পোষ্টতে ৰাহুলে লগতে কয় যে আমি আশা কৰিছো যে উচ্চতম ন্যায়ালয়ে এই অতি স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত স্পষ্ট নিৰ্দেশনা জাৰি কৰিব আৰু বিজেপি চৰকাৰৰ এই গণতন্ত্ৰ বিৰোধী অভিযানৰ পৰা নাগৰিকসকলক ৰক্ষা কৰিব। ক্ষমতাৰ চাবুকেৰে নহয় বাবা চাহেবৰ সংবিধানেৰেহে দেশ পৰিচালিত হ’ব৷

বুলডজাৰৰ কাৰ্যক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে?

সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে কেৱল অভিযুক্ত বুলিয়েই কাৰোবাৰ ঘৰ কেনেকৈ ভাঙি পেলোৱা হ’ব? যদিও তেওঁ দোষী  তথাপিও আইন নমনাকৈ এই কাম কৰিব নোৱাৰি। অৱশ্যে ৰাজহুৱা পথত কোনো ধৰণৰ অকৰ্তৃত্বশীল নিৰ্মাণ বা বেদখলক সুৰক্ষা প্ৰদান নকৰে বুলিও স্পষ্টকৈ উল্লেখ কৰে আদালতে।

উত্তৰ প্ৰদেশৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পূৰ্বে ৰাজ্যখনে দাখিল কৰা শপতনামাৰ উদ্ধৃতি দিয়ে। তেওঁ কয় যে শপতনামাত উল্লেখ আছে যে এজন ব্যক্তিৰ বিৰুদ্ধে অপৰাধত জড়িত থকাৰ অভিযোগ কেতিয়াও তেওঁৰ স্থাৱৰ সম্পত্তি ভাঙি পেলোৱাৰ ভিত্তি হ’ব নোৱাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব