পুৱা ১১ বজাত বাজেট দাখিলৰ পৰম্পৰা আগতে নাছিল ! কিয় আৰু কেতিয়াৰ পৰা এই নিয়ম সলনি কৰা হ’ল ?

Budget 2024 Time: মঙলবাৰে পুৱা ১১ বজাত নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট । বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এইখন হ'ব সপ্তমখন বাজেট । উল্লেখ্য যে, পুৱা ১১ বজাত বাজেট দাখিল কৰা হয় যদিও পূৰ্বে ১১ বজাত বাজেট দাখিল কৰা হোৱা নাছিল । ইয়াৰ সমান্তৰালভাৱে, ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালেহে বাজেট দাখিল কৰা হৈছিল । কিন্তু এই পৰম্পৰা পৰৱৰ্তী সময়ত সলনি কৰা হ'ল ।

পুৱা ১১ বজাত বাজেট দাখিলৰ পৰম্পৰা আগতে নাছিল ! কিয় আৰু কেতিয়াৰ পৰা এই নিয়ম সলনি কৰা হল ?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

Updated On: 

22 Jul 2024 16:03 PM

২৩ জুলাই মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট । তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ প্ৰথমখন বাজেটৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । মনকৰিবলগীয়া যে, লোকসভা নিৰ্বাচনৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহত চৰকাৰে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল । এইবাৰ সম্পূৰ্ণ বাজেট দাখিল কৰিব এনডিএ মিত্ৰজোঁটৰ চৰকাৰে । অৰ্থাৎ এই বছৰ দুখন বাজেটৰ সাক্ষী হৈছে ভাৰত ।

মঙলবাৰে পুৱা ১১ বজাত নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট । বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ এইখন হ’ব সপ্তমখন বাজেট । উল্লেখ্য যে, পুৱা ১১ বজাত বাজেট দাখিল কৰা হয় যদিও পূৰ্বে ১১ বজাত বাজেট দাখিল কৰা হোৱা নাছিল । ইয়াৰ সমান্তৰালভাৱে, ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালেহে বাজেট দাখিল কৰা হৈছিল । কিন্তু এই পৰম্পৰা পৰৱৰ্তী সময়ত সলনি কৰা হ’ল ।

যেতিয়া ভাৰতবৰ্ষত ইংৰাজৰ ঔপনিৱেশিক শাসন আছিল তেতিয়া বাজেট সদায় সন্ধিয়া ৫ বজাত দাখিল কৰা হৈছিল । ইয়াৰ কাৰণ হ’ল লণ্ডন আৰু ভাৰতৰ সময়ৰ ব্যৱধান । অৰ্থাৎ ভাৰতীয় মানক সময় (IST) ব্ৰিটিছ গ্ৰীষ্মকালীন সময়(BST) তকৈ ৪ ঘণ্টা ৩০ মিনিট সময় আগবঢ়া । সময়ৰ এই ব্যৱধানৰ বাবে ঔপনিৱেশিত যুগত সন্ধিয়া ৫ বজাত বাজেট দাখিল কৰা হৈছৃিল ।

সন্ধিয়া ৫ বজাত বাজেট ভাষণৰ এই পৰম্পৰা স্বাধীনতা পাছতো ভাৰতে অনুসৰণ কৰি আহিছিল । কিন্তু পৰৱৰ্তী ১৯৯৯ চনত বাজেট ভাষণৰ সময় সলনি কৰা সিদ্ধান্ত লৈছিল সেই সময়ৰ তদানীন্তন বিত্তমন্ত্ৰী যশৱন্ত সিনহাই । সেই সময়ত সিনহাই কৈছিল, বাজেট দাখিলৰ বাবে ব্ৰিটিছৰ সময়ক গুৰুত্ব দিয়াৰ  প্ৰয়োজনীয়া এতিয়া আৰু নাই । সেই অনুসৰি বাজেট দাখিলৰ সময় সলনি কৰা হৈছিল ।

সেই সিদ্ধান্ত অনুসৰি বাজেট ভাষণৰ সময় সন্ধিয়া ৫ বজাৰ পৰা দিনৰ ১১ বজালৈ সলনি কৰা হয় । সেই অনুসৰি ১৯৯৯ চনৰ ২৭ ফেব্ৰুৱাৰীত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন চৰকাৰৰ বিত্তমন্ত্ৰী যশৱন্ত সিনহাই দিনৰ ১১ বজাত প্ৰথমখন কেন্দ্ৰীয় বাজেট দাখিল কৰে । এই সিদ্ধান্তই বাজেটৰ ওপৰত সংসদীয় বিতৰ্ক আৰু আলোচনাৰ সময়ও বৃদ্ধি কৰিছিল ।

সেই অনুসৰি, ১৯৯৯ চনৰ পৰা কেন্দ্ৰীয় বাজেট দিনৰ ১১ বজাত দাখিল কৰি অহা হৈছে । এই পৰম্পৰা অনুসৰিয়ে ২৩ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১১ বজাত কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সৃীতাৰমণে । ইয়াৰ এদিন পূৰ্বে আজি অৰ্থাৎ ২২ জুলাইত বাৰ্ষিক অৰ্থনৈতিৰ জৰীপ দাখিল কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

ইফালে, প্ৰতিবছৰে কেন্দ্ৰীয় বাজেট দাখিলৰ দিন ১ ফেব্ৰুৱাৰী নাছিল । প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এটা কৰ্মদিন দাখিল কৰা হৈছিল বাজেট । কিন্তু বাজেট দাখিলৰ এই দিনটোও পৰৱৰ্তী সময়ত সলনি কৰা হ’ল । মনকৰিবলগীয়া যে, ২০১৭ চনলৈকে বাজেট দাখিলৰ এই পৰম্পৰা অব্যাহত আছিল । কিন্তু প্ৰাক্তন বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে এই নিয়ম সলনি কৰে ।

তেওঁ প্ৰথমবাৰৰ বাবে ১ ফেব্ৰুৱাৰীত দাখিল কৰে কেন্দ্ৰীয় বাজেট । ইয়াৰ মূল কাৰণ আছিল ১ এপ্ৰিলৰ ভিতৰত নতুন নিয়ম আৰু আঁচনি কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ সময় বৃদ্ধি কৰা । উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ জুলাই মাহত সম্পূৰ্ণ কেন্দ্ৰীয় বাজেট দাখিল কৰা হৈছে ।

লগতে পঢ়কঃ PM Modi : ‘বাজেটে অহা ৫ বছৰৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিব’, বাজেটৰ পূৰ্বে আৰু কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক, হঠাতে বন্ধ হৈ যাব পাৰে হৃদযন্ত্ৰ...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...
পাব আচৰিত ফলাফল, বাৰিষা ঘৰৰ বাৰীত ৰোপণ কৰক এই ৫ বিধ গছ