শিহৰণকাৰী! নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল স্ক’ৰপিঅ’ বাহন, ৬গৰাকীকৈ যাত্ৰীৰ কৰুণ মৃত্যু
গভীৰ নিশা সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। মৃতসকলৰ ভিতৰত আছে এগৰাকী শিক্ষয়িত্ৰী । কোৱা হৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে স্ক'ৰপিঅ'খন ভাড়া কৰি সুৰজপুৰলৈ গৈ আছিল। এই সময়ছোৱাত, আন কেইবাজনো লোক গাড়ীখনত উঠিছিল।

নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল স্ক'ৰপিঅ' বাহন, ৬জনকৈ যাত্ৰীৰ কৰুণ মৃত্যু
ছত্তীশগড়ৰ বলৰামপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। য’ত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাই যায় এখন স্ক’ৰপিঅ’ বাহন। এই ভয়ংকৰ দুৰ্ঘটনাটোত স্ক’ৰপিঅ’ বাহন অহা ৬ জন লোকৰ মৃত্যু হয়। একে সময়তে গুৰুতৰভাৱে আহত হয় স্ক’ৰপিঅ’ বাহনখনৰ চালকজন । আহত চালকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। এতিয়াও পুখুৰীটোত সন্ধানহীন হৈ আছে এজন যুৱক । যুৱকজনক সন্ধানত অব্যহত আছে উদ্ধাৰকাৰী দলৰ অভিযান।
গভীৰ নিশা সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। মৃতসকলৰ ভিতৰত আছে এগৰাকী শিক্ষয়িত্ৰী । কোৱা হৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে স্ক’ৰপিঅ’খন ভাড়া কৰি সুৰজপুৰলৈ গৈ আছিল। এই সময়ছোৱাত, আন কেইবাজনো লোক গাড়ীখনত উঠিছিল। বাটত খাদ্য খোৱাৰ পিছত, তেওঁলোক সুৰজপুৰলৈ গৈ আছিল। সেই সময়তে ৰাজপুৰৰ সমীপৰ বুঢ়া বাগিচাৰ ওচৰত নিয়ন্ত্ৰণহীন হৈ পৰিছিল স্ক’ৰপিঅ’ বাহনখন। তাৰ পাছত ভুল দিশেৰে গৈ স্ক’ৰপিঅ’খন পুখুৰীটোত সোমাই যায়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীলৈ দৌৰি গৈছিল স্থানীয় লোকসকল। তেওঁলোকে চালকজনক বাহিৰলৈ উলিয়াই চিকিৎসালয়লৈ পঠিয়াইছিল।
স্ক’ৰপিঅ’ বাহনখন মুঠ ৮জন লোক আছিল। ঘটনাস্থলীত উপস্থিত থকা লোকলকলে লগে লগে ৰাজপুৰ আৰক্ষীক এই দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰে। তথ্য পোৱাৰ পিছত, আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হয়। বহু সময় ধৰি চেষ্টা কৰাৰ পাছত প্ৰায় ডেৰ ঘণ্টাৰ মূৰত জেচিবিৰ সহায়ত পুখুৰীটোৰ পৰা বাহনখন উলিয়াই অনা হয়। বাহনখনৰ ভিতৰৰ পৰা ৬টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গাড়ীখন যেতিয়া পুখুৰীত পৰিছিল, চেন্সৰৰ কাৰণে দুৱাৰবোৰ লক হৈ গৈছিল। যাৰ বাবে কোনেও বাহিৰলৈ ওলাই অহাৰ সুযোগ নাপালে। যাৰ বাহনখনৰ ভিতৰতে ৬জনকৈ লোকে প্ৰাণ ত্যাগ কৰিবলগা হ’ল।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত নিশা চিকিৎসালয়ত উপস্থিত হৈছিল চামৰিৰ বিধায়ক উধেশ্বৰী পাইক্ৰা । চালকে সুৰাপান কৰি গাড়ীখনৰ তীব্ৰগতি চলোৱাৰ বাবে এই দুৰ্ঘটনাৰ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। গাড়ীখনত ৮জন লোকে উঠি আহিছিল বুলি কোৱা হৈছে যদিও কোনো ধৰণৰ সন্ধান নাই অষ্টম ব্যক্তিজনৰ। আশংকা কৰা হৈছে যে অষ্টম ব্যক্তিজন পুখুৰীত আছে। ইতিমধ্যে দুৰ্ঘটনাটোৰ মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ তথ্য প্ৰেৰণ কৰিছে আৰক্ষীয়ে।