অজিত পাৱাৰৰ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ব্লেক বক্স উদ্ধাৰ, প্ৰকৃততে কি হৈছিল?

ব্লেক বক্সটোত আছে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইচ ৰেকৰ্ডাৰ। এতিয়া ইয়াক বিশ্লেষণ কৰি এই মৰ্মান্তিক দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব। বুধবাৰে সন্ধিয়া Aircraft Accident Investigation Bureauৰ (AAIB) এটা বিশেষ দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ ফৰেনছিক তদন্ত আৰম্ভ কৰে।

অজিত পাৱাৰৰ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ব্লেক বক্স উদ্ধাৰ, প্ৰকৃততে কি হৈছিল?

অজিত পাৱাৰ

Updated On: 

29 Jan 2026 | 02:14 PM

বুধবাৰে এক বিমান দুৰ্ঘটনাত মৃত্যু হয় মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। এই দুৰ্ঘটনাত অজিত পাৱাৰৰ লগতে বিমানত থকা আন চাৰিজন লোকৰো মৃত্যু হয়। শেহতীয়া তথ্য অনুসৰি তদন্তকাৰী দলে লিয়াৰজেট বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰিছে। বাৰামাটিত অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ পিছতে ইয়াৰ কাৰণৰ স্বচ্ছ তদন্তৰ আহ্বান জনোৱা হৈছে। বিমান মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, এই ঘটনাৰ লগে লগে সকলো প্ৰয়োজনীয় সঁহাৰি আৰু তদন্ত ব্যৱস্থা সক্ৰিয় কৰা হৈছিল।

মন্ত্ৰালয়ে কয় যে, এক সম্যক, স্বচ্ছ আৰু সময়সীমাবদ্ধ তদন্ত নিশ্চিত কৰাটো আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ। তদন্ত দ্ৰুতগতিত আগবাঢ়িছে আৰু দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছে

ব্লেক বক্সটোত আছে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইচ ৰেকৰ্ডাৰ। এতিয়া ইয়াক বিশ্লেষণ কৰি এই মৰ্মান্তিক দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব। বুধবাৰে সন্ধিয়া Aircraft Accident Investigation Bureauৰ (AAIB) এটা বিশেষ দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ ফৰেনছিক তদন্ত আৰম্ভ কৰে।

বাৰামাটি বিমানবন্দৰত দ্বিতীয়বাৰৰ বাবে অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ বিমান। দিল্লীস্থিত ভি এছ আৰ ভেঞ্চাৰছৰ মালিকানাধীন লিয়াৰজেট ৪৫ বিমানখন পুৱা প্ৰায় ৮:৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হয়। তেওঁৰ ব্যক্তিগত নিৰাপত্তা বিষয়া তথা পৰিচাৰক অজিত পাৱাৰ আৰু ককপিটৰ দুজন ক্ৰু মেম্বাৰ: পাইলট ইন কমাণ্ড সুমিত কাপুৰ আৰু ফাৰ্ষ্ট অফিচাৰ সম্ভৱী পাঠকৰ মৃত্যু হয়।

বাৰামাটিত অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া

বুধবাৰে বিমান দুৰ্ঘটনাত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ কৰুণ মৃত্যুৰ পিছত আজি (বৃহস্পতিবাৰে) বাৰামাটিৰ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে অজিত পাৱাৰৰ মৃতদেহ তেওঁৰ পৈতৃক গাঁও কাটেৱাডীত থকা বাসগৃহলৈ নিয়া হয়। অন্ত্যেষ্টিক্ৰিয়াত গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেকে ধৰি কেইবাজনো জ্যেষ্ঠ ৰাজনৈতিক নেতা উপস্থিত থাকে।

অন্য খবৰ পঢ়ক: বিয়াৰ ফুলশয্যা নিশা কইনাৰ উঠিল পেটৰ বিষ… চিকিৎসক অহাৰ পিছতে আচৰিত ঘটনা

ইলাচি খলে শৰীৰৰ কি কি সমস্যা কম হয়?
প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়ে লক্ষণসমূহ কি কি? জানক...
চাহ খাই ভাল পায় নেকি? কি ৰোগ হ’ব পাৰে জানক...
বৃক্কৰ সংক্ৰমণ হ'লে শৰীৰত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী