পাকিস্তানে উভতাই দিলে BSF জোৱান পিকে সাহুক, ভাৰতে উভতালে ৰেঞ্জাৰক…
বি এছ এফে কয় যে, জোৱান পিকে চাউ ঘূৰি আহিছে। ২০২৫ চনৰ ২৩ এপ্ৰিলৰ পৰা পাকিস্তান ৰেঞ্জাৰছৰ জিম্মাত থকা জোৱানজন পুৱা প্ৰায় ১০:৩০ বজাত জইণ্ট চেক পোষ্ট আটাৰীৰ জৰিয়তে ভাৰতক গতাই দিয়ে।

বি এছ এফ জোৱান
অৱশেষত পাকিস্তানে মুকলি কৰি দিলে বি এছ এফ জোৱান পূৰ্ণম কুমাৰ চাউক। ইয়াৰ বিনিময়ত ভাৰতে উভতাই দিলে পাকিস্তানী ৰেঞ্জাৰক। পাকিস্তানে উভতাই দিয়াৰ পাছতে বি এছ এফ জোৱানগৰাকী অটাৰী সীমান্তৰ পৰা ভাৰতত প্ৰৱেশ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, এই জোৱানজন ভুলবশত সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছত ভাৰতেও এজন পাকিস্তানী ৰেঞ্জাৰক আটক কৰিছিল। অৱশেষত বুধবাৰে পুৱা ১০.৩০ বজাত ভাৰত-পাকিস্তানে দুই দেশৰ সেনা আদান প্ৰদান কৰে।
বি এছ এফে জোৱানজন উভতি অহাৰ বিষয়ে জনাইছে। এই সন্দৰ্ভত এক প্ৰেছ বিবৃতি জাৰি কৰি কয় যে, জোৱান পিকে চাউ ঘূৰি আহিছে। ২০২৫ চনৰ ২৩ এপ্ৰিলৰ পৰা পাকিস্তান ৰেঞ্জাৰছৰ জিম্মাত থকা জোৱানজন পুৱা প্ৰায় ১০:৩০ বজাত জইণ্ট চেক পোষ্ট আটাৰীৰ জৰিয়তে ভাৰতক গতাই দিয়ে। বি এছ এফে শান্তিপূৰ্ণভাৱে আৰু প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি এই হস্তান্তৰ কৰে বুলি জনায়।
ভাৰতে উভতাই দিলে পাকিস্তানী ৰেঞ্জাৰ্চ
উল্লেখ্য যে, বিগত কেইটামান দিনত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। এই সময়চোৱাত দুয়োখন দেশৰ মাজত চলিছিল আক্ৰমণ-প্ৰত্যাক্ৰমণ। পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত যুদ্ধ বিৰতি হয়। এই যুদ্ধ বিৰতিৰ পাছতে আজি দুয়োখন দেশে সেনা আটক কৰি ৰখা সেনা উভতাই দিয়ে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ফিৰোজপুৰৰ ওচৰৰ ভাৰত-পাকিস্তানৰ সীমান্তৰ পৰা পাকিস্তানী ৰেঞ্জাৰ্চে ভাৰতীয় সেনাক আটক কৰি লৈ গৈছিল। বিএছএফৰ জোৱানগৰাকী ২৩ এপ্ৰিলৰ পৰা পাকিস্তানৰ জিম্মাত আছিল। পঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ ভাৰত-পঞ্জাৱ সীমান্তত কৰ্তব্যৰত চাউৱে যোৱা ২৩ এপ্ৰিলত শূন্য ৰেখাৰ সমীপৰ পথাৰত কৰ্মৰত সীমান্তৰ গাঁওবাসী (কৃষক)ক সহায় কৰি থকাৰ সময়তে ভুলবশতঃ সীমান্ত পাৰ হৈ যায়। পৰৱৰ্তী সময়ত পাকিস্তানী সেনাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
ইয়াৰ বিপৰীতে বি এছ এফে ৰাজস্থানত ভাৰতীয় সীমাৰ ওচৰৰ পৰা পাকিস্তান ৰেঞ্জাৰ্চক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি, পাকিস্তানী ৰেঞ্জাৰগৰাকীয়ে সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল। এই সময়চোৱাত জোৱানজনক দেখিছিল ভাৰতীয় সেনাই আৰু পাছত তেওঁক গ্ৰেপ্তাৰ কৰিছিল। এই জোৱানসকলৰে আজি আদান-প্ৰদান হয়।
অন্য খবৰ পঢ়কঃ S-500: ৰাছিয়া-ভাৰতে নিৰ্মাণ কৰিব নেকি S-500 বায়ু প্ৰতিৰক্ষা ব্যৱস্থা? জানক ইয়াৰ বিশেষত্ব…