অযোধ্যা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

অযোধ্যা ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান। বুধবাৰে লক্ষ্ণৌৰ SGPGI(Sanjay Gandhi Post Graduate Institute of Medical Sciences) ত শেষ নিশ্বাস ত্যাগ কৰে সত্যেন্দ্ৰ দাসে।

অযোধ্যা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

অযোধ্যা ৰাম মন্দিৰৰ মুখ্য পুৰোহিতৰ দেহাৱসান

Published: 

12 Feb 2025 | 02:19 PM

৮৫ বছৰ বযসত অযোধ্যা ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান। বুধবাৰে লক্ষ্ণৌৰ SGPGI(Sanjay Gandhi Post Graduate Institute of Medical Sciences) ত শেষ নিশ্বাস ত্যাগ কৰে সত্যেন্দ্ৰ দাসে। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। বৃহস্পতিবাৰে সৰ্যু নদীৰ পাৰত তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব।

যোৱা ২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতজনৰ মগজুৰ ষ্ট্ৰোক হৈছিল। লগে লগে তেওঁক অযোধ্যাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছত সংকটজনক অৱস্থাত তেওঁক এছজিপিজিআইলৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ধীনঅৱস্থাত ইহলীলা সম্বৰণ কৰে ৰাম মণ্ডিৰ মুখ্য পূজাৰীগৰাকীয়ে ।

ইফালে আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে  পুৰোহিত সত্যেন্দ্ৰ দাসৰ মৃত্যুত শোক প্ৰকাশ কৰে। ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ মৃত্যুক তেওঁ ‘অপুৰণীয় ক্ষতি’ বুলি অভিহিত কৰে।

সত্যেন্দ্ৰ দাসে মাত্ৰ ২০ বছৰ বয়সতে আধ্যাত্মিক জীৱন আৰম্ভ কৰিছিল । ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস হোৱাৰ আগতেই তেওঁ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত হিচাপে আটাইতকৈ বেছি দিন কাৰ্যনিৰ্বাহ কৰিছিল সত্যেন্দ্ৰ দাসে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...