Budget 2024: মোবাইল ফোন, সোণ আৰু কি কি সামগ্ৰীৰ দাম কমিব…

আয় কৰৰ ক্ষেত্ৰতো বাজেটত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। বছৰি আয় ৩ লাখ বা তাৰ তলৰ সকলে কোনো ধৰণৰ আয় কৰ দিব নালাগে। ইয়াৰোপৰি ৩-৭ লাখ টকালৈ আয় কৰ ৫ শতাংশ।

Budget 2024: মোবাইল ফোন, সোণ আৰু কি কি সামগ্ৰীৰ দাম কমিব...

নিৰ্মলা সীতাৰমণ

Published: 

23 Jul 2024 | 01:23 PM

মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে কেন্দ্ৰীয় বাজেট ২০২৪ । এই বাজেটত যুৱসকলৰ পৰা  আৰম্ভ কৰি কৃষি অৰ্থনীতি আদি সকলো ক্ষেত্ৰতে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাজেটত উল্লেখ কৰা অনুসৰি মানুহৰ প্ৰয়োজনীয় কেইবাটাও সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব। কি কি বস্তুৰ দাম কমিব সেয়া তলত উল্লেখ কৰা হ’ল-

  • সোণ আৰু ৰূপৰ মূল্যৰ দাম কমিব।
  • মোবাইল ফোন, চাৰ্জাৰ, বেটাৰী আদিৰ দাম কমিব।
  • কৰ্কট ৰোগৰ ৩ বিধ ঔষধৰ দাম কমিব।
  • জোতা. চেণ্ডেল, কাপোৰৰ দাম কমিব।
  • চামৰাৰে তৈয়াৰ কৰা সামগ্ৰীৰ দাম কমিব।
  • সৌৰ ফলকৰ দাম কমিব।
  • কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা এমনিয়া নাইট্ৰেইটৰ দাম কমিব।
  • বৈদ্যুতিক বাহনৰ দাম হ্ৰাম পাব।
  • হীৰাৰ মূল্য হ্ৰাস পাব।
  • ২৫ বিধ খনিজ পদাৰ্থৰ দাম কমিব।
  • প্লেটিনামৰ দাম কমিব।

ইয়াৰোপৰি আৰু কেইবাবিধো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম কমাৰ কথা উল্লেখ আছে বাজেটত। আয় কৰৰ ক্ষেত্ৰতো বাজেটত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। বছৰি আয় ৩ লাখ বা তাৰ তলৰ সকলে কোনো ধৰণৰ আয় কৰ দিব নালাগে। ইয়াৰোপৰি ৩-৭ লাখ টকালৈ আয় কৰ ৫ শতাংশ। ৭ ৰ পৰা ১০ লাখলৈ আয়কৰ  ১০ শতাংশ, ১০ ৰ পৰা ১২ লাখ টকালৈ আয় কৰ ১৫ শতাংশ, ১৫ লাখৰ ওপৰত আয় কৰ ৩০ শতাংশ। ৭.৭৫ টকালৈ কৰ ৰেহাইৰ সুবিধা।

এইবাৰ বাজেটত ৯ টা অগ্ৰাধিকাৰৰ ওপৰত জোৰ দিয়া হয়।   সেই কেইটা- কৃষি উৎপাদন ক্ষমতা বৃদ্ধি, সামগ্ৰিক বিকাশ, নিয়োগ আৰু দক্ষতা বিকাশ, মেনুফেকচৰিং আৰু সেৱা খণ্ড, নগৰ উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱণ, গৱেষণা উন্নয়ন, নতুন প্ৰজন্মৰ সংস্কাৰ. মানৱ সম্পদৰ উন্নয়ন আৰু সামাজিক ন্যায়।

অসমৰ বান পৰিস্থিতিক লৈও বাজেটত বিশেষ ঘোষণা কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ বান পৰিস্থিতিৰ মোকাবিলা  কৰিবলৈ বিশেষ অৰ্থনৈতিক সাহাৰ্য প্ৰদান কৰা হব। ইয়াৰোপৰি বিহাৰত প্ৰথমবাৰৰ বাবে এক্সপ্ৰেছ ৱে নিৰ্মাণৰ অনুমোদন জনায়।

মহিলাসকলৰ বাবে ৩ লাখ কোটিৰো অধিক টকা আৱন্টন দিয়ে। ইয়াৰোপৰি যিসকল মহিলা শ্ৰমিক তেওঁলোকৰ বাবে হোষ্টেলৰ ব্যৱস্থাও কৰিব। ৫ বছৰত ১ কোটি যুৱক- যুৱতীক ইন্টাৰ্ণশ্বীপৰ সুবিধা দিয়া হ’ব।  ৫০০ টা প্ৰতিষ্ঠানত ইন্টাৰ্ণশ্বীপ কৰোৱাব আৰু তেওঁলোকক মাহিলী ৫ হাজাৰকৈ দিব। কৃষি সংলগ্ন ক্ষেত্ৰৰ বাবে ১.৫২ লাখ কোটি টকা আৱন্টন জনাই বাজেটত। ইয়াৰোপৰি ৫ বছৰত ৪ কোটি যুৱক- যুৱতীক চাকৰি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰে। এই সকলোবোৰৰ লগতে বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে আৰু বহু ঘোষণা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...