বাংগালুৰু পদপিষ্ট কাণ্ডঃ ১৪ দিনৰ ন্যায়িক জিম্মালৈ আৰচিবিৰ সদস্যসহ চাৰি ধৃত ব্যক্তি
চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা পদপিষ্ট কাণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে চাঞ্চল্যৰ। এই গোচৰত বাংগালুৰু আৰক্ষীয়ে চাৰিজন লোকক এইপৰ্যন্ত আৰচিবিৰ এগৰাকী বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। ANI- এ প্ৰকাশ কৰা বাতৰি মতে, আজি ধৃত এই চাৰিওজন লোকক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

বাংগালুৰু কাণ্ডৰ চাৰি ধৃত ব্যক্তিক ১৪ দিনৰ ন্যায়িক জিম্মালৈ
আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ খিতাপ জয়ৰ পিছত আনন্দ উদযাপনৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা পদপিষ্ট কাণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে চাঞ্চল্যৰ। এই গোচৰত বাংগালুৰু আৰক্ষীয়ে চাৰিজন লোকক এইপৰ্যন্ত আৰচিবিৰ এগৰাকী বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। ANI- এ প্ৰকাশ কৰা বাতৰি মতে, আজি ধৃত এই চাৰিওজন লোকক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই গোচৰত এইপৰ্যন্ত গ্ৰেপ্তাৰ হোৱা চাৰিজন লোকৰ ভিতৰত আছে আৰচিবিৰ মাৰ্কেটিং এণ্ড ৰেভিনিউ হেড নিখিল ছ’ছালে।
আৰচিবিৰ বিজয় উদযাপনৰ সময়ত সৃষ্টি হোৱা শোকাৱহ ঘটনাত গাফিলতিৰ অভিযোগত ছ’ছালেকো গ্ৰেপ্তাৰ কৰা হৈছিল। আজি ছ’ছালেই তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। নিজ আবেদনত ছ’ছালেই তেওঁৰ গ্ৰেপ্তাৰক অবৈধ, স্বেচ্ছাচাৰী আৰু আইন বিৰুদ্ধ বুলি দাবী কৰিছে।
ইয়াৰ পূৰ্বে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ সভাপতি ৰঘু ৰাম ভাট, সচিব এ শংকৰ, কোষাধ্যক্ষ ই এছ জয়ৰামকে ধৰি কৰ্ণাটক ষ্টেট ক্ৰিকেট এচ’চিয়েশ্যনৰ বহুকেইজন বিষয়ববীয়াই এই পদপিষ্ট গোচৰত তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা এফ আই আৰ বাতিল কৰিবলৈ অনুৰোধ জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।
এই আবেদনৰ শুনানি গ্ৰহণ কৰি পিছত উচ্চ ন্যায়ালয়ে ক্ৰিকেট ব’ৰ্ডৰ বিষয়ববীয়াসকলক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে। উল্লেখ্য যে বুধবাৰে সন্ধিয়া বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আই পি এল খিতাপজয়ী আৰচিবিৰ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আনন্দ উদযাপনৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এই অনুষ্ঠানৰ সময়তে ষ্টেডিয়ামৰ বাহিৰত বৃহৎ সংখ্যক লোকে ভিৰ কৰে। অনুৰাগীৰ ব্যাপক সমাগমৰ ফলত সৃষ্টি হোৱা হেঁচা-ঠেলাৰ পৰিণতিত পদপিষ্ট হৈ এঘাৰজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৬জন লোক আহত হয়। ইয়াৰ পিছতে এই ঘটনা সন্দৰ্ভত কাবন পাৰ্ক থানাত এক গোচৰ ৰুজু হয়।
ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়াধীশ জন মাইকেল ডি’কুনহাৰ নেতৃত্বত এক সদস্যৰ তদন্ত আয়োগ নিযুক্তি দি এই শোকাৱহ দুৰ্ঘটনাৰ তদন্ত চলায়। উচচ ন্যায়ালয়েও এই ঘটনাৰ সন্দৰ্ভত ছুঅ’ মট’ গোচৰ লৈ ৰাজ্য চৰকাৰক ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অহা ১০ জুনত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।