ভাৰতত আছে হাদীৰ প্ৰাণ লোৱা দুই অভিযুক্ত! ঢাকাৰ দাবীৰ উত্তৰত কি ক’লে ভাৰতে?

হাদীৰ হত্যাত জড়িতসকলৰ শাস্তিৰ দাবীৰে দেশখনত গঢ়ি তোলা হৈছে প্ৰবল প্ৰতিবাদ। এনে পৰিস্থিতিৰ মাজতে দেওবাৰে ঢাকা মহানগৰ আৰক্ষীয়ে কৰিছিল এক চাঞ্চল্যকৰ দাবী। ওছমান হাদীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তই ভাৰতলৈ পলায়ন কৰা বুলি দাবী কৰিছিল ঢাকা মহানগৰ আৰক্ষীয়ে।

ভাৰতত আছে হাদীৰ প্ৰাণ লোৱা দুই অভিযুক্ত! ঢাকাৰ দাবীৰ উত্তৰত কি ক’লে ভাৰতে?

ওছমান হাদী

Updated On: 

29 Dec 2025 12:17 PM

যুৱ নেতা ওছমান হাদীৰ হত্যাকাণ্ডই সৃষ্টি কৰা উত্তেজনাৰ ঢৌ অব্যাহত আছে বাংলাদেশত। হাদীৰ হত্যাত জড়িতসকলৰ শাস্তিৰ দাবীৰে দেশখনত গঢ়ি তোলা হৈছে প্ৰবল প্ৰতিবাদ। এনে পৰিস্থিতিৰ মাজতে দেওবাৰে ঢাকা মহানগৰ আৰক্ষীয়ে কৰিছিল এক চাঞ্চল্যকৰ দাবী। ওছমান হাদীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তই ভাৰতলৈ পলায়ন কৰা বুলি দাবী কৰিছিল ঢাকা মহানগৰ আৰক্ষীয়ে। পিছে ঢাকাৰ এই দাবীক সম্পূৰ্ণৰূপে নাকচ কৰিছে ভাৰতীয় কৰ্তৃপক্ষই। ঢাকা আৰক্ষীৰ দাবী সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰিছে মেঘালয় আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী (BSF)- এ।

বাংলাদেশ আৰক্ষীৰ দাবী

বাংলাদেশৰ ইনকিলাব মঞ্চৰ আহ্বায়ক ওছমান হাদীৰ হত্যাকাণ্ডৰ তদন্ত চলাই থকা ঢাকা আৰক্ষীয়ে এইপৰ্যন্ত ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে মূল অভিযুক্ত ফৈজল আৰু আলমগীৰ শ্বেখৰ কোনো তথ্যও উদ্ধাৰ কৰিব পৰা নাই। এনে ব্যৰ্থতাৰ মাজতে দেওবাৰে ঢাকা আৰক্ষীয়ে কৰিছিল চাঞ্চল্যকৰ দাবী।

ঢাকাৰ অতিৰিক্ত আয়ুক্ত এন এন মহম্মদ নজৰুল ইছলামে দাবী কৰিছিল যে দুই মূল অভিযুক্ত ফৈজল আৰু আলমগীৰ শ্বেখে মৈমনসিঙৰ হালুৱাঘাট সীমান্তৰে ভাৰতলৈ পলায়ন কৰিছে। তেওঁ লগতে দুই অভিযুক্তক সহায় কৰা পূৰ্ণি আৰু ছামি নামৰ দুজন সহযোগীক ইতিমধ্যে মেঘালয় আৰক্ষীয়ে আটক কৰিছে বুলিও দাবী কৰিছিল।

ভাৰতৰ প্ৰতিক্ৰিয়া

ঢাকা আৰক্ষীৰ এই দাবীক মেঘালয় আৰক্ষী আৰু বি এছ এফে একেমুখে খণ্ডন কৰিছে। মেঘালয় সীমান্তৰ বি এছ এফৰ মহাপৰিদৰ্শক অ’ পি উপাধ্যায়ে এই সন্দৰ্ভত কয় যে হালুৱাঘাট সীমান্তৰে কোনো লোকে অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই। তেওঁ ঢাকা আৰক্ষীৰ এই দাবীক সম্পূৰ্ণ ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰে।

ইফালে মেঘালয় আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই ‘হিন্দুস্তান টাইমছ’ৰ আগত স্পষ্ট কৰি দিয়ে যে বাংলাদেশ আৰক্ষীৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক আলোচনা হোৱা নাই। বাংলাদেশৰ পৰা কোনো অভিযুক্তৰ নামো তেওঁলোকে লাভ কৰা নাই আৰু কোনো ব্যক্তিকে এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও তেওঁ লগতে কয়।

ঢাকা আৰক্ষীয়ে উল্লেখ কৰা পূৰ্ণি বা ছামি নামৰ কোনো লোকৰ বিষয়ে মেঘালয় আৰক্ষী জ্ঞাত নহয় বুলিও আৰক্ষী বিষয়াজনে লগতে উল্লেখ কৰে। ভাৰতৰ স্পষ্ট অস্বীকাৰৰ পিছত এতিয়া ঢাকাৰ স্থিতি কি হ’ব, হ’ব সেয়া লক্ষণীয়।

মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বৃক্ক সুস্থ কৰি ৰাখিবলৈ দৈনিক কিমান লিটাৰ পানী খাব লাগে? জানক...
ডালিমৰ এনে আশ্চৰ্যকৰ উপকাৰী গুণৰ বিষয়ে জানেনে? শীতৰ সময়ত হৈ পৰিব মহৌষধ
শীতকালত কিয় বৃদ্ধি পায় চুগাৰৰ মাত্ৰা? কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানক...
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...