বিজাপুৰ এনকাউণ্টাৰত নিহত ৩১ নক্সালবাদীঃ ২০২৬ৰ মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ নিৰ্মূলৰ হুংকাৰ অমিত শ্বাহৰ

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এক বৃ্হৎ নক্সালবাদ বিৰোধী অভিযানত নিহত হৈছে ৩১ জন নক্সালবাদী সদস্য। এই অভিযানত দুজন নিৰাপত্তাৰক্ষী জোৱানেও প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে এই অভিযানৰ সফলতাৰ বিষয়ে উল্লেখ কৰি এক টুইট যোগে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ’ব বুলি হুংকাৰ দিয়ে।

বিজাপুৰ এনকাউণ্টাৰত নিহত ৩১ নক্সালবাদীঃ ২০২৬ৰ মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ নিৰ্মূলৰ হুংকাৰ অমিত শ্বাহৰ

বিজাপুৰত নিহত ৩১ নক্সালবাদী

Updated On: 

09 Feb 2025 | 10:48 PM

ছত্তীশগড়ৰ বিজাপুৰত আজি নিৰাপত্তা বাহিনীয়ে চলালে নক্সালবাদ বিৰোধী এক বৃ্হৎ অভিযান। প্ৰায় ৬৫০ জন সৈন্যই অংশ লোৱা এই ব্যাপক তালাচী অভিযানত নিহত হৈছে ৩১ জন নক্সালবাদী সদস্য। নিহত নক্সাল সদস্যসকলৰ ভিতৰত বহুকেইগৰাকী শীৰ্ষ নেতাও আছে বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। অভিযানকাৰী দলটোৱে লগতে নক্সাল সদস্যসকলৰ পৰা AK-47, INSAS, BGL লঞ্চাৰকে ধৰি বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। অৱশ্যে এই অভিযানত দুজন নিৰাপত্তাৰক্ষী জোৱানেও প্ৰাণ হেৰুৱাইছে।

এসপ্তাহ পূৰ্বে বনাঞ্চলত নক্সালবাদীৰ উপস্থিতি সম্পৰ্কে তথ্য লাভ কৰিছিল বুলি নিৰাপত্তা বাহিনীয়ে জানিবলৈ দিছে। এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল আৰু ৬৫০ জনতকৈ অধিক জোৱানৰ বিভিন্ন গোট গঠন কৰি ছত্তীশগড়-মহাৰাষ্ট্ৰ সীমান্তৰ বিজাপুৰ জিলাৰ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বনাঞ্চলখন চাৰিওফালৰ পৰা ঘেৰাও কৰি কম্বিং অভিযান আৰম্ভ কৰিছিল।

যোৱা ৪ দিন ধৰি চলিছিল এই কম্বিং অভিযান। প্ৰথমে নক্সালবাদী দলটোক আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল যদিও গুলীচালনা কৰাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে প্ৰত্যাক্ৰমণ চলায় আৰু অভিযানকাৰী দলটোৰ গুলীত ৩১ জন নক্সালবাদীক হত্যা কৰে। বিষয়াসকলৰ মতে, এই অভিযানত দুজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে গুলীৰ আঘাতত দুজন জোৱান আহত হয়। আহত জোৱান দুজনক লগে লগে হেলিকপ্টাৰ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বস্তৰ সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজৰ মতে এই এনকাউণ্টাৰত নিহত নক্সালৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২ ফেব্ৰুৱাৰীত বিজাপুৰ জিলাৰ গংগালুৰ থানা এলেকাৰ টোডকা বনাঞ্চলত সংঘটিত হোৱা এক এনকাউণ্টাৰত ৮ জন নক্সালবাদী নিহত হৈছিল। তাৰ পূৰ্বে চলিত বৰ্ষৰে ২১ জানুৱাৰীত গৰিয়াবন্দ জিলাত ১৪ জন নক্সালবাদীএনকাউণ্টাৰত নিহত হৈছিল।

একেদৰে ১৬ জানুৱাৰীত বিজাপুৰ জিলাৰ উছুৰ ব্লকৰ পূজাৰী কংকেৰ আৰু মাৰুদবাকাত চলোৱা অভিযানতো ১৮ জন নক্সালবাদী নিহত হয়। ইফালে আজি অভিযান সম্পূৰ্ণ হোৱাৰ লগে লগে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও শ্ব’ই জোৱানসকলক প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ বীৰত্বৰ শলাগ লয়। এনকাউণ্টাৰত শ্বহীদ হোৱা জোৱান দুজনৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়।

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড় নক্সালবাদৰ পৰা মুক্ত হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহেও এই অভিযানৰ সফলতাৰ বিষয়ে উল্লেখ কৰি এক টুইট যোগে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ’ব বুলি হুংকাৰ দিয়ে। তেওঁ লগতে সংঘৰ্ষৰ সময়ত নিহত জোৱান দুজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব