ভিক্ষা খুজি মাহে উপাৰ্জন ৩০,০০০টকা, শেষত শান্তাবাইৰ লগত সংঘটিত নৃশংস কাণ্ড

ভিক্ষা খুজি মহিলাগৰাকীয়ে মাহত ২৫ ৰ পৰা ৩০ হাজাৰ টকা উপাৰ্জন কৰে।  ভিক্ষা খুজি লাভ কৰা টকাৰ পৰা ২৫ হাজাৰ টকা নিজ কন্যালৈ প্ৰেৰণ কৰিছিল

ভিক্ষা খুজি মাহে উপাৰ্জন ৩০,০০০টকা, শেষত শান্তাবাইৰ লগত সংঘটিত নৃশংস কাণ্ড

ভিক্ষা খুজা টকাৰে ক্ৰয় কৰিছিল মাটি

Updated On: 

24 May 2024 12:13 PM

মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা এক চাঞ্চল্য়কৰ ঘটনা পোহৰলৈ আহিছে। মুম্বাইৰ দৰগাহ, মছজিদৰ বাহিৰত আৰু পদপথত ভিক্ষা  খুজি জীৱন নিৰ্বাহ কৰা শান্তবাই কুৰাডেৰ মৃতদেহ তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে। এই  সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাইজু মহাদেৱ নামৰ এজনক। আৰক্ষীয়ে জনোৱা অনুসৰি শান্তাবাই যিটো ঘৰত ভাড়াতীয়া হিচাপে আছিল সেই ঘৰটোত আগতে বাইজg মহাদেৱ আছিল, কিন্তু ভাড়া নিদিয়া বাবে তেওঁক খেদি দিছিল মালিকে।

আজিৰ পৰা প্ৰায় ৩৮ বছৰ আগতে শান্তাবাই নামৰ মহিলাগৰাকী মুম্বাইলৈ আহিছিল। সেই সময়ত শান্তাবাইৰ স্বামীয়ে গাঁৱত খেতি কৰিছিল । কিন্তু স্বামীৰ মৃত্যুৰ পাছত শান্তাবাইৰ ওচৰত একো কাম বা ব্যৱসায় নাছিল। সেয়ে মাটি বিক্ৰী কৰি মুম্বাইলৈ গুচি আহিছিল। মুম্বাইত শান্তাবাইয়ে ভিক্ষা খুজিবলৈ আৰম্ভ কৰিছিল। এনেদৰে ভিক্ষা খুজি মহিলাগৰাকীয়ে মাহত ২৫ ৰ পৰা ৩০ হাজাৰ টকা উপাৰ্জন কৰে।  ভিক্ষা খুজি লাভ কৰা টকাৰ পৰা ২৫ হাজাৰ টকা নিজ কন্যালৈ প্ৰেৰণ কৰিছিল আৰু বাকী থকা টকাখিনি নিজৰ বাবে খৰচ কৰিছিল। আৰক্ষীৰ মতে, এই ধনেৰে শান্তবাইৰ কন্যা আৰু নাতিয়ে প্ৰায় ৩ একৰ মাটি ক্ৰয় কৰিছিল। এই মাটিত তেওঁলোকে কপাহ, সৰিয়হ আদিৰ খেতি কৰে। ইয়াৰ বাহিৰেও বাকী থকা মাটিত ঘৰ বনাই ভাড়ালৈ দি প্ৰতিমাহে লাখ টকা উপাৰ্জন কৰে।

প্ৰায় ৩৬ বছৰ ধৰি শান্তবাইয়ে মুম্বাইত ভিক্ষা খুজিছিল। ভিক্ষা খুজা টকাৰে তেওঁ একমাত্র কন্যাৰ বিয়া অতি ধুমধামেৰে বিয়া পাতিছিল । মালাডৰ চিঞ্চোলি বুণ্ডাৰৰ বিঠল নগৰৰ এটা ভাড়াঘৰত বাস কৰিছিল শান্তাবাইয়ে।  এই ঘৰটোৰ বাবে প্ৰতিমাহে ঘৰৰ মালিকক চাৰি হাজাৰ টকা দিছিল তেওঁ। তথ্য অনুসৰি যোৱা শুকুৰবাৰে অৰ্থাৎ ১৭ মে’ত শান্তবাইৰ মৃতদেহ ভাড়া ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল। মালাড আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে লগে লগে সেই স্থানত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে  ঘটনা সন্দৰ্ভত চুৰি আৰু হত্যাৰ গোচৰ ৰুজু কৰি অচিনাক্ত লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি কৰিছিল।  ৫০ টাতকৈ অধিক চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ অন্তত বিচাৰি পাইছিল অভিযুক্তক আৰু গ্ৰেপ্তাৰ হৈছিল বাইজু মহাদেৱ নামৰ লোকজন। ইতিমধ্যে অভিযুক্তই স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। আৰক্ষীয়ে জনাই যে সেই ঘৰটোত আগতে বাইজু বাস কৰিছিল কিন্তু ভাড়া নিদিয়া বাবে ঘৰৰ পৰা উলিয়াই দিছিল। আনকি বাইজুৰ সকলো সা-সামগ্ৰীও ৰাখি থৈছিল তেওঁ। ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত।

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...