সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা! বি এছ এফৰ কবলত পাকিস্তানী ৰেঞ্জাৰ

সূত্ৰ অনুসৰি ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত আজি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ এগৰাকী পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰিছে। পাক ৰেঞ্জাৰগৰাকীয়ে সীমান্ত পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা! বি এছ এফৰ কবলত পাকিস্তানী ৰেঞ্জাৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

03 May 2025 | 10:27 PM

পহলগাম আক্ৰমণক কেন্দ্ৰ কৰি শেহতীয়া কিছুদিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ তিক্ততা অধিক বৃদ্ধি পাইছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যুদ্ধময় পৰিস্থিতিৰো আশংকা দেখা গৈছে। তেনে পৰিস্থিতিৰ মাজতে আজি ৰাজস্থানৰ শ্ৰীগংগনগৰত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। সূত্ৰ অনুসৰি ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত আজি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ এগৰাকী পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰিছে। পাক ৰেঞ্জাৰগৰাকীয়ে সীমান্ত পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, পাকিস্তানী ৰেঞ্জাৰজনে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে BSFৰ টহলদাৰী জোৱানসকলৰ দৃষ্টিগোচৰ হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ধৃত পাকিস্তানী ৰেঞ্জাৰগৰাকীয়ে কি উদ্দেশ্যত ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। জানিব পৰা মতে, পাক ৰেঞ্জাৰজনক সম্প্ৰতি বি এছ এফৰ বিষয়াই জেৰা কৰি আছে। এই ঘটনাৰ পিছত সীমান্তত নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে।

এই ঘটনাৰ মাজতে ইফালে পাকিস্তানৰ জিম্মাত থকা বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰতীয় জোৱানজনক শীঘ্ৰে দেশলৈ ঘূৰাই অনা হ’ব। বি এছ এফৰ উচ্চপদস্থ বিষয়াই পূৰ্ণম শ্ব’ৰ পত্নী ৰজনীক এই বিষয়ে জানিবলৈ দিয়া বুলি প্ৰকাশ পাইছে। কিছুদিন পূৰ্বে ৰজনীয়ে পৰিয়ালসহ পশ্চিম বংগৰ ৰিশ্ৰাৰ পৰা পঞ্জাৱৰ পাঠানকোটত উপস্থিত হৈছিল।

সেই সময়ত তেওঁ ফিৰোজপুৰত বি এছ এফৰ কমাণ্ডিং অফিচাৰক সাক্ষাৎ কৰিছিল আৰু তেতিয়াই বিষয়াজনে শ্ব’ক মুকলি কৰি অনাৰ আশ্বাস দিছিল। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰজনীয়ে কয় যে কমাণ্ডিং অফিচাৰে পাকিস্তান ৰেঞ্জাৰ্ছৰ সৈতে আলোচনা চলি থকাৰ কথা জানিবলৈ দিছে আৰু অতি সোনকালে এই বিষয়ত সমাধানৰ সম্ভাৱনা আছে। ৰজনীয়ে লগতে বিষয়াজনে তেওঁক পূৰ্ণম সম্প্ৰতি সুৰক্ষিত আৰু সোনকালে ঘূৰি আহিব পাৰিব বুলি আশ্বাস দিয়াৰ কথাও সদৰী কৰে।

উল্লেখ্য যে ২৪ নং বেটেলিয়নৰ কনিষ্টবল পূৰ্ণমক যোৱা ২৩ এপ্ৰিলত পাকিস্তান ৰেঞ্জাৰে বন্দী কৰিছিল। তেওঁ ভুলৱশতঃ ফিৰোজপুৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰিছিল। তেতিয়াৰ পৰাই তেওঁক ঘূৰাই অনাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলি আছে। ইফালে পাকিস্তানৰ ছ’চিয়েল মিডিয়া হেণ্ডেলে পূৰ্ণমৰ কিছু ছবি প্ৰকাশ কৰিছিল। এই ছবিসমূহত তেওঁক চকুত চকুত কাপোৰ বান্ধি থোৱা দেখা গৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...