বোমাৰে উৰুৱাই দিয়া হ’ব হাজী আলী দৰগাহ! ভাবুকিৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ

দেশৰ বিখ্যাত তথা পূজনীয় ধৰ্মীয় স্থান মুম্বাইস্থিত হাজী আলী দৰগাহ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে অচিনাক্ত এক দুৰ্বৃত্তই। দৰগাহ ট্ৰাষ্টলৈ ফোন কৰি দুৰ্বৃত্তই এই ভাবুকি দিয়া বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে তাৎক্ষণিকভাৱে আৰম্ভ কৰে তদন্ত।

বোমাৰে উৰুৱাই দিয়া হ’ব হাজী আলী দৰগাহ! ভাবুকিৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ

মুম্বাইৰ বিখ্যাত হাজী আলী দৰগাহ

Published: 

26 Sep 2024 | 09:01 PM

ভাঙি পেলাওক হাজী আলী দৰগাহ, অন্যথা বোমাৰে উৰুৱাই দিয়া হ’ব। এই ভাবুকিৰে এক ফোনকল লাভ কৰিছে মুম্বাইৰ বিখ্যাত হাজী আলী দৰগাহ ট্ৰাষ্টে। এই ভাবুকিয়ে সম্প্ৰতি সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। বিগত কিছুদিন ধৰি দেশত এনে ভাবুকিভৰা মেইল, ফোন বা চিঠিৰ ঘটনা ব্যাপক ৰূপত দেখিবলৈ পোৱা গৈছে। এনে ভাবুকিসমূহ প্ৰায় ভুৱা হিচাপেই প্ৰমাণিত হৈ আহিছে। তথাপি এনে ভাবুকিসমূহে খন্তেকৰ ভিতৰতে জোকাৰি তোলে প্ৰশাসন। এইবাৰ বিখ্যাত হাজী আলী দৰগাহলৈ দিয়া এই বোমা বিস্ফোৰণৰ ভাবুকিয়ে সকলোকে আতংকিত কৰি তুলিছে।

তথ্য অনুসৰি এজন ব্যক্তিয়ে দৰগাহ ট্ৰাষ্টৰ কাৰ্যালয়লৈ ফোন কৰি ভাবুকি দি কয় যে হাজী আলী দৰগাহত বোমা স্থাপন কৰা হৈছে। তৎক্ষণাত দৰগাহ ভাঙি পেলাওক। এই ভাবুকিমূলক ফোনটো বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত লাভ কৰা বুলি জানিবলৈ দিছে ট্ৰাষ্টৰ লোকসকলে। এনে ভাবুকি লাভ কৰাৰ পিছতে ট্ৰাষ্টৰ লোকসকলে লগে লগে স্থানীয় আৰক্ষী থানাত এই বিষয়ে অৱগত কৰে।

খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু বোমা স্কোৱাডৰ দল সেই স্থানত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। আজি মুম্বাই আৰক্ষীয়ে এক বিবৃতি যোগে এই সন্দৰ্ভত কয় যে বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত হাজী আলী দৰগাহ ট্ৰাষ্টৰ কাৰ্যালয়লৈ এটা ফোন কল আহিছিল। এই ফোনকলত মুম্বাইৰ ৱৰ্লি অঞ্চলত অৱস্থিত হাজী আলী দৰগাহ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল।

এই ভাবুকিৰে ফোন কৰা ব্যক্তিজনে নিজকে পৱন বুলি পৰিচয় দি অশ্ৰাৱ্য গালি-গালাজ দিয়াৰ লগতে লগতে দৰগাহ সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিয়া বুলিও আৰক্ষীয়ে উল্লেখ কৰিছে। এই সন্দৰ্ভত হাজী আলী দৰগাহৰ ট্ৰাষ্টে সমীপৰ আৰক্ষী থানাত লগে লগে অভিযোগ দাখিল কৰে। আৰক্ষী থানাৰ বিষয়া আৰু বোমা স্কোৱাডৰ দলে দৰগাহত উপস্থিত হৈ তদন্ত কৰে যদিও সন্দেহজনক একো পোৱা নগ’ল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

বৰ্তমান স্থানীয় আৰক্ষীয়ে এই ভাবুকি দিয়া অচিনাকি ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। লক্ষণীয়ভাৱে হাজী আলী দৰগাহলৈ এইদৰে বোমা বিস্ফোৰণৰ ভাবুকি এয়াই প্ৰথম নহয়। ২০২২ চনতো এবাৰ দহাগাহ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছিল। মুম্বাই পুলিচ কণ্ট্ৰল ৰুমলৈ এনে ভাবুকিৰে ফোন কৰিহিল দুৰ্বৃত্তই। এই ফোন যোগে অভিযুক্তই ১৭টা সন্ত্ৰাসবাদীয়ে দৰগাহত বিস্ফোৰণ কৰিবলৈ ওলাইছে বুলি দাবী কৰিছিল।

এই ভাবুকি দিয়াৰ পিছতে তেওঁ লগে লগে ফোনটো বিচ্ছিন্ন কৰি বন্ধ কৰি দিয়ে। অৱশ্যে মুম্বাই আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তৰ ফোনটো ট্ৰেচ কৰি তেওঁৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। কিন্তু পিছত অভিযুক্ত এই লোকজন মানসিকভাৱে অসুস্থ বুলি ধৰা পৰে। উল্লেখ্য যে মুম্বাইৰ অন্যতম জনপ্ৰিয় ধৰ্মীয় স্থান হাজী আলী দৰগাহ। সকলো ধৰ্মৰ লোক মনোকামনা পূৰণৰ আশাৰে এই দৰগাহলৈ যোৱা দেখিবলৈ পোৱা যায়।

মুম্বাই উপকূলৰ পৰা প্ৰায় ৫০০ গজ দূৰত্বত আৰব সাগৰৰ মাজভাগত লালা লাজপত ৰায় মাৰ্গৰ ওচৰত অৱস্থিত দেশৰ এই বিখ্যাত তথা পূজনীয় ধৰ্মীয় স্থান। হাজী আলী দৰগাহ হৈছে মুছলমান চুফী সন্ত পীৰ হাজী আলী শ্বাহ বুখাৰীৰ সমাধি কমপ্লেক্স। সমাধিস্থলৰ লগতে হাজী আলীৰ মছজিদো আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...