বিধানসভাৰ পৰা মুছলমান বিধায়কক বাহিৰ কৰি দিব খোজা কোন এইজন বিজেপি নেতা?

এগৰাকী বিজেপি নেতাৰ বক্তব্যই তোলপাৰ লগাইছে দেশৰ ৰাজনীতিত । মুছলমানক লৈ চাঞ্চল্যকৰ মন্তব্য বিজেপি নেতাগৰাকীৰ । বিধানসভাৰ পৰা মুছলমান বিধায়কক গতিয়াই উলিয়াই দিয়াৰ হুমকি দিলে বিধায়কে । চাওক সবিশেষ-

বিধানসভাৰ পৰা মুছলমান বিধায়কক বাহিৰ কৰি দিব খোজা কোন এইজন বিজেপি নেতা?

প্ৰতীকী ছবি

Published: 

13 Mar 2025 | 03:22 PM

হিন্দু-মুছলমান, ইয়াকলৈ প্ৰায়ে ৰাজনীতি চলাৰ অভিযোগ উঠে আমাৰ দেশত । কোনো দলে হিন্দু আৰু কোনো দলে মুছলমানৰ সমৰ্থন পাবলৈ ৰাজনীতি খেলা বুলি বিভিন্ন সময়ত চৰ্চা হোৱা দেখা যায় । শেহতীয়াকৈ এগৰাকী বিজেপি নেতাৰ বক্তব্যই পুনৰ এই জাত-পাতৰ ৰাজনীতিৰ অভিযোগক স্পষ্ট কৰি তুলিলে ।

বংগৰ বিজেপি নেতা তথা বিধানসভাৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীয়ে কৰা এক মন্তব্যই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিজেপি নেতাগৰাকীয়ে মঙলবাৰে মন্তব্য কৰিছিল- “বিজেপিয়ে অহাবাৰ চৰকাৰ গঠন কৰাৰ পাছত মুছলমান বিধায়কসকলক বিধানসভাৰ পৰা বাহিৰ কৰি দিব ।” তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্যখনত ২০২৬ চনত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ দলে এই মন্তব্যক “ঘৃণনীয় বক্তব্য” বুলি অভিহিত কৰে । তাৰ এদিন পূৰ্বে বিজেপিৰ হালদিয়াৰ বিধায়ক তপসী মণ্ডলে তৃণমূলত যোগদিয়াৰ পাছত অধিকাৰীৰ “মানসিক স্থিতিশীলতা”ক লৈ প্রশ্ন উত্থাপন কৰে শাসক দলটোৱে ৷

১৭ ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ শেষলৈকে বিধানসভাৰ পৰা নিলম্বিত হোৱা অধিকাৰীয়ে মমতা চৰকাৰক “মুছলিম লীগৰ দ্বিতীয় সংস্কৰণৰ দৰে আচৰণ কৰা সাম্প্ৰদায়িক প্ৰশাসন” বুলি অভিহিত কৰে । বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত তেওঁ কয় যে বংগৰ জনসাধাৰণে এইবাৰ তেওঁলোকক ওফৰাই পেলাব । সুভেন্দু অধিকাৰীৰ এই মন্তব্য সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ কৰ্তৃপক্ষই কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে ।

তৃণমূলৰ মুখপাত্ৰ কুনাল ঘোষে কয় যে এজন নিৰ্বাচিত প্ৰতিনিধিয়ে সহযোগী বিধায়কৰ বিৰুদ্ধে এনে কটু ভাষা ব্যৱহাৰ কৰাটো উচিত নহয় । ‘‘সংসদ বা ৰাজ্যিক বিধানসভাত বিতৰ্ক আৰু যুক্তি হ’ব পাৰে । কিন্তু ধৰ্মক লৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিধায়কক লক্ষ্য কৰি লোৱাটো সংবিধানৰ নীতিৰ বিপৰীত । ই বিপজ্জনক, উত্তেজক আৰু অসৎ । ই এটা অপৰাধমূলক কাণ্ড ।” তেওঁ কয় ।

অধিকাৰীৰ বক্তব্যই তেওঁৰ দলতো অস্বস্তিৰ সৃষ্টি কৰাটো এয়া প্ৰথম দৃষ্টান্ত নহয় । বংগত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ নিম্নমানৰ প্ৰদৰ্শনৰ পিছত অধিকাৰীয়ে দলটোৰ ‘সবকা সাথ, সবকা বিকাশ’ শ্লোগান বন্ধ কৰাৰ আহ্বান জনাইছিল । তেওঁ কৈছিল “মই ক’ম ‘জৌ হামাৰে সাথ, হাম উনকে সাথ’। আমাক সংখ্যালঘু মৰ্চাৰ প্ৰয়োজন নাই ।’’- দলৰ সহকৰ্মীসকলে ৰাজহুৱাভাৱে এই মন্তব্য অস্বীকাৰ কৰে ।

মুছলমানক লৈ এনে বক্তব্য কেৱল বংগতে নহয় অসমতো পৰিলক্ষিত হৈ আহিছে । অসমত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লৈ বিগত সময়ত বিভিন্ন ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত ঘটা ঘটনাৰ সাক্ষী হৈ আহিছে ৰাইজ । নিৰ্বাচনী সভা-সমিতিত এই বিশেষ সম্প্ৰদায়ক মুকলিভাৱে মন্তব্য কৰা দেখা গৈছিল । সেই সম্প্ৰদায়ৰ ভোট নালাগে বুলিও মুকলিকৈয়ে কোৱা হৈছিল । কিন্তু তাৰ পাছত যোৱা বিধানসভা উপ-নিৰ্বাচনত বিশেষকৈ চামগুৰি সমষ্টিত সুৰ সলনি হৈছিল বিজেপি নেতাসকলৰ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...