Budget 2024: মাত্ৰ এটা ক্লিকত পঢ়ক বাজেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
মোদী চৰকাৰ ৩.০ৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট। ১১ বজাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে বাজেট। মোদী কেবিনেটৰ অনুমোদন লাভ কৰাৰ পাছতেই বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটৰ সিদ্ধান্ত সমূহ ঘোষণা কৰে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
মঙলবাৰে সদনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সপ্তমবাৰৰ বাবে দাখিল কৰে বাজেট। মোদী চৰকাৰ ৩.০ৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট। ১১ বজাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে বাজেট। মোদী কেবিনেটৰ অনুমোদন লাভ কৰাৰ পাছতেই বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটৰ সিদ্ধান্ত সমূহ ঘোষণা কৰে। বাজেটত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত-
- মহিলাৰ বিকাশৰ বাবে ৩ লাখ কোটিৰো অধিক টকাৰ আৱন্টন
- শ্ৰমিক মহিলাৰ বাবে হোষ্টেলৰ ব্যৱস্থা।
- ১ কোটি কৃষকক প্ৰাকৃতিক কৃষিৰ বাবে সহায়।
- ১০ হাজাৰ বায়’ ইনপুট চেণ্টাৰ স্থাপন কৰা হ’ব।
- ৫ ৰাজ্যক কিষাণ ক্ৰেডিট কাৰ্ড অৰ্পন।
- গ্ৰাম্য উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকাৰ আৱন্টন।
- যদি দৰমহা ১ লাখ টকাৰ কম হয়, তেন্তে প্ৰথমবাৰৰ বাবে ইপিএফঅ’ত পঞ্জীয়ন কৰা লোকসকলে তিনি কিস্তিত ১৫ হাজাৰ টকাৰ সাহায্য লাভ কৰিব
- উৎপাদন খণ্ডত নিয়োগক প্ৰসাৰিত কৰিবলৈ চৰকাৰে প্ৰথম ৪ বছৰত ইপিএফঅ’ৰ সহায় আগবঢ়াব।
- প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিৰ অধীনত ৫ হাজাৰ টকা মাহিলী ভাট্টা প্ৰদান কৰা হ’ব।
- অমৃতসৰ কলকাতা ঔদ্যোগিক কৰিডৰৰ গয়াত ঔদ্যোগিক কেন্দ্ৰৰ উন্নয়ন।
- বিহাৰত এক্সপ্ৰেছ ৱে নিৰ্মাণ।
- চৰকাৰে ২৬০০০ কোটি টকা ব্যয় সাপেক্ষে পাটনা-পুৰ্ণিয়া এক্সপ্ৰেছৱে, বাক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছৱে, বোধগয়া, ৰাজগীৰ, বৈশালী আৰু দৰভঙাৰ পথ আৰু বাক্সাৰ গংগাৰ নতুন দলঙৰ কাম ক্ষিপ্ৰতাৰে কৰিব।
- চৰকাৰে অন্ধ্ৰ প্ৰদেশলৈ ১৫ হাজাৰ কোটি টকাৰ অতিৰিক্ত সাহায্য আগবঢ়াব।
- উত্তৰ-পূবৰ ৰাজ্যসমূহত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ ১০০ৰো অধিক শাখা স্থাপন কৰা হ’ব।
- মুদ্ৰা যোজনাৰ অধীনত ঋণৰ সীমা ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰা হৈছিল।
- প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰীয়া ২.০ৰ অধীনত ১ কোটি পৰিয়ালক ঘৰৰ ব্যৱস্থা কৰা হ’ব।
- দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় সহযোগিতা নীতি
- মোবাইল ফোন, চাৰ্জাৰৰ দাম কমিব।
- সোণ সস্তীয়া হ’ব।
- কৰ্কৰ ৰোগৰ ৩টা ঔষধৰ দাম কমিব।
- বান নিয়ন্ত্ৰণৰ বাবে অসমলৈ বিশেষ সাহাৰ্য।
- আন্তঃ গাঁথনি উন্নয়নৰ বাবে ১১.১১ লাখ কোটি টকা আৱন্টন।
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension