বাবা ছিদ্দিকী হত্যাকাণ্ডৰ নতুন মোৰ, Y কেটেগৰীৰ নিৰাপত্তা থকাৰ পাছতো লগত আছিল মাত্ৰ ৩গৰাকী আৰক্ষী!

Baba Siddique News: গুলীয়াই হত্যা কৰা হৈছবাবা ছিদ্দিকীক । এই বিষয়টোক লৈ এতিয়া গৰম হৈ পৰিছে দেশৰ ৰাজনীতি । এই ঘটনাৰ পাছতে বহুতো নেতাই তেওঁলোকৰ নিৰাপত্তাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। একাংশ নেতাই কৈছে যে বাবাক Y কেটেগৰীৰ সুৰক্ষা দিয়া হৈছিল। ইফালে মুম্বাই আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, বাবাৰ সৈতে মাত্ৰ ৩জন আৰক্ষীহে মোতায়েন কৰা হৈছিল।

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ নতুন মোৰ, Y কেটেগৰীৰ নিৰাপত্তা থকাৰ পাছতো লগত আছিল মাত্ৰ ৩গৰাকী আৰক্ষী!

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ নতুন মোৰ

Published: 

13 Oct 2024 17:14 PM

প্ৰখ্যাত এনচিপি নেতা বাবা ছিদ্দিকীক শনিবাৰে নিশা মুম্বাইত গুলীয়াই হত্যা কৰা হয়। এই বিষয়টো সন্দৰ্ভত আন এক নতুন তথ্য উন্মোচন কৰা হৈছে। ঘটনাটোৰ পাছত বাবাৰ নিৰাপত্তাক লৈ উত্থাপন কৰা হৈছে বহুতো প্ৰশ্ন। এতিয়া মুম্বাই আৰক্ষীয়ে নিজেই TV9 ডিজিটেলক বাবা ছিদ্দিকীৰ নিৰাপত্তাত কিমান জনলোক নিয়োজিত কৰা হৈছিল আৰু তেওঁ কি নিৰাপত্তা লাভ কৰিছিল সেই বিষয়ে জনাইছে।

বাবা ছিদ্দিকীৰ নিৰাপত্তাৰ বাবে কিমানজন আৰক্ষী মোতায়েন কৰা হৈছিল? এই সন্দৰ্ভত চৰকাৰী তথ্য প্ৰদান কৰি মুম্বাই আৰক্ষীয়ে TV9ক কৈছে যে বাবাৰ সৈতে ৩জন আৰক্ষী আছিল। আনফালে নেতাসকলৰ বিবৃতি অনুসৰি, বাবাক Y কেটেগৰীৰ নিৰাপত্তা দিয়া হৈছিল। ইয়াৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে যদি ৱাই শ্ৰেণী সুৰক্ষিত আছিল, তেন্তে ৩জন আৰক্ষীৰ কেনেকৈ থাকিব পাৰে? সাধাৰণতে ৱাই কেটেগৰীৰ নিৰাপত্তাত ১১জন সুৰক্ষাকৰ্মী থাকে। য’ত এজন বা দুজন কমাণ্ডো আৰু আৰক্ষী থাকে।

Y কেটেগৰীৰ নিৰাপত্তাৰ সুবিধা

ইয়াৰ অধীনত, দুজন ব্যক্তিগত নিৰাপত্তা বিষয়াৰ প্ৰস্তাৱ দিয়া হয়। যিসকলে নিৰাপত্তাৰ দায়িত্ব পালন কৰে তেওঁলোকৰ ভিতৰত আছে এনএছজি কমাণ্ডো আৰু অন্যান্য সংস্থাৰ সৈতে জড়িত সৈনিক আৰু বিষয়াসকল। যদি Y কেটেগৰীৰৰ নিৰাপত্তা আছিল, তেন্তে উচ্চ প্ৰশিক্ষিত কমাণ্ডোসকলৰ এই শ্বুটাৰসকলক সেই ঠাইতে এনকাউণ্টাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া নহ’ল। ইয়াৰ লগতে যিসকে Y কেটেগৰীৰৰ নিৰাপত্তা লাভ কৰে তেওঁলোকৰ ওচৰলৈ সুৰক্ষাকৰ্মীয়ে সাধাৰণ লোকক যাবলৈ নিদিয়ে।

লৰেন্স বিষ্ণোই গেঙৰ সৈতে সংযোগ

বাবাৰ হত্যা সন্দৰ্ভত লৰেন্স বিষ্ণোই দলৰ সম্পৰ্কৰ তথ্য পোহলৈ আহিছে। কিয়নো যেতিয়া বাবাক গুলীয়াই হত্যা কৰা শ্বুটাৰসকলক সোধা-পোছা কৰা হৈছিল। তেওঁলোকে লৰেন্স বিষ্ণোইৰ সৈতে জড়িত বুলি দাবী কৰিছিল। বাবাক গুলীয়াই হত্যা কৰাৰ ঘটনাত তিনিজন শ্বুটাৰ জড়িত আছিল। যাৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ পাছত এই গোচৰত কাৰাগাৰত লৰেন্স বিষ্ণোইকো সোধা-পোছা কৰিবতদন্তকাৰী সংস্থাই।

 

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক
পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...
জীৱনলৈ বেয়া দিন আহিলে কি কি অশুভ সংকেতে দেখা দিয়ে?