অবৈধ নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ পৰা মুক্ত নহয় সীমান্ত ! BSF অভিযানত জব্দ ১.৪ কোটি টকাৰ কফ চিৰাপ…

ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই সীমান্ত সুৰক্ষা বাহিনীয়ে ১.৪ কোটি টকাৰ নিষিদ্ধ কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে । মাটিত তলত নিৰ্মাণ কৰা ষ্ট’ৰেজ টেংকৰ পৰা উদ্ধাৰ কৰা হৈছে এই নিষিদ্ধ কফ চিৰাপৰ বটল ।

অবৈধ নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ পৰা মুক্ত নহয় সীমান্ত ! BSF অভিযানত জব্দ ১.৪ কোটি টকাৰ কফ চিৰাপ...

ভাৰত-বাংলাদেশ সীমান্তত ১.৪ কোটি মূল্যৰ কফ চিৰাপৰ বিশাল ভাণ্ডাৰ

Updated On: 

25 Jan 2025 17:31 PM

সীমান্তৰে কেনেদৰে ড্ৰাগছ সৰবৰাহ হয় ? সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য । এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত পশ্চিম বংগৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নাদিয়া জিলাৰ কিষাণগঞ্জ থানাৰ অন্তৰ্গত মাজদিয়া চহৰৰ নাঘাটা অঞ্চলত এক অভিযান চলাইছিল সীমান্ত সুৰক্ষা বাহিনীয়ে । সীমান্ত সুৰক্ষা বাহিনী দক্ষিণ বংগ সীমান্তৰ ৩২ বেটেলিয়নে চলোৱা এই অভিযানত ৩টা মাটিৰ তলৰ ষ্ট’ৰেজ টেংকৰ পৰা ৬২,২০০ টা ফেনচেডাইলৰ কাফ চিৰাপৰ বটলৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে।

এই বটলৰ মূল্য এক কোটিতকৈও অধিক বুলি অনুমান কৰা হৈছে। অৰ্থাৎ এই বটলবোৰৰ দাম প্ৰায় ১,৪০,৫৮,৪৪৪ টকা। ফেনচেডাইলৰ কাফ চিৰাপৰ এই ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই সীমান্ত সীমান্তৱৰ্তী অঞ্চলত অব্যাহত থকা নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহাক পুনৰবাৰ প্ৰতিফলিত কৰিছে । জানিব পৰা মতে, যোৱা ২৪ জানুৱাৰীত সঠিক আৰু নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্য লাভ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীয়ে । এই তথ্য ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে নাদিয়া জিলাৰ মাজদিয়া চহৰত অভিযান আৰম্ভ কৰে।

এই অভিযানত পোহৰলৈ আহে যে, দুটা ষ্ট’ৰেজ টেংক ঘন গছ-গছনিৰ তলত নিৰ্মাণ কৰা হৈছিল, আনহাতে এটা ষ্ট’ৰেজ টেংক চিজিআই শ্বীটৰে নিৰ্মিত জুপুৰি এটাৰ তলত নিৰ্মাণ কৰা হৈছিল। এই ষ্ট’ৰেজ টেংকবোৰৰ পৰা কফ চিৰাপ বটল ভৰ্তি বাকচ উদ্ধাৰ কৰা হয়। মুঠ ৬২,২০০ টা কফ চিৰাপৰ বটল উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ইমান বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল জব্দ হোৱাৰ ঘটনাৰ ফলত অঞ্চলটোত চলি থকা নিচাযুক্ত দ্ৰব্য অবাধ সৰবৰাহ চলি থকাটো স্পষ্ট হৈ পৰে । জব্দ কৰা কফ চিৰাপৰ বটলবোৰ অধিক আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট বিভাগক গতাই দিয়া হৈছে। লগতে এই নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ সন্দৰ্ভত অধিক তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে ।

বি এছ এফ দক্ষিণ বংগ সীমান্তৰ মুখপাত্ৰই এই গুৰুত্বপূৰ্ণ অভিযানৰ সন্দৰ্ভত কয় যে, এই কৃতিত্ব সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সজাগতা, সাহস আৰু দায়বদ্ধতাৰ প্ৰমাণ। তেওঁ আৰু কয় যে, নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু অবাধ বেহা চলাই থকা এই বৃহৎ নেটৱৰ্কৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা হৈছে।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...