ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে, আহত এজন

এক ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাণ হেৰুৱাই ৪ জনলোকে লগতে আহত হয় এজন। মৃত্যু হোৱা আটাইকেইজন একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে, আহত এজন

প্ৰতিনিধিত্বমূলক ছবি

Published: 

18 Feb 2025 | 03:11 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰ ৪জনলোকে, লগতে আহত হয় ১ জন। জানিব পৰা মতে,বালি ভৰ্তি এখন ডাম্পাৰে বাইক আৰোহীক খুন্দা মাৰে। যাৰ ফলত একেটা পৰিয়ালৰ ৪ জনৰ থিতাতে মৃত্যু হয়। লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক ইতিমধ্যে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। তেওঁক চিকিৎসাৰ বাবে ৰেৱাৰ সঞ্জয় গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ চোৰহাটা থানা এলেকাৰ অন্তৰ্গত বাংকুইয়ানৰ মাৰহা পথৰ সমীপত।

এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এখন বাইকেৰে ৫জনলোকে গৈ আছিল। সেই একে সময়তে বাংকুইয়ানৰ মাৰহা পথৰ সমীপত আহি থকা বালি ভৰ্তি এখন ডাম্পাৰে বাইকত খুন্দা মাৰে। যাৰ ফলত থিতাতে একেটা পৰিয়ালৰ ৪ জনলোকৰ মৃত্যু হয় আৰু এজন আহত হয়। এই ঘটনাত ক্ষুব্ধ হৈ পৰিয়ালৰ আত্মীয় লোকে পথ অৱৰোধ কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি নিহত কেইজন জেৰুকাৰ নিবাসী শিৱ বাহাদুৰ সাকেট, আশীষ সাকেট, সাগৰ সাকেট আৰু আছিক সাকেট বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে,এই ঘটনাত ৪ জন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন যুৱক আহত হয়। তেওঁ বৰ্তমান সঞ্জয় গান্ধী স্মৃতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃতসকলৰ আত্মীয়ই অভিযোগ উত্থাপন কৰিছে যে, অবৈধ খননৰ বাবে ৰাস্তাত ডাম্পাৰ তীব্ৰ বেগেৰে চলি থাকে, যাৰ বাবে এনে ঘটনাসমূহ সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী-প্ৰশাসন উপস্থিত হৈ স্থানীয় ৰাইজক বুজাবলৈ চেষ্টা কৰে যদিও ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ডাম্পাৰ চালকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৰাইজে। আনহাতে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে,  দেশত প্ৰতিদিনেই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এনে পথ দুৰ্ঘটনাসমূহ ৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছে যদিও সেয়া এতিয়ালৈকে ৰোধ হোৱা নাই। চালকৰ ভুল,  বেয়া পথ হওক বা আন কাৰণত, নিতৌ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব