সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে

যোৱা ৬ জুলাইৰ মাজনিশা বন্দুকধাৰী দুৰ্বৃত্তই এগৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে এই গোচৰৰ তদন্তৰ বাবে এক এছ আই টি গঠন কৰিছিল। এতিয়া আৰক্ষীয়ে হত্যাকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি নিহত লোকজনৰ পত্নীয়েই এই হত্যাকাণ্ডত জড়িত আছিল।

সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে

ধৃত মহিলাগৰাকী

Published: 

12 Jul 2025 | 03:05 PM

বিগত কিছুদিন পূৰ্বে মেঘালয়ত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ মেঘালয়ত হানীমুনৰ বাবে আহি নিজ পত্নীৰে ষড়যন্ত্ৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল এগৰাকী যুৱকে ইয়াৰ পিছত সমগ্ৰ দেশতে এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছিল এতিয়া পুনৰ পোহৰলৈ আহিছে পত্নীৰ দ্বাৰা পতি হত্যাৰ এনে ঘটনা এইবাৰ এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ৰাজধানী পাটনাত সম্পত্তিৰ লোভৰ বাবেই এগৰাকী মহিলাই ভাড়াতীয়া হত্যাকাৰীৰ দ্বাৰা স্বামীক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তথ্য প্ৰকাশ কৰিছে পাটনা আৰক্ষীয়ে যোৱা জুলাইৰ মাজনিশা পাটনাত বন্দুকধাৰী দুৰ্বৃত্তই এগৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছিল অজিত কুমাৰ নামৰ এগৰাকী ৫০ বৰ্ষীয় ব্যক্তিয়ে নিহত অজিত কুমাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ স্বত্বাধিকাৰী আছিল তেওঁৰ এই হত্যাকাণ্ডৰ পিছতে পাটনা আৰক্ষীয়ে এই গোচৰৰ তদন্তৰ বাবে এক এছ আই টি গঠন কৰিছিল।

এতিয়া আৰক্ষীৰ এই এছ আই টিয়ে অজিত কুমাৰৰ হত্যা সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি অজিত কুমাৰৰ পত্নীয়েই এই হত্যাকাণ্ডত জড়িত আছিল তেওঁৰ ষড়যন্ত্ৰৰ পৰিণতিতে হত্যাৰ বলি হৈছিল অজিত কুমাৰ কেৱল মাত্ৰ মাটি দখল কৰাৰ লোভতে মহিলাগৰাকীয়ে এই কাৰ্য কৰা বুলি পোহৰলৈ আহিছে

আৰক্ষীৰ তথ্য মতে অজিত কুমাৰৰ পত্নীয়ে স্বামীৰ মৃত্যুৰ ষড়যন্ত্ৰ ৰচনা কৰি এই ষড়যন্ত্ৰ কাৰ্যকৰী কৰাৰ বাবে ১০ লাখ টকাত ভাড়াতীয়া শ্বুটাৰ মতাই আনিছিল এই সমগ্ৰ পৰিকল্পনাত তেওঁক সহায় কৰিছিল ব্যক্তিগত গাড়ী চালকজনে ইতিমধ্যে আৰক্ষীয়ে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে ধৃত মহিলাগৰাকীৰ নাম ৰীতা সিনহা বুলি জানিব পৰা গৈছে

ঘটনা সন্দৰ্ভত এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে এই সমগ্ৰ গোচৰৰ মূল অভিযুক্ত হৈছে মৃত অজিত কুমাৰৰ পত্নী ৰীতা সিনহা। আনহাতে ৰীতা সিনহাৰ চালক মন্তু কুমাৰে এই ক্ষেত্ৰত তেওঁক সহযোগ কৰিছিল আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য মতে, অজিত কুমাৰৰ পত্নী ৰীতা সিনহাই স্বামীৰ সকলো সম্পত্তি নিজৰ নামলৈ বদলি কৰিব বিচাৰিছিল।

অজিত কুমাৰে যিস্থানত বিদ্যালয়খন নিৰ্মাণ কৰিছিল, সেই ভূখণ্ড অজিত কুমাৰৰ নামতে আছিল। ইফালে ৰীতা সিনহাই স্বামীৰ মৃত্যু হ’লে সেই মাটিখিনিৰ লগতে আন সম্পত্তিও তেওঁৰ নামলৈ স্থানান্তৰিত হ’ব বুলি আশা প্ৰকাশ কৰিছিল আৰু সেই উদ্দেশ্যেই অজিত কুমাৰক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

এই ষড়যন্ত্ৰ অনুসাৰে ৰীতা সিনহা আৰু মন্তু কুমাৰে ১০ লাখ টকাত এগৰাকী শ্বুটাৰ ভাড়া কৰিছিল। ইয়াৰে ৩ লাখ টকা শ্বুটাৰজনক প্ৰদান কৰা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে শ্বুটাৰজনকো চিনাক্ত কৰিছে আৰু তেওঁক কৰায়ত্ব কৰাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰিছে লগতে ঘটনাত ব্যৱহৃত বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...