Bihar train accident: ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! অৱধ আছাম এক্সপ্ৰেছৰ সৈতে ৰে’লৱেৰ ট্ৰলীৰ খুন্দা

এই দুৰ্ঘটনাত প্ৰমোদ কুমাৰ নামৰ এজন ব্যক্তি নিহত হয়। তেওঁ ট্ৰেকত কাম কৰি আছিল, লগত আছিল আন চাৰিজন। আঘাতপ্ৰাপ্তসকলক কাটিহাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোকে সুস্থ আছে বুলি জানিব পৰা গৈছে।

Bihar train accident: ভয়ংকৰ ৰেল দুৰ্ঘটনা! অৱধ আছাম এক্সপ্ৰেছৰ সৈতে ৰেলৱেৰ ট্ৰলীৰ খুন্দা
Published: 

20 Jun 2025 | 06:28 PM

বিহাৰৰ কাটিহাৰ জিলাত ৰে’ল দুৰ্ঘটনা। শুকুৰবাৰে বিয়লি এখন এক্সপ্ৰেছ ৰে’লৰ সৈতে সংঘৰ্ষ হয় মেইণ্টেনেন্স ট্ৰলীৰ। এই সংঘৰ্ষত ১জন নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়।

পূৱ চেন্ট্ৰেল ৰে’লৱেৰ বাৰাউনী-কাটিহাৰ অংশৰ কাধাগোলা আৰু ছেমাপুৰ ষ্টেচনৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয়। মহাৰাণী গাঁৱৰ সমীপত দিনৰ প্ৰায় ২.২০ বজাত অৱধ আছাম এক্সপ্ৰেছে এই দুৰ্ঘটনা সংঘটিত কৰে। ৰাজস্থানৰ লালগড় জংচনৰ পৰা অহা ডিব্ৰুগড় অভিমুখী অহা অৱধ আছাম এক্সপ্ৰেছখনে ( নম্বৰ ১৫৯১০) পিছফালৰ পৰা ট্ৰলীখনত খুন্দা মাৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

এই দুৰ্ঘটনাত প্ৰমোদ কুমাৰ নামৰ এজন ব্যক্তি নিহত হয়। তেওঁ ট্ৰেকত কাম কৰি আছিল, লগত আছিল আন চাৰিজন। আঘাতপ্ৰাপ্তসকলক কাটিহাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোকে সুস্থ আছে বুলি জানিব পৰা গৈছে।

সোণেপুৰৰ সংমণ্ডল ৰে’লৱেৰ পৰিচালক বিবেক ভূষণ ছুদে এই কাণ্ডক “বেদনাদায়ক” বুলি অভিহিত কৰি উচ্চ পৰ্যায়ৰ তদন্ত চলি আছে বুলি কয়। তেওঁ কয়, ‘আমি ক্ষতিগ্ৰস্তসকলৰ পৰিয়ালৰ সৈতে যোগাযোগত আছোঁ আৰু সম্ভাৱ্য সকলো সমৰ্থ আগবঢ়াইছোঁ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...