মৃত প্ৰেমিকাৰ শিৰত সেন্দূৰ দিলে যুৱকে, পাছত লৈ যোৱা হ’ল শ্মশানলৈ…

মৃত প্ৰেমিকাৰ শিৰত সেন্দূৰ পিন্ধালে প্ৰেমিকে। জানিব পৰা মতে, দুই প্ৰেমিক-প্ৰেমিকাৰ বিয়া হোৱাৰ কথা আছিল। কিন্তু বিয়াৰ পূৰ্বে যুৱতীগৰাকীৰ মৃত্যু হয়। যাৰ বাবে প্ৰেমিকে প্ৰেমিকাৰ বিয়া হোৱাৰ ইচ্ছা পূৰণ কৰে।

মৃত প্ৰেমিকাৰ শিৰত সেন্দূৰ দিলে যুৱকে, পাছত লৈ যোৱা হল শ্মশানলৈ...

প্ৰেমিক-প্ৰেমিকা (প্ৰতীকি ফটো)

Published: 

05 May 2025 | 03:09 PM

আজিৰ সময়ত প্ৰেমত প্ৰতাৰণা, সম্পৰ্কত বিচ্ছেদ আদি ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায়। একাংশৰ মতে, আজিৰ সময়ত সঁচা প্ৰেম নাই। সঁচা প্ৰেম তথা প্ৰকৃত সম্পৰ্ক আজিৰ দিনত বিৰল। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই প্ৰেমৰ অন্য এক ৰূপ দেখুৱাই দিছে। য’ত এজন প্ৰেমিকে প্ৰেমিকাক অন্তিম বিদায় দিয়াৰ পূৰ্বে সেন্দূৰ দি বিয়া কৰায়। এই ঘটনা পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ।

ইয়াৰ লগতে প্ৰেমিকে সিদ্ধান্ত গ্ৰহণ কৰে যে তেওঁ আৰু জীৱনত কেতিয়াও বিয়া নকৰায়। জানিব পৰা মতে, এই প্ৰেমিকজনৰ নাম সাগৰ বাৰিক। কলকাতাৰ বাসিন্দা এই যুৱকজনৰ প্ৰেয়সী আছিল হাওৰাৰ বাসিন্দা মৌলি মণ্ডল(২৩)। এই যুৱতীগৰাকীৰ সৈতে প্ৰথমে সাগৰৰ বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। পৰৱৰ্কী সময়ত দুয়ো প্ৰেমৰ বান্ধোনত বান্ধ খাইছিল।

সকলো ঠিকে আছিল, কিন্তু ২০২৩ চনত যুৱতীগৰাকী গুৰুতৰ ৰোগত আক্ৰান্ত হয়। পৰীক্ষাৰ অন্তত ধৰা পৰে যে কৰ্কট ৰোগত আক্ৰান্ত হৈছে তেওঁ। প্ৰথমে মৌলি মণ্ডলৰ কেমোথেৰাপি কৰিছিল। ইয়াৰ পাছত তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছিল। পৰৱৰ্তী সময়ত সাগৰ আৰু মৌলিয়ে সোনকালে বিবাহ-পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কিন্তু নিষ্ঠুৰ নিয়তি! যোৱা ২ মে’ত মৌলিয়ে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয়। জীয়াই থকা অৱস্থাত মৌলিৰ বিয়া হোৱাৰ সপোন পূৰণ নহ’লেও মৃত্যুৰ পাছত সেই ইচ্ছা পূৰণ কৰে প্ৰেমিকে। যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আগতে সাগৰে বিয়াৰ সকলো নীতি-নিয়ম সম্পূৰ্ণ কৰে।

দুয়ো সপোন দেখা অনুসৰি এটা এটাকৈ সাগৰে সকলো নিয়ম কৰি যায় আৰু পাছত মৌলিৰ শিৰত সেন্দূৰ দিয়ে। কিন্তু সেই সময়ত মৌলি আছিল নিঠৰ, মৌলি হৈ পৰিছিল এটা মৃতদেহ। নিজৰ বিয়াৰ দৃশ্য মৌলিয়ে চাব নোৱাৰিলে। সাগৰে মৌলিক বিয়া কৰোৱাৰ পাছতে তেওঁ শ্মশানলৈ লৈ যোৱা হয়।

সাগৰে কয় যে,তেওঁ মৌলিৰ শেষ ইচ্ছা পূৰণ কৰিব বিচাৰিছিল, কিন্তু নোৱাৰিলে। দৰাচলতে মৌলিয়ে বহু আগতেই সাগৰক তেওঁৰ কৰ্কট ৰোগ হোৱাৰ কথা কৈছিল। ইয়াৰ বাবে মৌলিয়ে কালিঘাট মন্দিৰত পূজা কৰিব বিচাৰিছিল। কিন্তু মৌলিৰ শেষ ইচ্ছা পূৰণ কৰিব নোৱাৰা বাবে সাগৰে দুখ প্ৰকাশ কৰে। লগতে কয় যে, তেওঁ জীৱনত কেতিয়াও বিয়া নাপাতে।

ইফালে মৌলিৰ ভাতৃ অভিষেকে কয় যে, মৌলি বহুত ভাগ্যবান আছিল যে তেওঁৰ জীৱনলৈ সাগৰৰ দৰে যুৱক আহিছিল। মৌলিৰ ভাল বেয়া সকলো সময়তে সাগৰ লগত আছিল। কেৱল ইমানেই নহয়, সাগৰৰ পৰিয়ালৰ লোকো মৌলিৰ কঠিন সময়ত সদায় কাষত থিয় দিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব