চৰকাৰৰ ধন ক'ৰ পৰা আহে আৰু এই ধন কেনেকৈ খৰচ হয় জানি লওক... | Budget 2024: Income Source Of Central Govt And Expenditure In Different Sectors, Details in Assamese Assam news - Assam Tv9

চৰকাৰৰ ধন ক’ৰ পৰা আহে আৰু এই ধন কেনেকৈ খৰচ হয় জানি লওক…

Published: 

24 Jul 2024 | 07:19 AM

এখন ৰাষ্ট্ৰই কোনবোৰ খণ্ডৰ পৰা উপাৰ্জন কৰিব আৰু কোনবোৰ খণ্ডত খৰচ কৰিব তাৰ হিচাপ-নিকাচেৰে বাজেট তৈয়াৰ কৰা হয়। বাজেটে চৰকাৰৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ৰূপৰেখা দাঙি ধৰে।

1 / 7এখন ৰাষ্ট্ৰই কোনবোৰ খণ্ডৰ পৰা উপাৰ্জন কৰিব আৰু কোনবোৰ খণ্ডত খৰচ কৰিব তাৰ হিচাপ-নিকাচেৰে বাজেট তৈয়াৰ কৰা হয়। বাজেটে চৰকাৰৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ৰূপৰেখা দাঙি ধৰে।

এখন ৰাষ্ট্ৰই কোনবোৰ খণ্ডৰ পৰা উপাৰ্জন কৰিব আৰু কোনবোৰ খণ্ডত খৰচ কৰিব তাৰ হিচাপ-নিকাচেৰে বাজেট তৈয়াৰ কৰা হয়। বাজেটে চৰকাৰৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ৰূপৰেখা দাঙি ধৰে।

2 / 7

মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তৃতীয়খন এন ডি এ চৰকাৰৰ প্ৰথমখন সম্পূৰ্ণ বাজেট দাখিল কৰে। একেৰাহে সাতবাৰ বাজেট দাখিল কৰিলে নিৰ্মলাই।

3 / 7

এই বাজেটত চৰকাৰে যিদৰে বিভিন্ন খণ্ডত খৰচ কৰিব, সেইদৰে চৰকাৰে কোনটো খণ্ডৰ পৰা কিমান উপাৰ্জন কৰিব সেয়াও উল্লেখ কৰা হৈছে। জানি লওক চৰকাৰে কোনটো খণ্ডৰ পৰা কিমান আয় পায়? কোনটো খণ্ডত চৰকাৰে কিমান খৰচ কৰে?

4 / 7

২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত কোনটো খণ্ডৰ পৰা কিমান আয় হ’ব সেই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী ৰাজহৰ উৎস হৈছে আয়কৰ, আবকাৰী শুল্ক, জি এছ টি, নিগম কৰ।

5 / 7

আয়কৰৰ পৰা চৰকাৰৰ ৰাজহ ১৯ শতাংশ হোৱাৰ বিপৰীতে কেন্দ্ৰীয় আবকাৰী শুল্কৰ ৰাজহ ৫ শতাংশ হ’ব। জি এছ টি আৰু অন্যান্য কৰ পৰা ৰাজহ ১৮ শতাংশ হ’ব। নিগম কৰ পৰা ১৭ শতাংশ, শুল্ক বিভাগৰ পৰা ৪ শতাংশ, ঋণহীন মূলধনৰ পৰা ১ শতাংশ, কৰবিহীন মূলধনৰ পৰা ৯ শতাংশ আৰু বিভিন্ন ঋণ পৰা ২৭ শতাংশ হ’ব।

6 / 7

ব্যয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰাকৰে ৪ শতাংশ খৰচ কৰি পেঞ্চন আদায় দিব,১৯ শতাংশ সুতত ব্যয় কৰা হ’ব, ১৬ শতাংশ কেন্দ্ৰটোৰ বিভিন্ন প্ৰকল্প চলোৱাত, ৬ শতাংশ ৰাজসাহায্যৰ বাবে ব্যয় কৰা হ’ব আৰু ৮ শতাংশ প্ৰতিৰক্ষাৰ বাবে ব্যয় ধাৰ্য কৰা হৈছে ।

7 / 7

বিত্ত আয়োগৰ খৰচ হ’ব ৯ শতাংশ। কেন্দ্ৰীয় সহযোগিতামূলক আঁচনিৰ বাবে ৮ শতাংশ আৰু অন্যান্য খণ্ডসমূহত ৯ শতাংশ ব্যয় ধাৰ্য কৰা হৈছে ।

সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে