লাখ লাখ চাকিৰ পোহৰেৰে আলোকিত হৈ উঠিল ৰাম নগৰী অযোধ্যা, গঢ়িলে বিশ্ব ৰেকৰ্ড

এই উৎসৱৰ সাক্ষী হ’বলৈ ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা সহস্ৰাধিক ভক্ত অযোধ্যাত সমবেত হৈছে। ২০১৭ চনৰ পৰা অযোধ্যাত আৰম্ভ হোৱা এই দীপোৎসৱে এতিয়া বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰিছে।

লাখ লাখ চাকিৰ পোহৰেৰে আলোকিত হৈ উঠিল ৰাম নগৰী অযোধ্যা, গঢ়িলে বিশ্ব ৰেকৰ্ড

অযোধ্যাত অভূতপূৰ্ব পৰিৱেশ

Updated On: 

19 Oct 2025 21:19 PM

কাইলৈ পোহৰৰ উৎসৱ দেৱালী এই উৎসৱৰ আনন্দই স্পৰ্শ কৰিছে সমগ্ৰ দেশবাসীক ইফালে দেৱালীৰ বাবে আজি ভগৱান ৰামৰ নগৰী অযোধ্যা আটকধুনীয়াকৈ সজাই তোলা হৈছে। অযোধ্যাত উদযাপন কৰা হৈছে নৱম দীপোৎসৱ এই উদ্দেশ্যে ৰাম কি পেড়ীৰ লগতে সৰযু নদীৰ পাৰৰ ৫৬টা ঘাটত ২৮ লাখৰো অধিক চাকি প্ৰজ্বলন কৰা হৈছে এইদৰে প্ৰতিবাৰৰ দীপোৎসৱৰ দৰে এইবাৰো এই মহোৎসৱে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে

ইতিপূৰ্বে ২,৬১১,১০১ গচি বন্তি প্ৰজ্বলনেৰে এই অভিলেখ গঢ়া হৈছিল এইবাৰ ২৮ লাখতকৈ অধিক চাকিৰে পূৰ্বৰ অভিলেখ ভংগ কৰা হয়এই অভিলেখৰ তথ্য নথিভুক্ত কৰাৰ উদ্দেশ্যে অযোধ্যাত উপস্থিত আছিল গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ দল। এই বিশেষ ক্ষণৰ পূৰ্বেই অযোধ্যাত উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

তেওঁ ৰামকথা পাৰ্ক হেলিপেডত পুষ্পক বিমানৰ দৰে হেলিকপ্টাৰৰ পৰা ৰাম, লক্ষ্মণ, সীতা, হনুমানৰ ছবিক আদৰণি জনায়। উল্লেখ্য যে বিগত কেইবামাহো ধৰি অযোধ্যা দীপোৎসৱৰ বাবে হাজাৰ হাজাৰ স্বেচ্ছাসেৱকে প্ৰস্তুতি চলাইছিল। এই শুভ অনুষ্ঠানত ৰাম কি পেড়ীকে ধৰি সৰজু নদীৰ ৫৬টা ঘাটত সন্ধিয়াৰ ভিতৰত ২৮ লাখৰো অধিক চাকি সজাই তোলা হয়।

তাৰ পিছত লাহে লাহে সকলো চাকি একেলগে জ্বলাই দিয়া হ’ল। অৱধ বিশ্ববিদ্যালয় আৰু স্বেচ্ছাসেৱী সংগঠনৰ ৩৩ হাজাৰ স্বেচ্ছাসেৱকে এই কাম সম্পূৰ্ণ কৰে। এই উৎসৱৰ সাক্ষী হ’বলৈ ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা সহস্ৰাধিক ভক্ত অযোধ্যাত সমবেত হৈছে। ২০১৭ চনৰ পৰা অযোধ্যাত আৰম্ভ হোৱা এই দীপোৎসৱে এতিয়া বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰিছে

 

২৮ লক্ষাধিক বন্তি প্ৰজ্বলনৰ সমান্তৰালকৈ অযোধ্যাৰ সকলো স্থান আটকধুনীয়াকৈ সজাই তোলা হৈছে, অংকন কৰা হৈছে ৰংগোলীছোটী দীপাৱলীৰ এই বিশেষ ক্ষণত ভগৱান ৰাম নিজৰ জন্মস্থান অযোধ্যালৈ উভতি অহাৰ দৰে অনুভৱ হোৱা বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। পোহৰৰ এই উৎসৱৰ বাবে আজি অযোধ্যা নগৰী আনন্দৰে ভৰি পৰিছে।

এই অসাধাৰণ দৃশ্য প্ৰত্যক্ষ কৰি অযোধ্যাৰ লগতে সমগ্ৰ স্থানতে সমস্বৰে যেন মাত্ৰ জয় শ্ৰী ৰামধ্বনি উচ্চাৰণ কৰিছে। অযোধ্যাৰ ৰামকথা উদ্যানৰ মঞ্চত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্ৰীৰামৰ ৰাজ অভিষেক অনুষ্ঠান সম্পন্ন কৰে। ৰাজ অভিষেক অনুষ্ঠানৰ সময়ত ৰামকথা পাৰ্কত প্ৰতিধ্বনিত হয় জয় শ্ৰী ৰাম ধ্বনি।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্ৰীৰাম, লক্ষ্মণ, ভাৰত, শত্ৰুঘ্ন আৰু গুৰু বশিষ্ঠক মাল্যাপন কৰি আৰতি কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্ৰী ৰাম জন্মভূমি মন্দিৰত ৰাম লাল্লাৰ দৰ্শন কৰে।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী