Education Loan Budget 2024: উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব শিক্ষা ঋণ, সবিশেষ…

Education Loan : উচ্চ শিক্ষাৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, এতিয়াৰ পৰা প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক ঋণ দিয়া হ’ব । এই ঋণত কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশ সুত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে ।

Education Loan Budget 2024: উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব শিক্ষা ঋণ, সবিশেষ...

উচ্চ শিক্ষাৰ বাবে ঋণ

Updated On: 

23 Jul 2024 | 03:40 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে । এই বাজেটে এইবাৰ শিক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । উচ্চ শিক্ষাৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, এতিয়াৰ পৰা প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক ঋণ দিয়া হ’ব । এই ঋণত কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশ সুত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে । মন কৰিবলগীয়া যে, বৰ্তমান চৰকাৰী বেংকসমূহে ৬.৮৫ ৰ পৰা ৯.৩৫ শতাংশ হাৰত শিক্ষা ঋণ প্ৰদান কৰি আছে ।

ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত যুৱক-যুৱতীৰ ইন্টাৰশ্বিপৰৰ ক্ষেত্ৰত বাজেটত ডাঙৰ ঘোষণা কৰিছে । সেই অনুসৰি, ১ কোটি যুৱক-যুৱতীয়ে অহা পাঁচ বছৰত বিভিন্ন কৰ্মক্ষেত্ৰত ইন্টাৰশ্বিপৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে দেশৰ ৫০০ টা কোম্পানীত এই ইন্টাৰশ্বিপৰ সুযোগ লাভ কৰিব যুৱক-যুৱতী সকলে । ইয়াৰ লগতে ইন্টাৰশ্বিপৰ এই সময়ছোৱাত যুৱক-যুৱতীসকলে লাভ কৰিব মাহিলী ৫ হাজাৰ টকা ।

উল্লেখ্য যে, মেনেজমেণ্টৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে চাকৰিৰ ক্ষেত্ৰত নিজৰ পৰিসৰ বৃদ্ধিৰ বাবে একাধিক ব্যৱহাৰিক পাঠ্যক্ৰমৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে । এই ব্যৱহাৰিক পাঠ্যক্ৰম প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যক্তিগত শিক্ষানুষ্ঠানৰ সংখ্যা সৰ্বাধিক । এনে ক্ষেত্ৰত মধ্যবিত্ত অভিভাৱকসকলে ব্যক্তিগত শিক্ষানুষ্ঠানত সন্তানক পঢ়োৱাৰ বাবে চিন্তিত হৈ পৰে । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অধিক শিক্ষা ঋণৰ ওপৰত ভৰসা কৰিবলগীয়া হয় । ৩ শতাংশ সুতৰ ৰেহাই দিলে শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...