বাংলাদেশী সেনাৰ চূড়ান্ত অমানৱীয়তাঃ BSF- এ দেখুৱালে দেশপ্ৰেমৰ লগতে মানৱপ্ৰেমৰ নিদৰ্শন

ভাৰত আৰু বাংলাদেশৰ সীমান্তত দেখা দিয়া এক দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে। এই দৃশ্যই এফালে যিদৰে বাংলাদেশ সীমান্তৰক্ষীৰ অমানৱীয় দিশটোক উন্মোচিত কৰিছে, তাৰ সমান্তৰালভাৱে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ দেশপ্ৰেম আৰু মানৱীয় প্ৰমূল্যবোধক প্ৰতিফলিত কৰি তুলিছে। এগৰাকী বিশেষভাৱে সক্ষম যুৱকক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই সমগ্ৰ ঘটনা।

বাংলাদেশী সেনাৰ চূড়ান্ত অমানৱীয়তাঃ BSF- এ দেখুৱালে দেশপ্ৰেমৰ লগতে মানৱপ্ৰেমৰ নিদৰ্শন

BSF আৰু BGBৰ মাজত আলোচনা

Published: 

27 May 2025 | 11:58 PM

বাংলাদেশ-ভাৰতৰ ৰাজনৈতিক সম্পৰ্ক শেহতীয়া সময়ছোৱাত ক্ৰমাগতভাৱে বেয়াৰ ফাললৈ ঢাল খাইছে। তাৰ সমান্তৰালকৈ সীমান্তত চুবুৰীয়া দেশখনৰ পৰা অনুপ্ৰৱেশৰ ক্ষেত্ৰতো কঠোৰ হ’বলগা হৈছে ভাৰত। তেনে সময়তে দুয়োদেশৰ মাজৰ সীমান্তত দেখা দিয়া এক দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে। এই দৃশ্যই এফালে যিদৰে বাংলাদেশ সীমান্তৰক্ষীৰ অমানৱীয় দিশটোক উন্মোচিত কৰিছে, তাৰ সমান্তৰালভাৱে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ দেশপ্ৰেম আৰু মানৱীয় প্ৰমূল্যবোধক প্ৰতিফলিত কৰি তুলিছে।

ভাৰত আৰু বাংলাদেশৰ সীমান্তত এগৰাকী বিশেষভাৱে সক্ষম যুৱকক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই সমগ্ৰ ঘটনা। নিজৰ দেশৰ বাসিন্দা এই যুৱকজনক দেশলৈ ঘূৰি যোৱাত বাধা দি অমানৱীয়তাৰ প্ৰতিফলন ঘটাইছে ব’ৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশ, চমুকৈ BGB- এ। বিশেষভাৱে সক্ষম বাংলাদেশী যুৱকজনক ভাৰতীয় বুলি দাবী কৰি BGB- এ গা এৰা দিয়াৰ চেষ্টা চলায়। কেৱল সিমানেই নহয়, বাংলাদেশী সীমান্তৰক্ষীয়ে আনকি যুৱকজনক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰোৱাৰো চেষ্টা কৰে।

পিছে বাংলাদেশী সেনাৰ এই প্ৰচেষ্টাত পূৰ্ণ বাধা দিয়ে বি এছ এফে। ইয়াৰ পৰিণতিত ব্যৰ্থ হয় BGBৰ সকলো চেষ্টা। কিন্তু তাৰ পিছতে প্ৰকাশ পায় BGB- ৰ অমানৱীয় ৰূপ। বি এছ এফক সৈমান কৰিব নোৱাৰি বাংলাদেশী জোৱানসকলে নিশা যুৱকজনক ভাৰত-বাংলাদেশ সীমান্তত এৰি থৈ আঁতৰি যায়। এনে পৰিস্থিতিত বাংলাদেশ সীমান্তৰ সমীপৰ অঞ্চলত নিশা কটাব লগা হয় যুৱকজনে। এইদৰে খাদ্য-পানী অবিহনেই নিশা কটায় যুৱকজনে।

গোটেই ৰাতি মুকলি আকাশৰ তলতে শুই থাকিল যুৱকজন। ইফালে পুৱা বি এছ এফৰ জোৱানসকলে যুৱকজনক দেখি লৰালৰিকৈ তেওঁৰ কাষ চাপি যায় আৰু পানী তথা খাদ্য যোগান ধৰে। তাৰ পাছতে বাংলাদেশৰ সীমান্তৰক্ষী জোৱান পুনৰ সেই স্থানলৈ আহে আৰু বি এছ এফৰ ওপৰত পুনৰ হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে। কিন্তু বি এছ এফৰ জোৱানসকলে নিজৰ স্থিতিত অটল হৈ থাকিল। ইয়াৰ পিছত দুয়োপক্ষৰ মাজত বৈঠক অনুষ্ঠিত হয়।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে জলপাইগুৰি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত। দুয়োপক্ষৰ মাজত বৈঠকত অৱশেষত যুৱকজন বাংলাদেশৰ টংভাংগা অঞ্চলৰ বাসিন্দা বুলি প্ৰমাণিত হয়। এই বিশেষভাৱে সক্ষম যুৱকজনৰ নাম ৰাছেল ইছলাম। চৌবিশ বছৰীয়া ৰাছেল আকস্মিকভাৱে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰি এনে অৱস্থাৰ সন্মুখীন হৈছিল। অৱশেষত সকলো তথ্য পোহৰলৈ অহাত বাংলাদেশী জোৱানসকলে যুৱকজনক পৰিয়ালৰ হাতত গতাই দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব