Budget 2024: আজি সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপঃ বাজেটৰ পূৰ্বে কিয় দাখিল কৰা হয় এই জৰীপ?

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অৰ্থনৈতিক জৰীপ দাখিল কৰিব। সংসদত বাজেট দাখিল কৰাৰ এদিন পূৰ্বে অৰ্থনৈতিক জৰীপ দাখিল কৰা হয়। বাজেটৰ পূৰ্বে এই জৰীপ কিয় দাখিল কৰা হয় তথা ইয়াৰ গুৰুত্ব কি, এই বিষয়ে জানো আহক।

Budget 2024: আজি সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপঃ বাজেটৰ পূৰ্বে কিয় দাখিল কৰা হয় এই জৰীপ?

আজি সংসদত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ

Published: 

22 Jul 2024 10:00 AM

মঙলবাৰে সংসদত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ক্ৰমাগত সপ্তমবাৰৰ বাবে বাজেট দাখিলেৰে বিত্তমন্ত্ৰী হিচাপে সীতাৰমণ এক অনন্য কৃতিত্ব গঢ়িবলৈ সাজু হৈছে। কাইলৈ বাজেট দাখিলৰ পূৰ্বে আজি বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক জৰীপ দাখিল কৰিব সংসদত। ভাৰতীয় সংসদত পূৰ্বৰে পৰা এইদৰে বাজেটৰ পূৰ্বে অৰ্থনৈতিক জৰীপ দাখিল কৰাৰ পৰম্পৰা চলি আহিছে। এই জৰীপক চৰকাৰৰ ৰিপৰ্ট কাৰ্ড হিচাপে বিবেচনা কৰা। অৰ্থনৈতিক জৰীপৰ জৰিয়তে চৰকাৰে গত এটা বছৰৰ কাম-কাজৰ পৰ্যালোচনা কৰি ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰে। সংসদত বাজেট দাখিল কৰাৰ এদিন পূৰ্বে অৰ্থনৈতিক জৰীপ দাখিল কৰা হয়।

অৰ্থনৈতিক জৰীপক বাজেটৰ মূল ভিত্তি হিচাপে গণ্য কৰা হয়। এই জৰীপ পূৰ্বৰ বিত্তীয় বৰ্ষৰ পৰ্যালোচনাৰ ভিত্তিত প্ৰস্তুত কৰা হয় আৰু সেয়ে ইয়াৰ জৰিয়তে অৰ্থনীতিৰ সম্পূৰ্ণ এক ছবি প্ৰকাশ পায়। এই অৰ্থনৈতিক জৰীপৰ জৰিয়তে চৰকাৰে দেশৰ অৰ্থনীতিৰ শেহতীয়া অৱস্থাৰ বিষয়ে প্ৰকাশ কৰে। বছৰটোৰ উন্নয়নৰ ধাৰা, কোনটো খণ্ডৰ পৰা কিমান আয় লাভ কৰা হৈছিল, কোনটো খণ্ডত কি আঁচনি কেনেদৰে ৰূপায়ণ কৰা হৈছিল আদি সকলো তথ্য এই জৰীপত সন্নিবিষ্ট কৰা হয়।

সমান্তৰালভাৱে এই জৰীপত গত বছৰটোৰ কাম, নিয়োগ, জিডিপিৰ পৰিসংখ্যা, বাজেট ঘাটি আৰু মুদ্ৰাস্ফীতি আদি বিষয়ৰ গুৰুত্বপূৰ্ণ তথ্য লিপিবদ্ধ কৰা হয়। এনে তথ্যসমূহৰ আধাৰত দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে এই জৰীপ প্ৰস্তুত কৰে। মূলতঃ অৰ্থনৈতিক জৰীপ হৈছে বিত্ত মন্ত্ৰালয়ৰ বাৰ্ষিক নথি। ইয়াত দেশৰ অৰ্থনৈতিক বিকাশৰ বিৱৰণী সন্নিবিষ্ট কৰা হয়।

এই জৰীপত দেশে কোন খণ্ডত অধিক লাভৱান হৈছে তথা কোন খণ্ডত লোকচানৰ সন্মুখীন হৈছে, সেই বিষয়ে পুংখানুপুংখভাৱে দেখুওৱা হয়। অৰ্থনৈতিক জৰীপৰ আধাৰত আগন্তুক বছৰত অৰ্থনীতিত কেনেধৰণৰ সম্ভাৱনা দেখা যাব, সেই সম্পৰ্কে সিদ্ধান্ত লোৱা হয়। মূলতঃ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ তত্বাৱধানত নিৰ্মাণ কৰা হয় এই অৰ্থনৈতিক জৰীপ।

এইবাৰ এই অর্থনৈতিক সমীক্ষা প্রস্তুত কৰিছে মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰন নেতৃত্বাধীন দলটোৱে৷ আজি এই জৰীপ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিব কৰিব।

 

থোৰতে অৰ্থনৈতিক জৰীপত উপলব্ধ তথ্যসমূহ তথা এই জৰীপৰ গুৰুত্বঃ

১/ অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনীতিৰ প্ৰকৃত ছবি উন্মোচিত হয়। ইয়াৰ জৰিয়তে চৰকাৰে দেশৰ মুদ্ৰাস্ফীতিৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যাৰ পৰিসংখ্যালৈকে সকলো তথ্য দেশৰ জনসাধাৰণৰ সন্মুখত দাখিল কৰে ।

২/ ইয়াৰ দ্বাৰা সাধাৰণ জনতাই চৰকাৰৰ ভৱিষ্যতৰ নীতি আৰু ৰোডমেপৰ বিষয়ে জানিব পাৰে।

৩/ অৰ্থনৈতিক জৰীপত বিভিন্ন খণ্ডৰ কাম-কাজ, বিনিয়োগ আৰু সঞ্চয়ৰ ক্ষেত্ৰত দেশ কিদৰে লাভৱান হৈছে, সেই বিষয়েও তথ্য প্ৰকাশ কৰা হয়।

Related Stories
‘তাৰ পৰা যদি গুলী চলে…’, অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল এনে স্পষ্ট নিৰ্দেশনা
Colonel Sofiya Qureshi: কৰ্ণেল ছফিয়া কুৰেশ্বীৰ তেজত বৈছে দেশপ্ৰেম, কি কথা শুনি সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল?
যুদ্ধবিৰতিৰ পিছত বিশেষ তিনিটা বিষয়ত ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তান! খোৱাজা আছিফে ক’লে…
এতিয়াও চলি আছে অপাৰেচন সেন্দুৰ, যুদ্ধবিৰতিৰ পিছত ভাৰতীয় বায়ুসেনাৰ মন্তব্যই কঁপাই তুলিব পাকিস্তানক
তেওঁলোক ‘স্বীকৃতিপ্ৰাপ্ত ভিক্ষাৰী’…. পাকিস্তানক নতুন নাম দিলে আছাদুদ্দিন ওৱাইছিয়ে
যুদ্ধবিৰতিৰ পিছতে খুলি দিয়া হ’ল চেনাব নদীৰ বান্ধ, সিন্ধু জল চুক্তি নে ইয়াৰ আঁৰত আছে আন কাৰণ?
আপোনাৰ ফেটি লিভাৰ হৈছে নেকি ! এই সমস্যা হ'লে কি কি খাদ্য খাব লাগে ? জানক
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? জানক কোনবিধ ৰোগে দেখা দিব পাৰে
হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে অৰ্পন কৰক এই বস্তু!দূৰ হ'ব সকলো সমস্যা | 0ffer tulsi to Lord Hanuman astrology can tulsi leaves be offered to Bajrangbali
আপোনাৰো ছানবাৰ্ণ হয় নেকি? জানক ইয়াৰ কাৰণ আৰু ৰক্ষা পোৱাৰ উপায় | Why sunburn happen and its preventions know in Assamese