বাংলাদেশৰ পৰা অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰক আহ্বান উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ

নেছ’ই আশংকা কৰিছে যে, চুবুৰীয়া দেশখনৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতলৈ বিশেষকৈ উত্তৰ-পূব অঞ্চলত বাংলাদেশৰ নাগৰিকৰ প্ৰব্ৰজন ঘটাব পাৰে । কিয়নো এই ধৰণৰ পৰিস্থিতি অব্যাহত থাকিলে বহু লোকে আশ্ৰয়ৰ বাবে ভাৰতলৈ আহিবলৈ বিচাৰিব । সীমান্তৰে আহিলে প্ৰথমে তেওঁলোকে উত্তৰ-পূব অ়ঞ্চলতে প্ৰৱেশ কৰিব । গতিকে উত্তৰ-পূব অঞ্চলত কোনো বাংলাদেশী নাগৰিকক আশ্ৰয় বা পুনৰ্বাসন প্ৰদান নকৰিবলৈ দাবী জনাইছে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে(NESO)।

বাংলাদেশৰ পৰা অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰক আহ্বান উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ
Published: 

07 Aug 2024 | 06:28 PM

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে উত্তৰ-পূব ভাৰতত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সম্ভাৱনাই গা কৰি উঠিছে । আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, চুবুৰীয়া বাংলাদেশত এই ধৰণৰ অস্থিৰতা যদি অব্যাহত থাকে, তেন্তে ভাৰতলৈ বাংলাদেশৰ নাগিৰকৰ অনুপ্ৰৱেশ ঘটাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে সীমা সুৰক্ষা নিশ্চিত কৰাটো অতি প্ৰয়োজন । ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ উত্তৰ-পূব অঞ্চলত কোনো বাংলাদেশী নাগৰিকক আশ্ৰয় বা পুনৰ্বাসন প্ৰদান নকৰিবলৈ দাবী জনাইছে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে(NESO)।

ইয়াৰ লগতে নেছ’ই উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমান্তত অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে কঠোৰ আৰু পুংখানুপুংখ নিৰীক্ষণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এক বিবৃতি প্ৰকাশ কৰি উত্তৰ-পূবৰ ছাত্ৰ সংগঠনটোৱে কয় যে,অঞ্চলটোলৈ অনুপ্ৰৱেশকাৰীৰ অবিৰত প্ৰবাহে ভাৰতৰ খিলঞ্জীয়াৰ মাজত নিৰাপত্তাহীনতা, আন্দোলন, হিংসা আৰু সংঘৰ্ষৰ সৃষ্টি কৰিছিল। গতিকে বাংলাদেশৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত যাতে কোনো লোকৰ অবৈধ প্ৰবেশ নহয়, তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনটোৱে ।

নেছ’ই আশংকা কৰিছে যে, চুবুৰীয়া দেশখনৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতলৈ বিশেষকৈ উত্তৰ-পূব অঞ্চলত বাংলাদেশৰ নাগৰিকৰ প্ৰব্ৰজন ঘটাব পাৰে । কিয়নো এই ধৰণৰ পৰিস্থিতি অব্যাহত থাকিলে বহু লোকে আশ্ৰয়ৰ বাবে ভাৰতলৈ আহিবলৈ বিচাৰিব । সীমান্তৰে আহিলে প্ৰথমে তেওঁলোকে উত্তৰ-পূব অ়ঞ্চলতে প্ৰৱেশ কৰিব । গতিকে উত্তৰ-পূব অঞ্চলত কোনো বাংলাদেশী নাগৰিকক আশ্ৰয় বা পুনৰ্বাসন প্ৰদান নকৰিবলৈ দাবী জনাইছে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে(NESO)।

লগতে পঢ়কঃ পুনৰ উত্তৰ-পূৰ্বৰ বিদ্ৰোহীয়ে আশ্ৰয় ল’ব পাৰে বাংলাদেশত ! চুবুৰীয়া দেশখনৰ ৰাজনৈতি অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাৰ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...