‘চিকিৎসালয়ত সুকীয়াকৈ চিকিৎসা প্ৰদান কৰিব লাগে মুছলমানক’, বিজেপি বিধায়িকাৰ দাবীয়ে সৃষ্টি কৰিছে বিতৰ্কৰ…

বলিয়াত নতুন চিকিৎসা মহাবিদ্যালয় সন্দৰ্ভত মুছলমানসকলৰ বাবে এটা সুকীয়া শাখা গঢ়ি তুলিবলৈ দাবী জনাইছে বিজেপিৰ বিধায়িকা কেতকী সিঙে । তেওঁৰ যুক্তি যে, ইয়াৰ দ্বাৰা হিন্দু সমাজে নিৰাপত্তা অনুভৱ কৰিব। এই বক্তব্য বিতৰ্কত সোমাই পৰাৰ লগতে বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

চিকিৎসালয়ত সুকীয়াকৈ চিকিৎসা প্ৰদান কৰিব লাগে মুছলমানক, বিজেপি বিধায়িকাৰ দাবীয়ে সৃষ্টি কৰিছে বিতৰ্কৰ...

বিজেপি বিধায়িকা কেতকী সিং

Updated On: 

11 Mar 2025 10:58 AM

নিজৰ ব্যক্তব্যৰ বাবে প্ৰায়ে শিৰোনামত থাকে বিজেপি বিধায়িকা কেতকী সিং । পুনবাৰ বিধায়িকাগৰাকীৰ এক মন্তব্যই সৃষ্টি কৰিছে কৰিছে বিতৰ্কৰ সূত্ৰপাত।  শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বাজেটত বলিয়াই এখন চিকিৎসা মহাবিদ্যালয়ৰ উপহাৰ লাভ কৰিছিল। ইউ পি বিধানসভাত ভোজপুৰী ভাষাত ভাষণ দি বলিয়াত উপস্থিত হোৱা বনছডিহৰ বিধায়িকা কেতকী সিঙে মুখ্যমন্ত্ৰী যোগীক ইয়াৰ বাবে ধন্যবাদ জনায়। ইয়াৰ পিছতে বিধায়িকাগৰাকীয়ে এক অদ্ভুত দাবী উত্থাপন কৰে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে। চিকিৎসা মহাবিদ্যালয়ত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰী যোগীক দাবী জনাইছে বিজেপিৰ মহিলা বিধায়িকা কেটকী সিঙে।

তেওঁ কয় যে, চিকিৎসা মহাবিদ্যালয়খনত মুছলমানসকলৰ বাবে এটা সুকীয়া উইং বা বিল্ডিং নিৰ্মাণ কৰিব লাগে। যাতে হিন্দু সমাজে নিৰাপত্তা অনুভৱ কৰে। বিধায়িকাগৰাকীৰ এই দাবী কেৱল চৰ্চাৰ বিষয় হৈ থকাই নহয়, এতিয়া বহু ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে।

বিজেপিৰ বিধায়ক কেতকী সিঙে সংবাদ মাধ্যমৰ আগত এক প্ৰশ্নৰ উত্তৰত কয় যে হোলী, ৰামনৱমী আৰু দুৰ্গা পূজাত মুছলমানসকলে সমস্যাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত তেওঁলোকে ভৱিষ্যতে চিকিৎসাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই কাৰণেই এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছো যে, চিকিৎসা মহাবিদ্যালয়খনত এটা সুকীয়া অট্টালিকা বা সুকীয়া উইং বনাব লাগে, যাতে কোনো সমস্যা হ’লে মানুহে পৃথকে পৃথকে চিকিৎসা কৰিব পাৰে। দীপাৱলী উপলক্ষে নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়খনত মুছলমানসকলৰ বাবে সুকীয়া উইঙৰ ব্যৱস্থা কৰিব লাগে বুলি মুখ্যমন্ত্ৰী যোগীৰ ওচৰত দাবী জনাইছে বিধায়িকাগৰাকীয়ে।

এনেবোৰ বক্তব্যৰ বাবেই বিধায়িকা কেতকী সিং প্ৰায়ে শিৰোনামত থাকে। ইয়াৰ আগতেও তেওঁ বহুবাৰ নিজৰ বক্তব্যৰে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ বাজেট অধিৱেশনৰ সময়ত ভোজপুৰী ভাষাত ভাষণ দি তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁৰ বক্তব্যৰ বাবে আনকি এবাৰ মৃত্যুৰ ভাবুকিও লাভ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসমত অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা এটা প্ৰশ্নক লৈও হৈছিল এনেধৰণৰ বিতৰ্ক। সমাজ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকতখন আছিল ৬৩ পৃষ্ঠাৰ। তাৰে ৫৭ নং প্ৰশ্নটোক লৈ হৈছিল বিতৰ্কৰ সূত্ৰপাত। সামজিক মাধ্যমত কোনোবাই যদি ভাল প্ৰশ্ন বুলি কৈছে আন একাংশ অভিহিত কৰিছে সাম্প্ৰদায়িক প্ৰশ্ন বুলি। প্ৰশ্নটো আছিল- “ধৰাহওঁক, চৰকাৰে ডাম্বুক নামৰ গাওঁখনত এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসায়লয়খনত হিন্দুসকলক বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল’ব পাৰেনে? তোমাৰ মতামত দাঙি ধৰা।” এতিয়া উত্তৰ প্ৰদেশৰ  বিজেপি বিধায়িকাগৰাকীৰ এনে প্ৰস্তাৱৰ পিছত বিষয়টো পুনৰ আহিব পাৰে চৰ্চাত।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?