গৈ আছিল আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত! বাহনৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, থিতাতে নিহত একেটা পৰিয়ালৰ ৭জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৭ জনকৈ লোক। জানিব পৰা মতে, অনিয়ন্ত্ৰিত গতিত ডাম্পাৰ এখন আহি এখন বাহনৰ ওপৰত বাগৰি পৰে। যাৰ ফলত এই ঘটনা সংঘটিত হৈছে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গৈ আছিল আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত! বাহনৰ ওপৰত বাগৰি পৰিল ডাম্পাৰ, থিতাতে নিহত একেটা পৰিয়ালৰ ৭জন...

ঘটনাস্থলী

Updated On: 

28 Nov 2025 14:18 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। শুকুৰবাৰ (২৮ নৱেম্বৰ)য়ে পুৱা তীব্ৰবেগী ডাম্পাৰ এখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহনৰ ওপৰত বাগৰি পৰে। যাৰ ফলত ঘটনাস্থলীত এটা পৰিয়ালৰ ৭ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ডাম্পাৰৰ তলত সোমাই যায় আৰু সম্পূৰ্ণ নষ্ট হৈ যায়। যাৰ বাবে মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ যথেষ্ঠ কষ্ট কৰিবলগীয়া হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ছাহৰানপুৰৰ গগালহেৰী থানা এলেকাৰ এটা অঞ্চলত।

এই দুৰ্ঘটনাত ছৈয়দ মাজৰাৰ পৰা অহা একেটা পৰিয়ালৰে এটি শিশুসহ ৭ জন সদস্যৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, এই পৰিয়ালটোৰ এজন আত্মীয়ৰ মৃত্যু হৈছিল। সেই উপলক্ষে সমগ্ৰ পৰিয়ালটো আত্মীয়ৰ অন্ত্যোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ যাত্ৰা কৰিছিল। কিন্তু সেই সময়তে পৰিয়াটো দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু থিতাতে মৃত্যুক সাৱতি লয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ইফালে ঘটনাৰ ফলত উত্তেজিত হৈ স্থানীয় ৰাইজ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। যাক লৈ অঞ্চলটোত তীব্ৰ যাট-জঁটৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জেচিবি আৰু ক্ৰেন ব্যৱহাৰ কৰি ডাম্পাৰ আঁতৰাই মৃতদেহসমূহ গাড়ীৰ ভিতৰৰ উলিয়াই আনে। এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ২৪ বছৰীয়া সন্দীপ, তেওঁৰ ২৭ বছৰীয়া ভগ্নী জলী দেৱী, ২৮ বছৰীয়া ভায়েক শেখৰ কুমাৰ, সন্দীপৰ মাতৃ ৰাণী দেৱী, তেওঁৰ পেহীয়েকৰ ২০ বছৰীয়া পুত্ৰ বিপিন আৰু ২৭ বছৰীয়া ৰাজু ছাইনী। ইয়াৰ লগতে আছে এটি শিশু। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ ৬বছৰীয়া শিশুক মাতি নিলে হাবিলৈ, পাছত জঘন্য কাণ্ড! অভিযুক্ত ছলমানক আৰক্ষীৰ এনকাউন্টাৰ…

ভৰি ওপৰা-উপৰিকৈ দি বহিলে হ’ব পাৰে এনে ৬টা চিন্তনীয় সমস্যা, এতিয়াই জানি লওক
পৃথিৱীৰ সবাতোকৈ শক্তিশালী মন্ত্ৰ কি? যিয়ে নাইকীয়া কৰিব পাৰে সকলো সমস্যা..
যকৃতত সংক্ৰমণ হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ...
গা ধোৱাৰ সময়ত প্ৰস্ৰাৱ কৰিলে হ’ব পাৰে নেকি দেহৰ বিপদ? চাওক পূৰ্বে নজনা এই প্ৰশ্নৰ উত্তৰ
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...