সীমান্তত আকৌ বাংলাদেশৰ ‘অবৈধ বাংকাৰ’ নিৰ্মাণ…কঠোৰ সকীয়নি বিএছএফৰ

সীমান্তত আকৌ বাংলাদেশৰ অবৈধ বাংকাৰ নিৰ্মাণ...কঠোৰ সকীয়নি বিএছএফৰ

সীমান্তত অবৈধ বাংকাৰ নিৰ্মাণ বাংলাদেশৰ

Updated On: 

03 Feb 2025 | 04:35 PM

আন্তঃৰাষ্ট্ৰীয় সীমাৰ ১৫০ গছৰ ভিতৰত বাংলাদেশৰ সীমান্তৰক্ষীয়ে “অবৈধ বাংকাৰ” নিৰ্মাণ কৰাক লৈ পুনৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে । বিজিবিৰ এই কাৰ্যত হস্তক্ষেপ কৰি বাধা প্ৰদান কৰে বিএছএফে । উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে বিজিবিৰ এইধৰণৰ কাৰ্যত হস্তক্ষেপ কৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ।

বিএছএফৰ সূত্ৰই সদৰী কৰিছে যে, বাংলাদেশৰ বিজিবিৰ জোৱানসকলে ১৫০ গজৰ সীমাৰ ভিতৰত নিৰ্মাণ কৰিছিল এই বাংকাৰ । একে সময়তে নিজৰ বাহিনীক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰাৰো প্ৰত্যক্ষ কৰিছে বিএছএফে । বিএছএফৰ সূত্ৰৰ মতে, নিয়মীয়া টহলৰ সময়ত এই কাৰ্য দূৰৰ পৰা দেখাৰ পিছত বি এছ এফে সতৰ্কবাণী দি কাম বন্ধ কৰি নিৰ্দেশ দিয়ে । আনকি, সীমান্তৰক্ষী বাংলাদেশক নিৰ্মাণ কৰা বাংকাৰ ভাঙি পেলাবলৈ নিৰ্দেশ দিয়ে বি এছ এফে । কিষানগঞ্জ ছেক্টৰৰ শিলিগুৰি ঠাকুৰগাঁও অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

বিএছএফৰ সূত্ৰ অনুসৰি, এই পকী বাংকাৰ নিৰ্মাণ কৰিছিল বিজিবিৰ ৪২ নং বেটেলিয়নে। কুলিক নদীৰ পৰা ১৫০ গজৰ ভিতৰত এই অবৈধ বাংকাৰ নিৰ্মাণৰ কাম চলি আছিল। এই নিৰ্মাণ কাৰ্য প্ৰত্যক্ষ কৰাৰ পাছতে বাংলাদেশৰ সীমান্তৰক্ষীক কাম বন্ধ কৰিবলৈ সকীয়াই দিয়ে বিএছএফৰ জোৱানসকলে।

ইয়াৰ সমান্তৰালভাৱে সীমান্তৰক্ষীয়ে বাংলাদেশে এইধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ নকৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে । ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ সকীয়নিৰ পাছতে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে সেই ঠাইত নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে। লগতে নিৰ্মাণৰ এটা অংশ ভাঙি পেলায়। বি এছ এফৰ সূত্ৰ মতে, পৰৱৰ্তী সময়ত যাতে এনে নিৰ্মাণ কাৰ্য নহয় তাৰ বাবে বাংলাদেশৰ সীমান্তৰক্ষীক ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা সকীয়াই দিয়া হৈছে ।

ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
পূৰণ হ'ব সকলো মনৰ ইচ্ছা! এই ৫টা উপায়ে সন্তুষ্ট কৰক হনুমানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?