বিলৈ! ৰাস্তাত পৰি থকা ১০ টকীয়া নোটৰ লোভত চালকে হেৰুৱালে ২০ লাখ টকাঃ কি এই ঘটনা…

পথত পৰি থকা মাত্ৰ দহ টকাৰ কেইটামান নোটৰ লোভত এজন চালকে হেৰুৱাইছে ২০ লাখ টকা। আৰক্ষীৰ সন্দেহ, কুখ্যাত নোট গেঙৰ হাতত পৰি সৰ্বস্বান্ত হৈছে চালকজন। জানিব পৰা মতে এই অথন্তৰৰ সন্মুখীন হোৱা চালকজনে এগৰাকী ঠিকাদাৰৰ বাবে কাম কৰে।

বিলৈ! ৰাস্তাত পৰি থকা ১০ টকীয়া নোটৰ লোভত চালকে হেৰুৱালে ২০ লাখ টকাঃ কি এই ঘটনা...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Jul 2024 14:53 PM

অসমীয়াত এষাৰ কথা আছে- লোভেই পাপ, পাপেই মৃত্যু। অত্যশিক প্ৰাপ্তিৰ লোভে যিকোনো ক্ষেত্ৰতে মানুহক পেলাব পাৰে বিপদত। এই কথাষাৰৰ প্ৰতিফলন দেখিবলৈ পোৱা গ’ল এগৰাকী চালকৰ ক্ষেত্ৰত। পথত পৰি থকা মাত্ৰ দহ টকাৰ কেইটামান নোটৰ লোভত এই চালকজনে হেৰুৱাইছে ২০ লাখ টকা। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ৰাজধানী পাটনাত। জানিব পৰা মতে এই অথন্তৰৰ সন্মুখীন হোৱা চালকজনে এগৰাকী ঠিকাদাৰৰ বাবে কাম কৰে। সোমবাৰে ঠিকাদাৰজনে কেইজনমান সহযোগীৰ সৈতে কোনো কামত যাত্ৰা কৰিছিল। বাহনখন চলাই নিছিল তেওঁৰ ব্যক্তিগত চালকজনে।

পথতে ঠিকাদাৰজনে তেওঁৰ সহযোগী কেইজনৰ সৈতে গাড়ীৰ পৰা নামি যায় আৰু চালকজনক বাহনখনত কেইবা লক্ষ টকা থকা বুলি জানিবলৈ দি মন কৰিবলৈ নিৰ্দেশ দি যায়। ইফালে তেওঁলোক সেই স্থানৰ পৰা আঁতৰ হোৱাৰ কিছুসময় পিছতে কেইজনমান অচিনাক্ত ব্যক্তি বাহনখনৰ কাষলৈ আহে আৰু চালকজনক বাহনৰ কাষতে হয়তো চালকজনৰ পৰা কেইটামান ১০ টকীয়া নোট পৰি থকা বুলি কয়।

অচিনাক্ত লোককেইজনৰ কথাত পৰি চালকজন লোভ জাগিল। তেওঁ লগে লগে বাহনৰ পৰা নামি কাষতে পৰি থকা ১০ টকীয়া নোট কেইখন তুলিবলৈ ধৰে। সেই সময়তে অচিনাক্ত লোককেইজনে বাহনখনৰ ভিতৰৰ পৰা টকা থকা বেগটো লৈ সেই স্থানৰ পৰা উধাও হয়। তেতিয়াহে সম্বিত ঘূৰাই পায় বাহনখনৰ চালকজনে। নিজৰ ভুল বুজিব পাৰি তেওঁ অচিনাক্ত লোককেইজনক পিছে পিছে খেদি যায়।

কিন্তু দুৰ্বৃত্তৰ দলটোক ধৰিবলৈ সক্ষম ন’হল চালকজন। তাৰ পিছতে তেওঁ উভতি আহি নিজৰ মালিকক এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে ঠিকাদাৰজনে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ আঁৰত প্ৰৱঞ্চক ‘নোট গেং’ জড়িত থকা বুলি সম্ভাৱনা ব্যক্ত কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই নোট গেঙৰ দুষ্কৃতিকাৰীয়ে নিজৰ হাতত থকা নোট মাটিত পেলাই মানুহক বিভ্ৰান্ত কৰে আৰু তাৰ পিছত সেই লোকজনৰ মূল্যৱান সামগ্ৰী আৰু নগদ ধন লৈ লগে লগে উধাও হয়। আৰক্ষীয়ে এই নেট গেঙেই ঠিকাদাৰজনৰ ব্যক্তিগত চালকজনক একে পন্থাৰে প্ৰৱঞ্চনাৰ চিকাৰ কৰিলে বুলি আৰক্ষী প্ৰায় নিশ্চিত হৈছে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত শাস্ত্ৰী নগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষী থানাৰ তথ্য অনুসৰি ঘটনাস্থলীৰ আশে-পাশে স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজসমূহ পৰীক্ষা কৰা হৈছে। এই ফুটেজসমূহৰ পৰীক্ষাৰ পিছত আৰক্ষীয়ে পৰৱৰ্তী তদন্ত আগুৱাই নিব বুলি জানিবলৈ দিছে। ইয়াৰ পূৰ্বেও এনে বহু ঘটনা অঞ্চলটোত সংঘটিত হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?